Logo
image

ফেচবুক গণতন্ত্ৰৰ বাবে অতি বিপজ্জনক

আমাৰ অসম, ১১ অক্টোবৰঃ শান্তিৰ নোবেল লাভ কৰাৰ পিছদিনাই ফেচবুক গণতন্ত্ৰৰ বাবে বিপজ্জনক বুলি বিস্ফোৰক মন্তব্য কৰি ফিলিপিন্সৰ সাংবাদিক মাৰিয়া ৰেছাই বিশ্বজুৰি কঁপনি তুলিছে৷ বাক স্বাধীনতাৰ হকে দীৰ্ঘদিনৰ পৰা একেৰাহে সাংবাদিকতা কৰি বিশ্বখ্যাত হোৱা ফিলিপিন্সৰ মহিলা সাংবাদিক মাৰিয়া ৰেছাই কয় যে বিশ্বৰ সৰ্ববৃহৎ সামাজিক মাধ্যম ফেচবুকে ঘৃণা, ভুৱা তথ্য প্ৰচাৰ হোৱাটো ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ তদুপৰি ফেচবুক বহু সময়ত নিৰপেক্ষ নহয় বুলি তেওঁ মন্তব্য কৰিছে৷ ফিলিপিন্সৰ এক সংবাদ সংস্থাৰ মুৰব্বী এই প্ৰবীণ সাংবাদিকগৰাকীয়ে শান্তিৰ নোবেল পোৱাৰ পাছতে এটা সাক্ষাৎকাৰত কয়– ‘ফেচবুকত সকলো সময়তে প্ৰাধান্য লাভ কৰে মিছা খবৰ, ক্ষোভ আৰু ঘৃণাৰে পৰিপূৰ্ণ সংবাদ৷ বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ খবৰ সৰবৰাহকাৰী সামাজিক মাধ্যম হৈছে ফেচবুক৷ কিন্তু প্ৰায়ে দেখা যায় ফেচবুকত প্ৰকাশিত অধিকাংশ খবৰেই পক্ষপাতমূলক৷ ফেচবুকত তথ্যক লৈ পক্ষপাতিত্ব কৰা হয়৷ আনকি সাংবাদিকতাক লৈয়ো পক্ষপাতিত্বমূলক বাতৰি প্ৰকাশ হয়৷ ফেচবুকৰ জৰিয়তে কোনো ব্যক্তি বা সংগঠনে উদ্দেশ্যপ্ৰণোদিতভাৱে ঘৃণা মিহলি সংবাদ বা তথ্য প্ৰকাশ কৰে৷ ভুৱা তথ্যৰ পয়োভৰ ঘটে ফেচবুকত৷ এনে মিছা আৰু ঘৃণামিশ্ৰিত কথা বহু সময়ত সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য ফেচবুকত প্ৰকাশিত হৈ থাকিলেও সেয়া বিশ্বৰ সৰ্ববৃহৎ সামাজিক মাধ্যমটোৰ কতৃৰ্পক্ষই বন্ধ কৰিব নোৱাৰে৷ এনে কাৰ্যকলাপে গণতন্ত্ৰত পোনপটীয়াকৈ আঘাত হানে৷ তেনে অনেক ঘটনা আমাৰ চকুৰ সন্মুখত ঘটি আছে৷ এবাৰ ফেচবুকৰ জৰিয়তে প্ৰকাশিত হৈ গ’লে তেনে মিথ্যা অথবা ঘৃণা মিহলি খবৰ চৌদিশে বিয়পি পৰে৷  এই খবৰে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু সমাজৰ যি ক্ষতি কৰে সেয়া কেতিয়াও ফেচবুক কতৃৰ্পক্ষই ৰোধ কৰিব নোৱাৰে৷ তেওঁলোকে তেনেধৰণৰ প্ৰতিক্ৰিয়াশীল খবৰ ৰোধ কৰাৰ প্ৰচেষ্টা লোৱা দেখা নাই৷ ফলত গণতন্ত্ৰ আৰু সমাজৰ প্ৰভূত ক্ষতিসাধন হৈছে৷ সাংবাদিকতাৰ ক্ষেত্ৰত কোৱা হয়, যদিহে তোমাৰ হাতত সঠিক তথ্য নাথাকে, তেন্তে তোমাৰ ওচৰত সত্য খবৰটো নাই৷  সেই খবৰ প্ৰকাশৰ পৰা বিৰত থাকিব লাগে৷ কিন্তু ফেচবুকত তেনেধৰণৰ কোনো কতৃৰ্ত্বশীল ব্যক্তি বা ব্যৱস্থা নাই যি মূলসূঁতিৰ সংবাদ মাধ্যমত মিথ্যাচাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত কতৃৰ্ত্বশীল নেতৃত্বৰ ভূমিকা লয়৷ মূলসঁূতিৰ সংবাদ মাধ্যমত যি নেতৃত্ব লয় তেওঁ সকলো চালি-জাৰি চাই প্ৰকাশ কৰে৷ ফেচবুক ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ যিহেতু সকলোৱে লিখো বুলি ভাবিলেই ফেচবুকত লিখি দিব পাৰে সেয়ে তেনে তথ্য লগে লগে  প্ৰচাৰ হয়৷ সেয়ে মই ভাবো সত্য সংবাদ প্ৰকাশ কৰিব নোৱাৰা এনে সামাজিক মাধ্যম গণতন্ত্ৰৰ বাবে অতিশয় বিপজ্জনক৷’