Logo
image

‘সৰকাৰ’ৰ কেবিনেটত কোন কোন

আমাৰ অসম, ১৯ অক্টোবৰঃ বৰপেটা জিলাৰ বহৰিৰ কাঠ মাফিয়া গোবিন সৰকাৰৰ চিণ্ডিকেট সাম্প্ৰাজ্যৰ বহু বিস্ফোৰক তথ্য ‘আমাৰ অসম’ৰ অনুসন্ধানত পোহৰলৈ আহিছে৷ এই চিণ্ডিকেটৰ বাতৰি ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ পিছত চৰকাৰৰ ৰোষৰ পৰা হাত সাৰিবলৈ বিদেশলৈ পলাই যোৱাৰ যো-জা চলাই আছে কাঠ মাফিয়াজনে৷ বৰপেটা জিলাকে ধৰি নামনি অসমৰ যিবিলাক ব্যৱসায়ী আৰু কাঠৰ দোকানত গোবিন সৰকাৰে চোৰাংকৈ কাঠ যোগান ধৰে সেই দোকানৰ মালিকসকলক দুদিনৰ ভিতৰত অনাদায় ধন আদায় দিবলৈ হেচা দি আছে৷ উল্লেখ্য যে কাঠ মাফিয়াজনৰ এগৰাকী পত্নী অষ্ট্ৰেলিয়াত থাকে৷ তেখেত অষ্ট্ৰেলিয়াত চাকৰি কৰে৷ গোবিন সৰকাৰে অসমত কাঠৰ চিণ্ডিকেট চলাই আছে যদিও ইতিমধ্যে সংগোপনে অষ্ট্ৰেলিয়াৰ নাগৰিকত্বও গ্ৰহণ কৰিছে৷ সেয়ে ‘আমাৰ অসম’ত নিজৰ চিণ্ডিকেট চক্ৰৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে এতিয়া অষ্ট্ৰেলিয়ালৈ পলাই যোৱাৰ যো-জা চনাইছে গোবিন সৰকাৰে৷ উল্লেখ্য যে গোবিন সৰকাৰৰ কাঠৰ এই চিণ্ডিকেটত তেওঁ অকলে নাই৷ সৰকাৰৰ সৈতে দিলীপ সিং, ডেভিদ, নজৰুল আলী, ইদ্ৰিছ আলী আদিও এই চিণ্ডিকেটটোৰ সৈতে জড়িত আছে৷ এক কথাত ক’বলৈ গ’লে এই চাৰিজনে গোবিন সৰকাৰৰ অন্যতম সহযোগী৷ মেঘালয়ৰ পৰা অহা আণ্ডাৰলোড প্ৰতিখন ট্ৰাকৰ পৰা এই চিণ্ডিকেট চক্ৰটোৱে ৬০ হাজাৰ আৰু অভাৰ লোড ট্ৰাকৰ পৰা ১.৬০ লাখ টকা সংগ্ৰহ কৰি আছে৷ এই কাৰ্যত তেওঁলোকক বন বিভাগ আৰু আৰক্ষীৰ একাংশ বিষয়াই প্ৰত্যক্ষভাৱে সহায় কৰি আছে৷ গুৱাহাটীৰ এখন বিশেষ হোটেলৰ পৰাই গোবিন সৰকাৰ বাহিনীয়ে পৰিচালনা কৰি আছে কাঠৰ এই চিণ্ডিকেট৷ অসমত গোবিন সৰকাৰে চলাই থকা কাঠৰ চিণ্ডিকেট অনুৰূপভাৱে মেঘালয়ত চলাই আছে ডেডিভ নামৰ অন্য এজন কাঠ মাফিয়াই৷ চালান থাকে নন শাল আৰু পাইন কাঠৰ৷ কিন্তু গোবিন্দ সৰকাৰ বাহিনীয়ে অসমলৈ নি আছে শাল, চেগুন, গমাৰী, তিতাচাপ আদিৰ দৰে মূল্যবান কাঠ৷ এই চিণ্ডিকেট চক্ৰটোৱে ৰাজ্যৰ যিকোনো জিলালৈ অনায়াসে পাৰ কৰাব পাৰে চোৰাং কাঠৰ ট্ৰাক৷ আৰক্ষী আৰু বন বিভাগে আজি পৰ্যন্ত জব্দ কৰা নাই গোবিন্দ সৰকাৰ বাহিনীৰ এখনো ট্ৰাক৷ মেঘালয়ৰ ইষ্টান  উড ছাপ্লায়াৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এখনৰ নামত ভুৱা চালান আৰু টি পিৰ জৰিয়তে চিণ্ডিকেট চক্ৰটোৱে গুৱাহাটীৰ মাজেদিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ অনা নিয়া কৰে চোৰাং কাঠ৷ খানাপাৰা আৰু যোৰাবাটৰ বন বিভাগৰ বীট অফিচ আৰু তালাচী চকী উঠাই দিয়াৰ পিছত অধিক সুবিধা হয় এই চিণ্ডিকেট চক্ৰটোৰ৷ দিলীপ সিং, ডেভিদ, নজৰুল আলী আৰু ইদ্ৰিদ আলীৰ উপৰিও গোবিন সৰকাৰৰ এই চিণ্ডিকেট চক্ৰটোত সহযোগী হিচাপে আছে মহৰ আলী, হবিবুল্লা আলী, কচু সাহা, ৰুবুল হাজৰিকা আৰু জিন্নত আলী৷ দিছপুৰৰ নাকৰ তলে দিয়ে গোবিন সৰকাৰ বাহিনীয়ে কাঠৰ চিণ্ডিকেট চলাই থকাৰ পিছতো এই পৰ্যন্ত নিলিপ্ত আৰক্ষী আৰু বন বিভাগ৷