Logo
image

সৈনিক স্কুলত ক’ভিডৰ আক্ৰমণ

আমাৰ অসম,১৯ নৱেম্বৰঃ দীৰ্ঘদিন বিৰতিৰ অন্তত বিদ্যালয়সমূহ খোলাৰ পাছত ইয়াৰে কিছুসংখ্যক বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ দেখা দিছে৷ শেহতীয়াকৈ গোৱালপাৰা সৈনিক স্কুলত ক’ভিডৰ সংক্ৰমণ দেখা দিছে৷ ২৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈকে সৈনিক স্কুলৰ ২৭ জন ছাত্ৰ আৰু ২ জন শিক্ষক ক’ভিডত আক্ৰান্ত হৈছে৷ ১৫ নৱেম্বৰত সৰ্বাধিক ১৩জন ছাত্ৰ আৰু শিক্ষক আক্ৰান্ত হোৱাত ১৬ নৱেম্বৰৰ আবেলিৰ পৰা গোৱালপাৰা সৈনিক স্কুল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে৷ বিদ্যালয়খনত ২৭জন ছাত্ৰ আৰু ২ জন শিক্ষক আক্ৰান্ত হ’লেও ইয়াৰে ১৫ জন ছাত্ৰ আৰু এজন শিক্ষক সুস্থ হৈ উঠিছে৷ বাকী ১২ জন ছাত্ৰ আৰু এজন শিক্ষক এতিয়াও গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অৱস্থাত আছে৷ ইতিমধ্যে বিদ্যালয়খনত অফলাইন পাঠদান বন্ধ কৰি অনলাইন পাঠদান আৰম্ভ কৰিছে৷ ইফালে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বুধবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৪জন লোক আক্ৰান্ত হোৱাত ক’ভিড সজীৱ হৈ থকা লোকৰ সংখ্যা হৈছে ৫৪ জন৷ ইয়াৰে ৩৯ জন ইনষ্টিটিউচনেল আইছ’লেছনত থকাৰ বিপৰীতে ১৫ জন হোম আইছ’লেছনত আছে৷