Logo
image

সুৰা আছে, পানী নাই

অহা আঢ়ৈ বছৰলৈ খোৱাপানী পোৱাৰ আশা নাই মহানগৰবাসীৰ
আমাৰ অসম, ১৯নৱেম্বৰঃ ‘খোৱা পানীৰ বাবে পুনৰ আঢ়ৈ বছৰ ৰ’ব লাগিব গুৱাহাটীবাসীয়ে৷’– এই কথা সদৰি কৰিছে মহানগৰ উন্নয়ন দপ্তৰৰ অশোক সিংঘালে৷ বৃহস্পতিবাৰে মহানগৰীৰ বৰচলা বিলৰ পাৰত এখন প্ৰণায়ম উদ্যানৰ আধাৰশিলা স্থাপন কৰি খোৱাপানী সন্দৰ্ভত এক প্ৰকাৰৰ স্পষ্ট কৰিয়েই ক’লে–‘আঢ়ৈ বছৰৰ পূৰ্বে গুৱাহাটীবাসীৰ দূৰ নহয় খোৱাপানীৰ সমস্যা৷’ এই সন্দৰ্ভত মন্ত্ৰীৰ ভাষ্য এনেধৰণৰ– ‘জানি লওক খোৱা পানীৰ প্ৰকল্প অহা আঢ়ৈ বছৰৰ ভিতৰত গোটেই সম্পূৰ্ণ হ’ব৷ মাৰ্চ মাহৰ পাছত আংশিকভাৱে পানী দিয়া আমি আৰম্ভ কৰিম৷ গুৱাহাটীৰ খোৱা পানীৰ প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত ১৫ দিনৰ ভিতৰত বিশেষ সংবাদমেল পাতি ৰাইজক অৱগত কৰিম৷’ লক্ষণীয় যে গুৱাহাটী মহানগৰৰ বাবে খোৱা পানীৰ প্ৰকল্প হাতত লোৱা আজি প্ৰায় দহ বছৰ উকলিবৰে হ’ল৷ কিন্তু এতিয়াও  মহানগৰবাসীৰ ঘৰে ঘৰে পোৱাগৈ নাই এটুপি বিশুদ্ধ খোৱাপানী৷ মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে একক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহি আজি সাংবাদিকৰ প্ৰশ্নবানৰ সন্মুখীন হ’ল গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল৷ সাংবাদিকৰ সেই একেটাই প্ৰশ্ন– ‘জাইকা প্ৰকল্পৰ খোৱাপানীৰ কাম কেতিয়া শেষ হ’ব৷ মহানগৰবাসীয়ে খোৱাপানী কেতিয়াকৈ পাব৷’ মন্ত্ৰীৰো সেই একেটাই উত্তৰ৷ পুনৰ সাংবাদিকৰ প্ৰশ্ন এই বছৰতে খোৱাপানীৰ ব্যৱস্থা হ’বগৈনে বাৰু৷ মন্ত্ৰীৰ উত্তৰ– ‘খোৱা পানীৰ ওপৰত নৱেম্বৰৰ শেষ ভাগত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত এখন বিশেষ সংবাদমেল পাতি গোটেই প্ৰকল্পটোৰ ওপৰত আৰু কোনটো অঞ্চলত কেতিয়া পানী দিয়া হ’ব, সবিশেষ জনোৱা হ’ব৷’উল্লেখ্য, গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ কেশৱ ধামৰ গাতে লাগি থকা বৰচলাৰ পাৰত বৃহস্পতিবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে উন্মোচন কৰে এখন প্ৰাণায়ম উদ্যান৷ আৰু সেই আধাৰশিলা স্থাপনৰ কাৰ্যসূচীতে মন্ত্ৰীক সাংবাদিকে সুধিলে মহানগৰীৰ বিকল্প ৱাটাৰ এটিএমৰ কথা৷ মন্ত্ৰীৰ উত্তৰ– ‘মহানগৰীৰ বিকল্প ৱাটাৰ এটিএমৰ হ’ব ব্যক্তিগতকৰণ৷ ব্যক্তিগত খণ্ডই নিয়ন্ত্ৰণ কৰিব স্মাৰ্ট চিটীৰ ৱাটাৰ এটিনম৷ ৰ লাখটকীয়া ৱাটাৰ এটিএম স্মাৰ্ট চিটীৰ বাবে গ্ৰহণযোগ্য নহয়৷ ৱাটাৰ এটিএম এনজিঅ’ক দি দিছোঁ, তেখেতসকলে চলাব আৰু চৰকাৰক অলপ ৰাজহো দিব তাৰ পৰা৷ আমাৰ কোনো খৰচ নাই৷’ কেৱল এয়াই নহয় ২০২১ বৰ্ষৰ ভিতৰত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাও সম্পূৰ্ণৰূপে সমাধান নহয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী অশোক সিংঘালে৷ নতুন চৰকাৰখনে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল পুৰণি ব্যৱস্থা ভংগ কৰি এক নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ব আৰু সকলো আধৰুৱা কাম-কাজ সোনকালেই শেষ হ’ব৷ কিন্তু মহানগৰীৰ এটুপি বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ কথা এতিয়ালৈকেও ভালদৰে জ্ঞাত নহয় মন্ত্ৰী অশোক সিংঘাল৷ পূৰ্বে কৈছিল আগষ্ট মাহৰ ভিতৰত শেষ হ’ব খোৱাপানীৰ প্ৰকল্পৰ কাম৷ কিন্তু তাৰিখৰ পাছত তাৰিখ সলাই এতিয়া বাৰে বাৰে সাংবাদিকক ১৫ দিনৰ সময় বিচাৰিছে মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে৷ বৃহস্পতিবাৰৰ সভাতে মন্ত্ৰী অশোক সিংঘালে ক’লে জি এম চিৰ পুৰণি সামগ্ৰীসমূহ বিক্ৰী কৰিব লাগে৷ লক্ষণীয় যে গুৱাহাটী পৌৰ নিগমে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিব নোৱাৰিলেও প্ৰতি বছৰে গুৱাহাটীৰ লোকে ঘৰে প্ৰতি ৬২৪০ টকাকৈ পানীৰ কৰ ভৰি আহিবলগীয়া হৈছে৷ কৰৰ হিচাপত সংগ্ৰহ কৰা এই ধন ক’লৈ গ’ল বুলিও এতিয়া ৰাইজে প্ৰশ্ন কৰিছে৷