Logo
image

চেলেং চাদৰত ২০৯খন চিত্ৰ

আমাৰ অসম,১৯নৱেম্বৰঃবিজ্ঞান আৰু কলা পৃথক যদিও নগাঁৱৰ এগৰাকী বিজ্ঞানৰ ছাত্ৰীয়ে চেলেং চাদৰত দেশৰ ২৮খন ৰাজ্যৰ মেপ, প্ৰতীক চিহ্ন, ঐতিহ্যমণ্ডিত স্থান, মহাত্মা গান্ধী-শংকৰদেৱকে ধৰি বিভিন্ন চিত্ৰ একেলগে অংকন কৰি চৰ্চালৈ আহিছে৷ নগাঁও চহৰৰ পাশ্বৰ্ৱতী বিৰহ বেবেজীয়াৰ এই যুৱতী গৰাকীৰ নাম জ্যোতিকা দেৱী৷ জ্যোতিকাই নিজস্ব পৰিকল্পনাৰে এখন চেলেঙত অংকন কৰিছে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজৰ নিজৰ জাতীয় প্ৰতীক৷  পাঁচ ফুট বহল চাৰে ছয় ফুট দীঘল চেলেংখনত ২০৯টা চিত্ৰ একেলগে আছে৷ অংকিত ছবিবোৰৰ ভিতৰত আছে কামাখ্যা মন্দিৰ, যঁতৰত সূঁতা কাটি থকা মহাত্মা গান্ধী, শংকৰদেৱ, তাজমহল, ৰংঘৰ, ভাৰত মাতা কী জয়, ৰংঘৰ, বিভিন্ন ৰাজ্যত প্ৰতীকি চৰাই আদি৷ জ্যোতিকা দেৱী নগাওঁ জিলাৰ বিৰহ বেবেজীয়াৰ বিবি ভোলাৰাম নাথ আৰু বিবি দেৱীৰ কনিষ্ঠ কন্যা৷