Logo
image

মদৰ নিচা বাৰুকৈয়ে লাগিল চৰকাৰৰ গাত

আমাৰ অসম , ১৯ নৱেম্বৰঃ ‘সোণৰ অসম’ৰ হওক বা নহওক, অসম এতিয়া ‘সুৰাৰ অসম’ হোৱাৰ দিশে আগবাঢ়িছে৷ ৰাজ্য চৰকাৰে শীঘ্ৰে গুৱাহাটীকে ধৰি ১১খন জিলাত নতুনকৈ বিলাতী সুৰাৰ বিপণী অৰ্থাৎ ৱাইন শ্বপ খোলাৰ অনুমতি দিবলৈ ওলাইছে৷ ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে ইচ্ছুক ব্যৱসায়ীৰ পৰা আবেদন প্ৰ-পত্ৰ বিচাৰি জাননী জাৰি কৰিছে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৱাইন শ্বপ নতুন অনুজ্ঞাপত্ৰ বন্ধ কৰি ৰখাৰ পাছত এইবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে গলিয়ে-গলিয়ে বিলাতী সুৰাৰ বিপনী স্থাপনৰ বাবে লোৱা সিদ্ধান্তই ব্যাপক চৰ্চা লাভ কৰিছে৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে  বিগত ২৫ অক্টোবৰতে ই এক্স-১৪৫/২০১৭/৭৯ নম্বৰ নিৰ্দেশনাযোগে কামৰূপ মহানগৰ, কামৰূপ, শোণিতপুৰ, চৰাইদেউ, কাছাৰ, লখিমপুৰ, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী আৰু ধেমাজি জিলাৰ মুঠ ২০টা স্থানত ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, দেশৰ ভিতৰতে জনসংখ্যাৰ ভিত্তিত অসমত ৱাইন শ্বপৰ সংখ্যা অধিক৷ সেই হিচাপে ৰাজ্যত ‘বাৰ’ৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ চৰকাৰী তথ্য মতে, অসমত বৰ্তমান ৱাইন শ্বপৰ ৰ,২৩৪খন অনুজ্ঞাপত্ৰ আছে৷ ইয়াৰ বিপৰীতে বাৰ আছে ৯৯৬খন৷ বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যত নতুনকৈ ৩৬০ খন  ‘বাৰ’ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ অৱশ্যে সত্ৰ নগৰী মাজুলীত কোনো বাৰ বা ৱাইন শ্বপৰ অনুমতি এতিয়ালৈ প্ৰদান কৰা নাই বিভাগে৷ আনহাতে বিলাতী সুৰাৰ বিপৰীতে বিগত কেইটামান বছৰতে দেশীয় সুৰাৰ বটলিং প্লাণ্টৰ লগতে দেশীয় সুৰাৰ বিপণীৰো অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ শেহতীয়াকৈ আবকাৰী বিভাগে অধিকসংখ্যক দেশীয় সুৰাৰ বিপণীৰ লগতে বিদেশী সুৰাৰ বিপণী খোলাৰ বাবে সাজু হৈছে৷  তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ৱাইন শ্বপৰ ক্ষেত্ৰত বিগত প্ৰায় ২০ বছৰ ধৰি নতুনকৈ বিপণী খোলাৰ অনুমতি দিয়া হোৱা নাছিল৷ আনকি সোণোৱাল চৰকাৰৰ কাৰ্যালয়ত ৱাইন শ্বপৰ স্থান স্থানান্তৰ প্ৰক্ৰিয়াও বন্ধ কৰি দিয়া হৈছিল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন অগপ চৰকাৰে এল অ’ চি কেলেংকাৰি, গুপ্তহত্যাৰ লগতে চহৰ-নগৰৰ অলিয়ে-গলিয়ে ৱাইন শ্বপ খোলাৰ নীতিয়ে কাললৈ কুখ্যাতি ৰাখি থৈ গৈছে৷ বহুতৰ মতে অসমৰ উঠি অহা নতুন প্ৰজন্মটোক সুৰাপায়ী কৰি পংগুত্ব কৰাৰ প্ৰথমটো প্ৰদক্ষেপ আছিল প্ৰফুল্ল মহন্তৰ ৱাইন শ্বপ’ খোলাৰ নীতি৷ তেনে কলংকৰ আশংকাতে পৰৱৰ্তী কংগ্ৰেছ চৰকাৰে ১৫ বছৰীয়া কাৰ্যকালত নতুনকৈ এখনো ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা নাছিল৷ কিয়নো ইতিমধ্যে জনসংখ্যাৰ ঘনত্ব অনুপাতে ৰাজ্যত ৱাইন শ্বপৰ সংখ্যাই অভিলেখ অৰ্জন কৰিছে৷ আনকি গুৱাহাটীত কিতাপৰ বিপণীতকৈ সুৰাৰ বিপণী বেছি বুলিও বিভিন্ন জনে সমালোচনা কৰাও দেখা গৈছে৷ তেনে প্ৰেক্ষাপটত হঠাতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এই জনবিৰোধী সিদ্ধান্ত কিয় ল’লে বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে যুৱ-প্ৰজন্মক মদ খোৱাৰ বাবে উৎসাহিত কৰি ৱাইন শ্বপৰ সংখ্যা বৃদ্ধি কৰাৰ আঁৰত আছে কেইবাটাও কাৰণ৷ কিয়নো সুৰাই এতিয়া চৰকাৰৰ ৰাজ ভঁৰাললৈ আনিছে বিপুল পৰিমাণৰ ৰাজহ৷ অসমীয়াই টেটুলৈকে বিলাতী সুৰা পান কৰি চহকী কৰিছে চৰকাৰৰ ৰাজকোষ৷ আনকি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ জৰীপত ইতিপূৰ্বে অসমীয়া মহিলাই দেশৰ ভিতৰতে অধিক মদ খোৱাৰ অবাঞ্চিত অভিলেখৰ তথ্যও উন্মোচন হৈছে৷ আনকি চৰকাৰী বৰমূৰীয়াসকলে আবকাৰী ৰাজহেহে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰিছে বুলি স্বীকাৰো কৰিছে৷ কথিত ভাষাত বিভিন্নজনে মদাহীয়ে চৰকাৰৰ উন্নয়নমূলক কাম-কাজ চলোৱাৰ বুলিও সমালোচনা কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ সদস্যসমাপ্ত দীপাৱলীৰ দুটা নিশাতে অসমত বিক্ৰী হৈছে ৫ কোটি টকাতকৈ অধিক সুৰা৷ পোহৰৰ উৎসৱৰ নামত কেৱল গুৱাহাটীতে প্ৰায় ৪ কোটি টকাৰ মদ বিক্ৰী হৈছে৷ আবকাৰী বিভাগৰ তথ্য মতে ২০১৯-২০ বিত্তীয় বৰ্ষত সুৰা বিক্ৰীৰে ৰাজ্যত অভিলেখ সংখ্যক ৰ,৭০০ কোটি টকা ৰাজহ আহৰণ কৰিবলৈ সক্ষম হৈছে৷ আনকি ক’ভিড লকডাউনৰ বাবে ৩ মাহ ধৰি সুৰা বিপণী বন্ধ হৈ থকাৰ পাছতো ২০২০ বৰ্ষত পূৰ্বৰ বষৰ ৰাজহতকৈ ১৮ শতাংশ অধিক ৰাজহ সংগ্ৰহ কৰিছে৷ এই পৰিসংখ্যাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্য চৰকাৰৰ আয়ৰ অন্যতম উৎস হৈছে সুৰা অৰ্থাৎ আবকাৰী  ৰাজহ৷ বিশেষকৈ মহামাৰী আৰম্ভ হোৱাৰ পাছত চৰকাৰৰ বিভিন্ন বিভাগৰ খামখেয়ালিৰ বাবেই ৰাজ্যৰ কল-কাৰখানা তথা উদ্যোগিক ক্ষেত্ৰখনত বিনিয়োগ দ্ৰুতভাৱে হ্ৰাস পাইছে৷ জি এছ টিৰ ৰাজহ সংগ্ৰহো কমি আহিছে৷ উদ্যোগসমূহত উৎপাদন হ্ৰাস পাইছে৷ এনে পৰিস্থিতিত আবকাৰী বিভাগৰ বাহিৰে আন দ৫১১ পৰা কোনো উল্লেখনীয় কৰ সংগ্ৰহ সম্ভৱ হোৱা নাই৷ যাৰ বাবে চৰকাৰে চলিত বৰ্ষত আবকাৰী ৰাজহৰ  সংখ্যা ৩,৩০০ কোটি টকালৈ বৃদ্ধিৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ পূৰ্বতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত পৰিবহণ, বন, বিক্ৰী কৰ আদি প্ৰথম শাৰীত আছিল যদিও এতিয়া আবকাৰী ৰাজহৰ তুলনাত তেনেই নগণ্য৷  এনে ৰাজহ সংগ্ৰহ প্ৰায় শূন্য হোৱাৰ ফলত নতুন চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ জোৰা-টাপলি মাৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ ইপিনে, পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত জি এছ টিৰ ক্ষতি পূৰণো বন্ধ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ তেনেস্থলত অসমত উঠি অহা প্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ  ঠেলি গাঁও-চহৰৰ গলিয়ে গলিয়ে ৱাইন শ্বপ খুলি ৰাজহ সংগ্ৰহ কৰাৰ বাহিৰে চৰকাৰৰ বিকল্প নোহোৱা হৈ পৰিছে৷ অৱশ্যে আবকাৰী বিভাগে যি সমূহ অঞ্চলত ৱাইন শ্বপ নাই আৰু গ্ৰাহকে সুৰা বিচাৰি হাবাথুৰি খাব লগা হয় তেনে অঞ্চলতহে ৱাইন শ্বপৰ অনুমতি প্ৰদান কৰা বুলি যুক্তি দাঙি ধৰিছে৷ অৰ্থাৎ বিভাগৰ এই যুক্তিত স্পষ্ট হৈছে যে– এতিয়া পূৰ্বতে মদ নোপোৱা স্থানতো উভৈনদী হ’ব বিলাতী সুৰা৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ৰাজকোষ চহকী কৰি বিলাতী সুৰাৰ ৰঙীন নিচাত মচগুল হ’ব পৰা ১১ জিলাৰ ৱাইন শ্বপৰ অনুমোদিত এলেকা কেইটা হৈছে–গুৱাহাটীৰ আমচিং যোৰাবাট, কামৰূপৰ বকো, শোণিতপুৰৰ ঠেলামৰা, মিছামাৰী আৰু চাৰিদুৱাৰ, চৰাইদেউৰ কানুবাৰী, কাছাৰৰ ধলাই আৰু সোণাই, লখিমপুৰৰ বান্দৰদেৱা, ওদালগুৰিৰ ভৈৰৱকুণ্ড, কৰিমগঞ্জৰ ফকোৱা বজাৰ ৰাকেশ নগৰ, হাইলাকান্দিৰ জানকী বজাৰ আৰু লালচেৰা, ধুবুৰীৰ গোলকগঞ্জ, চাপৰ আৰু আগমনি, ধেমাজিৰ ডিমু, চিমেন চাপৰি আৰু চিচিবৰগাঁও৷