Logo
image

কৃষ্ণ নহয়, মাজুলীৰ ৰাসত মূল আকৰ্ষণ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

আমাৰ অসম, ১৯নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰাসৰ এইবাৰৰ মূল আকৰ্ষণ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাহে, কৃষ্ণ নহয়৷ বিগত প্ত বছৰে সৰ্বানন্দ সোণোৱালৰ দখলত থকা মাজুলীত আজি পুৱাই সদলবলে উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ সমগ্ৰ মাজুলী ৰাসক লৈ ব্যস্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী ড॰ শৰ্মা মাজুলীত উপস্থিত হৈ মাৰাথন কাৰ্যসূচীত অংশ লয়৷ মাজুলীত উপস্থিত হোৱাৰ পাছতে বিৰামহীনভাৱে ইটোৰ পিছত সিটো ৰ্কাসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ ৰাস উপলক্ষে আশীৰ্বাদ ল’বলৈ ভ্ৰমণ কৰে আউনীআটি সত্ৰ, গড়মূৰ সত্ৰ, সৰুসত্ৰত৷ সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সেৱা লোৱাৰ লগতে সত্ৰাধিকাৰসকলৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ উপৰি তেওঁ মাজুলী জিলা বিজেপি আৰু সন্মিলিত গণ শক্তিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ সৈতে গড়মূৰ মিনি ষ্টেডিয়ামত মত বিনিময় অনুষ্ঠানত অংশ লয়৷ মাজুলী জিলা অগপৰ গড়মূৰস্থিত মুখ্য কাৰ্যালয়ত জিলা অগপৰ বিষয়ববীয়াসকলৰ সৈতেও সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে৷ মাজুলীত নিৰ্মাণকাৰ্যচলি থকা গাৰ্লছ পলিটেকনিক প্ৰতিষ্ঠানৰ চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ স্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷ মাজুলীৰ ফুলনিত আয়ুস চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে৷  ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰত সহযোগিতা আগবঢ়োৱা ৫০জন লোকক মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২৫ হাজাৰ টকাকৈ কৃতজ্ঞতা আৰু সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে আজি মাজুলী জিলাৰ ৰাস উদ্‌যাপন সমিতিসমূহকো আৰ্থিক সাহায্যও প্ৰদান কৰে৷ এই উপলক্ষে মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্ৰীয়ে ৫৯ খন ৰাস সমিতিলৈ ৫০ হাজাৰ টকাকৈ সাহায্য বিতৰণ কৰে৷ মুখ্যমন্ত্ৰীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে৷ তেওঁ লুইত ঘাটত খহনীয়া প্ৰতিৰোধৰ কাম-কাজৰো বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত মাজুলী জিলা চিকিৎসালয়ত প্ত খন বিছনাযুক্ত আই চি ইউ কক্ষ এটাৰ শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগতে হাস্পতালখনৰ বিনামূলীয়া ডায়েলেছিচ কেন্দ্ৰটো পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে সংহত কাৰ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে  আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়৷ অহা বছৰৰ পৰা শিক্ষাদান কৰিব পৰাকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ নিৰ্দেশ দিয়ে৷ আজিৰ এই অনুষ্ঠান আৰু পৰিদৰ্শন কালত শক্তি, পৰ্যটন, ক্ৰীড়া বিভাগৰ মন্ত্ৰী বিমল বৰা, জলসম্পদ, জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সমগ্ৰ দিনটো এনেদৰে ইটোৰ পিছত সিটোকৈ কাৰ্যসূচীত ব্যস্ত থাকি মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰাৰ ফলত সমগ্ৰ মাজুলী ড॰ হিমন্ত বিশ্ব শৰ্মাময় হৈ পৰে৷ ৰাসৰো মূল কেন্দ্ৰবিন্দু যেন মুখ্যমন্ত্ৰীহে হৈ পৰে এইবাৰ মাজুলীত৷ মুখ্যমন্ত্ৰীক লৈ পুৱাৰে পৰা ব্যস্ত হৈ পৰে মাজুলীবাসী, ৰাস উদ্‌যাপন সমিতি, প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ মাজুলীকেন্দ্ৰিক এই তৎপৰতাই ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷