Logo
image

‘হিট’ হ’বনে কংগ্ৰেছৰ নাটক

আমাৰ অসম, ১৯নৱেম্বৰঃ বিধানসভাৰ নিৰ্বাচন-উপনিৰ্বাচন সকলোতে অভাৱনীয় বিপৰ্যয়ৰ সন্মুখীন হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ দৃষ্টিত এতিয়া মূল সমস্যা যেন অভিনেত্ৰী কংগনা ৰাণাৱটহে৷ পেট্ৰ’ল, ডিজেল,ৰন্ধন গেছ, ঔষধ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়৷ আনকি ইজনৰ পাছত সিজন বিধায়ক-জ্যেষ্ঠ নেতা দলৰ পৰা আঁতৰি গৈছে৷ বহুতে দল এৰি যাবলৈ সাজু হৈছে৷ সেয়াও যেন প্ৰদেশ কংগ্ৰেছৰ বাবে বিশেষ গুৰুত্ব দিবলগীয়া বিষয় নহয়৷ প্ৰদেশ কংগ্ৰেছৰ কাৰণে মূল চিন্তাৰ বিষয় হৈ পৰিছে কংগনা ৰাণাৱতহে৷ যাৰ বাবে দল বা ৰাইজৰ সকলো সমস্যা কাটি কৰি প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দল এটা বৃহস্পতিবাৰে উপস্থিত হয় দিছপুৰ থানাত৷ দিছপুৰ থানাত অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছে৷ কেৱল এজাহাৰ দাখিলেই নহয়, অভিনেত্ৰীগৰাকীক মোদী চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী সন্মানো ওভতাই ল’বলৈ দাবী জনাইছে এজাহাৰকাৰী প্ৰদেশ কংগ্ৰেছে৷ উল্লেখ্য, ২০১৪ চনতহে ভাৰত প্ৰকৃততে স্বাধীন হোৱা বুলি অভিনেত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে আজি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছে৷ কংগনা ৰাণাৱটৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত স্বাক্ষৰ কৰিছে প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বীজেন শৰ্মা, দলৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰমেন চন্দ্ৰ বৰঠাকুৰ, প্ৰাক্তন সাংসদ তথা এ পি চি চিৰ কাৰ্যকৰী সদস্য বলীন কুলী, কাৰ্যকৰী সদস্য নৃপেন্দ্ৰ ঠাকুৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ মুখপাত্ৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু মনজিৎ মহন্তই৷ ২০১৪ চনতহে দেশ স্বাধীন হোৱা বুলি কৰা মন্তব্যৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ ওপৰত দেশদ্ৰোহীতাৰ গোচৰ চলাবলৈ প্ৰদেশ কংগ্ৰেছে দাবী জনায়৷ ‘কংগনা ৰাণাৱটে মহাত্মা গান্ধীক অতি বেয়াভাৱে সমালোচনা কৰিছে৷ কংগনা ৰাণাৱটে নিজৰ মন্তব্যৰ দ্বাৰা দেশৰ স্বাধীনতা সংগ্ৰামীক অপমানিত কৰিছে৷ দেশৰ স্বাধীনতা সংগ্ৰামীসকলক এনেধৰণৰ মন্তব্যই ব্যথিত কৰি তুলিছে৷ দেশৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ৷ শ্বহীদ আৰু মুক্তিযোদ্ধাক অপমানিত কৰিছে ৰাণাৱটে৷’ এই অভিযোগ এজাহাৰকাৰী প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ৷ সেয়ে এতিয়া দিছপুৰ আৰক্ষীক কংগনা ৰাণাৱটৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কংগ্ৰেছ নেতৃত্বই৷