
দাউ দাউকৈ জ্বলি ছাই হৈ গ’ল ‘চ্যুকাফা’
আমাৰ অসম, ২০নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ উজানবজাৰৰ কাছাৰীঘাটত বৃহস্পতিবাৰে মাজনিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত এছ বি চ্যুকাফা নামৰ জাহাজ এখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ উজানবজাৰৰ কাছাৰী ঘাটৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত এছ বি চ্যুকাফা নামৰ জাহাজখন ৰখাই থোৱা আছিল৷ বৃহস্পতিবাৰে নিশা ১২.৪০ বজাত জাহাজখনত ৰহস্যজনকভাৱে জুইৰ সূত্ৰপাত হয়৷ নিমিষতে জুইৰ লেলিহান শিখাই জাহাজাখনক আগুৰি ধৰে৷ সেই সময়ত জাহাজাজখনত পাপ্লু তিৰ্কী, মজনুৰ আৰু দিলীপ দাস নামৰ তিনিজন কৰ্মচাৰী আছিল৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জাহাজাত আৱদ্ধ হৈ থকা তিনি জন কৰ্মচাৰীক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জাহাজৰ জুই নিৰ্বাপন কৰে যদিও জাহাজখন সম্পূৰ্ণভাৱে পুৰি ছাই হয়৷ দ্বিতীয়টো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় জালুকবাৰী থানাৰ অন্তৰ্গত গোশালাৰ কৃষ্ণ নগৰত৷ কৃষ্ণনগৰৰ বাসিন্দা কিশোৰ দাসৰ ঘৰত মন্দিৰৰ থাপনাৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হয়৷ নিমিষতে জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত ঘৰটো পুৰি ভষ্মীভূত হয়৷ এই অগ্নিকাণ্ডত ৭ লাখ টকাৰ সম্পত্তি পুৰি ছাই হয়৷ উল্লেখ্য যে চ্যুকাফা জাহাজখনত শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নি সংযোগ হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে সন্দেহ কৰিছে৷