Logo
image

১১০খন দেশত ভাৰতৰ ভেক্‌চিন প্ৰমাণ-পত্ৰ বৈধ

আমাৰ অসম, ২০ নৱেম্বৰঃ ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত বিশ্বৰ ১১০খন দেশত বৈধ হ’ল ভাৰতৰ ক’ভিড ভেক্‌চিনৰ প্ৰমাণ-পত্ৰ৷ ভাৰত চৰকাৰে প্ৰদান কৰা ক’ভিড প্ৰতিৰোধী ভেক্‌চিনৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিবলৈ প্ৰথমে বহু দেশে আপত্তি দৰ্শাইছিল যদিও এতিয়া ১১০খন দেশে পাৰস্পৰিক বুজা-বুজিৰে এই প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয়৷ ফলত ভাৰত চৰকাৰৰ ক’ভিড প্ৰমাণ-পত্ৰৰ সৈতে দেশৰ নাগৰিকে এই ১১০খন দেশত বিনা বাধাই প্ৰৱেশ কৰিব পাৰিব৷ কেন্দ্ৰীয় স্বাস্থ্য বিভাগে এই কথা প্ৰকাশ কৰে৷ ভাৰত চৰকাৰে একেৰাহে বিশ্বৰ দেশসমূহৰ সৈতে যোগাযোগ অব্যাহত আছে৷ বিশ্বৰ সৰ্ববৃহৎ ভেক্‌চিন প্ৰদান কাৰ্যসূচী সফলতাৰে আগবাঢ়ি থকাৰ সময়তে ভেক্‌চিন লোৱা ভাৰতীয়ই যাতে বিশ্বৰ আন দেশলৈ শিক্ষা, ব্যৱসায় আৰু পৰ্যটনৰ বাবে যাব পাৰে, তালৈ লক্ষ্য কৰিয়েই ভাৰত চৰকাৰে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷