Logo
image

ধনশিৰিৰ চুঙাজানত বন বিভাগৰ ভূমিত অবৈধ ইটা ভাটা স্থাপন

আমাৰ অসম, ২৪নৱেম্বৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ বিবদমান এলেকা তথা বন বিভাগৰ ভূমিতে স্থাপন হৈছে ইটা ভাটা৷ অসম-নাগালেণ্ড সীমান্তত বন বিভাগৰ ভূমিত গঢ় লৈ উঠা ইটা ভাটাই এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ মহকুমাটোৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাটত আবুল আলী নামৰ এজন লোকে অসম ভাটা নামেৰে স্থাপন কৰিছে এটা ইটা ভাটা৷ নাওজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাওঘাটত বন বিভাগৰ ভূমিত স্থাপন কৰা ইটা ভাটাটোৰ শূন্য দূৰত্বত আছে নাওঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়৷ তদুপৰি ভাটাটোৰ সন্মুখতে আছে চি আৰ পি এফ আৰু অসম বেটেলিয়নৰ শিবিৰ৷ উল্লেখ্য, বহু বছৰৰ আগৰে পৰা সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী ঘৰ নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰূপায়ণত চি আৰ পি এফে বাধা প্ৰদান কৰি আহিছে৷ তেনেস্থলত চি আৰ পি এফৰ কেম্পৰ সন্মুখত এনেদৰে ইটা ভাটা গঢ়ি উঠা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ তদুপৰি বন বিভাগৰ ভূমিত ইটা ভাটা স্থাপন কৰি ইটা নিৰ্মাণ কৰি থকাৰ পিছতো বন বিভাগে আজিপৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা৷ ইটা ভাটা এটা নিৰ্মাণ কৰিবৰ বাবে বন বিভাগ তথা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমোদন, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নীতি-নিৰ্দেশনাকে আদি কৰি বহু অনুমতিৰ প্ৰয়োজন হয়৷ লগতে অসম চৰকাৰৰ ২০১৩ বৰ্ষৰ ইটা ভাটা স্থাপনৰ নিয়মানুসৰি জনাঞ্চলৰ ৩০০ মিটাৰ দূৰত্বৰ বাহিৰত আৰু নৈ, বিল, নিজৰা আদিৰ পৰা ৫০০ মিটাৰ আঁতৰতহে ইটা ভাটা স্থাপন কৰিব পাৰে৷ লগতে ৰাজহ চক্ৰ বিভাগে কৃষি কাৰ্যৰ বাবে অনুপযোগী স্থানতহে ইটা ভাটা স্থাপনৰ অনুমতি দিয়ে৷ এতিয়া প্ৰশ্ন হয় বিভাগীয় কতৃৰ্পক্ষৰ ইমানখিনি নীতি-নিৰ্দেশনা থকাৰ পিছতো কাৰ ছত্ৰ-ছাঁয়াত আবুল আলীয়ে বন বিভাগৰ ভূমিত এনেদৰে ইটা ভাটা স্থাপন কৰি ব্যৱসায় চলাই যাব পাৰিছে৷ ইফালে নাওজানৰ আবুল আলী নামৰ লোকজনে সন্দেহজনক নাগৰিকৰ লগতে শিশু শ্ৰমিকক ইটা বনোৱাৰ কামত নিয়োগ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে৷ সীমান্তৰ বিবদমান এলেকাত কাৰ অনুমতি লৈ এনেদৰে ইটা ভাটা নিৰ্মাণ কৰিছে তাৰ তদন্ত কৰি বিষয়টোৰ লগত জড়িতসকলক বিহিত ব্যৱস্থাৰ লগতে ইটা ভাটাটো উচ্ছেদৰ ক্ষেত্ৰত বিভাগীয়  কৰ্তৃপক্ষই কি ব্যৱস্থা লয়, সেয়াহে লক্ষণীয় হ’ব৷