Logo
image

প্ৰয়াত দেৱেন শৰ্মাৰ ঘৰত মুখ্যমন্ত্ৰী

মান্দাকাটাৰ প্ৰবীণ কংগ্ৰেছী আমজাদ আলীৰ পৰিয়ালকো সাক্ষাৎ 

‘আমাৰ অসম, ২৪নৱেম্বৰঃ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম খনিকৰ, প্ৰবীণ সমাজকৰ্মী সদ্যপ্ৰয়াত দেবেন শৰ্মাৰ[৮৪] আগডলা গাঁৱৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰে৷  শুকুৰবাৰে নিশা ১১.৩৫ বজাত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা দেবেন শৰ্মাই মৃত্যুৰ প্ৰাক্‌ক্ষণলৈ বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ লগতে বাইহাটা চাৰিআলি সাহিত্য সভা, বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থা, মদন কামদেৱ গ্ৰামোন্নয়ন পৰিষদৰ, আগডলা চাৰিআলি হাইস্কুল পৰিচালনা সমিতি, বাইহাটা চাৰিআলি [ছোৱালী] হাইস্কুল পৰিচালনা সমিতি, বাইহাটা চাৰিআলি ৰুৰেল লাইব্ৰেৰী আদিৰ সভাপতি, বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনীৰ সভাপতি-সম্পাদক আদি পদৱীত অধিষ্ঠিত হোৱাৰ লগতে বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা সমিতিকে ধৰি প্ৰায় আটাইবোৰ অনুষ্ঠানৰ সৈতে জড়িত হৈ অঞ্চলটোৰ সমাজক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই আহিছিল৷ সোমবাৰে মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই এইজন বিশিষ্ট সমাজ সংগঠকৰ বাসভৱনত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তেও প্ৰয়াত শৰ্মাই জীৱনকালত সমাজক্ষেত্ৰলৈ আগবঢ়াই যোৱা অনবদ্য অৱদানৰো বন্দনা কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে জীৱনকালত আন কেতবোৰ পেন্সনৰ দৰে সমাজ গঠনত বৰঙণি আগবঢ়োৱা ব্যক্তিৰ বাবেও ৰাজ্য চৰকাৰে ‘সমাজকৰ্মী’ পেন্সন প্ৰদানৰ পোষকতা কৰি যোৱা এটি বিষয়ো প্ৰয়াত শৰ্মাৰ কনিষ্ঠ পুত্ৰ, যুৱ সমাজকৰ্মী অশোক শৰ্মাই এই সময়ত মুখ্যমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰি ইয়াক কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনায়৷ অৱশ্যে, এইক্ষেত্ৰত ড॰ শৰ্মাই স্পষ্টকৈ একো নকৈ এটা মিচিকিয়া হাঁহিৰে অবুজ ইংগিত দিয়ে৷ এই সময়ত ড॰ শৰ্মাই দুটামান কণমানিক পুষ্টিকৰ আহাৰো খুৱায়৷ ইয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে জালুকবাৰী সমষ্টিৰে মান্দাকাটা অঞ্চলৰ এজন সমাজহিতৈষী, প্ৰবীণ গান্ধীবাদী কংগ্ৰেছী তথা বিগত চ্ছ্ৰ অক্টোবৰত মৃত্যু ঘটা আমজাদ আলীৰ শিমেলীবাৰীৰ বাসগৃহতো উপস্থিত হৈ পৰিয়ালবৰ্গলৈ সমবেদনা জনাই তেওঁৰো বিদেহ আত্মাৰ শান্তি কামনা কৰে৷ তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে আলীয়ে আজীৱন সমাজসেৱাত সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ লগতে মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে অঞ্চলটোৰ উন্নয়নৰ হেতু নিষ্ঠাৰে কাম কৰি যোৱাৰো শলাগ লয়৷