Logo
image

মন্ত্ৰীৰ শোৱনি কোঠাৰ সন্মুখত থাকিব মহিলা

আমাৰ অসম, ২৪ নবেম্বৰঃ বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হয় বহুচৰ্চিত ৰাজ্যিক কেবিনেট বৈঠক৷ কেবিনেট বৈঠকত উপস্থিত থকা মন্ত্ৰীসকলৰ আপ্যায়নক লৈ শেষ সময়লৈকে চলিছে ব্যাপক প্ৰস্তুতি৷  জিলাৰ সন্মানৰ কথা ভাবি অতিথিক আপ্যায়নৰ নামত চিন্তা কৰা হৈছে ব্যতিক্ৰমধৰ্মীৰে৷ কেৱল ৰকমাৰী খাদ্যৰ ব্যঞ্জনতেই সীমাবদ্ধ থকা নাই বঙাইগাঁও জিলা প্ৰশাসন৷ মন্ত্ৰীসকলৰ পৰিচৰ্যাৰ কথাও চিন্তা কৰিছে জিলা প্ৰশাসনে৷ যাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে মন্ত্ৰীৰ শোৱনি কোঠাৰ আগত মহিলা এগৰাকীক নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে৷ নিশা প্ৰতিজন মন্ত্ৰীৰ শোৱনি কোঠাৰ দুৱাৰৰ বাহিৰত থাকিব এগৰাকী মহিলা৷ মন্ত্ৰী নৈশযাপন নোযোৱালৈকে মহিলাগৰাকী থাকিব মন্ত্ৰীৰ কোঠাৰ দুৱাৰৰ বাহিৰত৷ কিবা প্ৰয়োজন হ’লে তৎক্ষণাৎ মন্ত্ৰীজনক যাতে সেৱা আগবঢ়াব পৰা যায় তাৰ বাবেই প্ৰতিজন মন্ত্ৰীৰ কক্ষৰ বাহিৰত নিয়োগ কৰা হৈছে এগৰাকীকৈ মহিলা৷  আত্মসহায়ক গোটৰ মহিলাসকলে পালন কৰিব এই দায়িত্ব৷ অৱশ্যে মন্ত্ৰী নৈশযাপন যোৱাৰ পাছত থাকিব নালাগে মহিলাগৰাকী৷ পুনৰ পুৱা ৫ বজাৰ পৰা একে দায়িত্বত নিয়োজিত হ’ব মহিলাগৰাকী৷