Logo
image

নিষিদ্ধ হ’ব ক্ৰিপ্ট’ মুদ্ৰা? কি বিকল্প ৰিজাৰ্ভ বেংকৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ দেশত ব্যাপকভাৱে বিয়পি পৰা ক্ৰিপ্ট’কাৰেন্সি বা ডিজিটেল মুদ্ৰাৰ ব্যৱহাৰ বন্ধ কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে৷ সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে ক্ৰিপ্ট’কাৰেন্সি ভাৰতত নিষিদ্ধ কৰাৰ বাবে বিধেয়ক উত্থাপন কৰিব৷ যিহেতু ক্ৰিপ্ট’কাৰেন্সিৰ সপক্ষে এতিয়াও দেশৰ কোনো ৰাজনৈতিক দলে মতপোষণ কৰা নাই, সেয়ে ধাৰণা কৰা হৈছে সংসদত ক্ৰিপ্ট’কাৰেন্সি নিষিদ্ধকৰণৰ বিধেয়ক সৰ্বসন্মতভাৱে গৃহীত হ’ব৷ ২৯ নৱেম্বৰৰ পৰা হ’বলগীয়া শীতকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে দুখন অধ্যাদেশসহ মুঠতে ২৬খন বিধেয়ক উত্থাপন কৰিব, য’ত ক্ৰিপ্ট’কাৰেন্সি নিষিদ্ধকৰণ আৰু তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়ক অন্তৰ্ভুক্ত হৈ থাকিব৷ নৰেন্দ্ৰ মোদী চৰকাৰে চৰ্তসাপেক্ষে ক্ৰিপ্ট’কাৰেন্সি বা ডিজিটেল মুদ্ৰা দেশত নিষিদ্ধ কৰিব, সামগ্ৰিকভাৱে নিষেধাজ্ঞা আৰোপ নকৰে৷ চৰকাৰে ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগকাৰীৰ বিনিয়োগত বৃহৎ হাৰত আৰু ভিন্ন প্ৰক্ৰিয়াৰে কৰ আৰোপ কৰিব, যাতে দেশৰ নাগৰিকে ডিজিটেল মুদ্ৰাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়৷ তেতিয়াই ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশত বিকল্প ক্ৰিপ্ট’কাৰেন্সি মুকলি কৰিব আৰু দেশবাসীক ভাৰতীয় ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব৷ কোৱা বাহুল্য মাথোঁ, এতিয়ালৈকে ভাৰতত ক্ৰিপ্ট’কাৰেন্সিৰ সপক্ষে বা বিপক্ষে কোনো আইন নাই৷ সেয়ে আইন অবিহনে দেশত বহুলভাৱে ব্যৱহৃত হৈ থকা ক্ৰিপ্ট’কাৰেন্সিৰ বিনিয়োগ চৰকাৰে নিষিদ্ধ কৰিব নোৱাৰে আৰু বিনিয়োগকাৰীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰে৷ ফলত মোদী চৰকাৰে এই পৰ্যন্ত ক্ৰিপ্ট’কাৰেন্সিৰ উপাৰ্জনকাৰীৰ পৰা কেৱল আয়কৰ সংগ্ৰহ কৰিয়েই হাত সাৱতি থাকিবলগীয়া হৈছে৷নতুন আইনৰ দ্বাৰা মোদী চৰকাৰে ক্ৰিপ্ট’কাৰেন্সিৰ নিয়ামক সংস্থা বা ৰেগুলেটৰী অথ’ৰিটী গঠন কৰাৰ সম্ভাৱনা আছে৷ এতিয়া যিদৰে দেশৰ সকলো বেংকৰ নিয়ামক সংস্থা ভাৰতীয় ৰিজাৰ্ভ বেংক, সকলো জীৱন বীমা কোম্পানীৰ নিয়ামক সংস্থা আই আৰ ডি এ আই আৰু আন বিত্তীয় সংস্থাৰ নিয়ামক সংস্থা ছেবি, সেইদৰে ক্ৰিপ্ট’কাৰেন্সিও ভাৰতত নতুনকৈ গঠন কৰিবলগীয়া নিয়ামক সংস্থাৰ জৰিয়তে পৰিচালিত হ’ব৷ সমগ্ৰ দেশত বিগত কেইবাবছৰো ধৰি ক্ৰিপ্ট’কাৰেন্সি বহুলভাৱে ব্যৱহৃত হৈ আছে আৰু শেহতীয়া কেইবছৰমানত দেশত ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগকাৰী আৰু তাৰ জৰিয়তে বৃহৎ হাৰত উপাৰ্জনকাৰী নাগৰিকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নাকৰ তলতে আৰু কেন্দ্ৰীয় চৰকাৰৰ চকুৰ সন্মুখতে ভাৰততো বিকল্প মুদ্ৰাৰ প্ৰচলন হৈ আছে আৰু অনেকেই কোটি কোটি টকা উপাৰ্জন কৰি আছে৷ কিন্তু দেশত আইন নোহোৱাৰ বাবে চৰকাৰে এইক্ষেত্ৰত কোনো নিয়ম প্ৰয়োগ কৰিব পৰা নাই৷ভাৰতত বহুলভাৱে ব্যৱহাৰ হৈ থকাৰ সময়তো ক্ৰিপ্ট’কাৰেন্সি সন্দৰ্ভত দেশৰ অধিকাংশ জনতাই অৱগত নহয়৷ অনেকৰ বাবে ক্ৰিপ্ট’কাৰেন্সিৰ জ্ঞান ‘বিটকইন’তে সীমাবদ্ধ৷ অৰ্থাৎ দেশৰ অনেকেই বিটকইনৰ নাম শুনিছে৷ ইয়াৰ ব্যৱহাৰ কি, কেনেকৈ আয় হয় সেই বিষয়ে নাজানে৷ সহজভাৱে ব্যাখ্যা কৰিবলৈ হ’লে, ক্ৰিপ্ট’কইন হৈছে ডিজিটেল মুদ্ৰা৷ এই মুদ্ৰাৰ কায়িক অৱস্থিতি নাই৷ অৰ্থাৎ ইয়াক কোনেও দেখিবলৈ নাপায়৷ এই মুদ্ৰা ইণ্টাৰনেটৰ জৰিয়তেই লেনদেন হয়৷ বিটকইনো হৈছে এবিধ ক্ৰিপ্ট’কাৰেন্সি বা ক্ৰিপ্ট’মুদ্ৰা৷ এনে অসংখ্য মুদ্ৰা বিশ্বত প্ৰচলিত হৈ আছে৷ এই মুদ্ৰা ‘ব্লকচেন’ নামৰ লেজাৰ বা হিচাপ বহীত হিচাপ ৰখা হয়৷ সেই ব্যৱস্থা কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ দ্বাৰা পৰিচালিত হয়৷ ষ্টক বজাৰৰ দৰে এই অসংখ্য মুদ্ৰাৰ কোনোবাটো নহয় কোনোবাটোৰ মূল্য বাঢ়ে৷ কোনো ব্যক্তিয়ে বিনিয়োগ কৰা বা ক্ৰয় কৰি ৰখা নিৰ্দিষ্ট ক্ৰিপ্ট’কাৰেন্সিটোৰ যদি মূল্য বৃদ্ধি হয়, তেন্তে বিনিয়োগকাৰীৰো ধন বাঢ়ে৷ তেনেদৰে বাঢ়ি যোৱা ধন তেতিয়া বিনিয়োগকাৰীয়ে নিজৰ বেংকৰ একাউণ্টলৈ পঠিয়াব পাৰে৷ ক্ৰিপ্ট’কাৰেন্সিৰ পৰা ধন উপাৰ্জন কৰিবলৈ হ’লে বিনিয়োগকাৰীয়ে ডিজিটেল মুদ্ৰাৰ সবিশেষ জানিব লাগিব৷ সেই অনুসৰি তেওঁ এটা নিৰ্দিষ্ট মুদ্ৰা ধন ব্যয় কৰি ক্ৰয় কৰিব লাগিব৷ সেই ক্ৰিপ্ট’কাৰেন্সিৰ মূল্য বাঢ়িলেই বিনিয়োগকাৰীৰ লাভ অৱশ্যে তাৰ বাবে নিৰ্দিষ্ট সময় অপেক্ষা কৰিব লাগিব, য’ত ধৈৰ্যৰো প্ৰয়োজন৷ এই সকলো লেনদেন ইণ্টাৰনেটৰ জৰিয়তে হয়৷ যিহেতু ক্ৰিপ্ট’কাৰেন্সিৰ সকলো হিচাপ নিকাচ পূৰ্বনিৰ্ধাৰিতভাৱে ইণ্টাৰনেটৰ জৰিয়তে হয়, সেয়ে তাৰ বাবে কোনো কৰ্মচাৰীৰ আৱশ্যক নহয় আৰু তাৰ বাবদ দৈনন্দিন খৰচো নহয়৷ ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ আৰু প্ৰচলন তথা উপাৰ্জনৰ কোনো ৰাষ্ট্ৰীয় পৰিসীমা নাই৷ সেয়ে যিকোনো ব্যক্তিয়ে য’ৰ ত’ৰ পৰা, যেতিয়াই মন যায় তেতিয়াই ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ আৰু উপাৰ্জন কৰিব পাৰে৷ এতিয়ালৈকে ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ বিশ্বৰ যিকোনো ব্যৱসায়ৰ ভিতৰত সৰ্বাধিক লাভদায়ক হৈ আছে৷ সেয়ে বিশ্বৰ খ্যাত-অখ্যাত ব্যৱসায়ী, বিলিয়নাৰ, সাধাৰণ লোক সকলোৱেই ক্ৰিপ্ট’কাৰেন্সিৰ জৰিয়তে বিনিয়োগ কৰি বিশাল লাভ অৰ্জন কৰি আছে৷ উদাহৰণ হিচাপে আজিৰ দিনটোত এটা বিটকইনৰ ভাৰতীয় মূল্য ৪২,৪২,১৭০ টকা৷ আজিৰ পৰা কেইবছৰমান পূৰ্বে যি ব্যক্তিয়ে ১০০ টকা ব্যয় কৰি এটা বিটকইন ক্ৰয় কৰিছিল, তেওঁৰ হাতত আজিৰ দিনটোতে ৪২ লাখতকৈয়ো অধিক টকা আছে৷ৰাষ্ট্ৰীয় সীমা নথকাৰ বাবে আৰু কোনো নিয়ামক সংস্থা নথকাৰ বাবে সন্ত্ৰাসবাদী, ৰাষ্ট্ৰদ্ৰোহী যিকোনোৱেই ক্ৰিপ্ট’কাৰেন্সিৰ জৰিয়তে উপাৰ্জন কৰিব পাৰে৷ ঘাইকৈ সেই উদ্দেশ্য আৰু অদূৰ ভৱিষ্যতে দেশৰ মুদ্ৰা অচল টকাত পৰিণত হোৱাৰ আশংকাতে ভাৰতত ক্ৰিপ্ট’কাৰেন্সি আইন প্ৰণয়ন কৰাৰ পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে৷