Logo
image

নাৰী আৰু নক্ষত্ৰ

দেশত পুৰুষতকৈ বৃদ্ধি পালে নাৰীৰ সংখ্যা 

আমাৰ অসম, ২৬নৱেম্বৰঃ পোন প্ৰথমবাৰৰ বাবে দেশত পুৰুষতকৈ বৃদ্ধি পাইছে মহিলাৰ সংখ্যা৷ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল সমীক্ষা চমুকৈ এন এইচ এফ এছ-৫ত এই তথ্য প্ৰকাশ পাইছে৷ বুধবাৰে প্ৰকাশ পোৱা সমীক্ষা অনুসৰি দেশৰ প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ১,০২০গৰাকী৷ কেৱল দেশতে নহয়, অসমতো পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা বৃদ্ধি পাইছে৷ প্ৰতিবেদন অনুসৰি অসমত প্ৰতি ১,০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ১,০১২গৰাকী৷ বুধবাৰে প্ৰকাশ পোৱা ৰাষ্ট˜ীয় স্বাস্থ্য আৰু পৰিয়াল সমীক্ষাৰ পঞ্চম পৰ্যায়ৰ তথ্য অনুসৰি ১৯৯০ চনত ভাৰতত প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯২৭গৰাকী৷ ২০০৫-০৬ চনত ৰাষ্ট˜ীয় স্বাস্থ্য আৰু পৰিয়াল সমীক্ষাত পুৰুষ আৰু মহিলাৰ সংখ্যা আছিল সমান অৰ্থাৎ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০০গৰাকী৷ ইয়াৰ পাছত ২০১৫-১৬ চনত ৰাষ্ট˜ীয় স্বাস্থ্য আৰু পৰিয়াল সমীক্ষাত সেয়া হ্ৰাস পাই প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছিল ৯৯১গৰাকী৷ কিন্তু এইবাৰ পুৰুষক অতিক্ৰমী আগবাঢ়িছে মহিলা৷ ৰাষ্ট˜ীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষাত প্ৰথমবাৰৰ বাবে পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে৷ ২০১৯১ পৰা ২০২১ৰ ভিতৰত চলোৱা ‘চেম্প’ল ছাৰ্ভেৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য৷ অৱশ্যে দেশৰ গ্ৰাম্যাঞ্চলৰ তুলনাত নগৰ অঞ্চলত পুৰুষতকৈ মহিলাৰ সংখ্যা কম৷ নগৰ অঞ্চলত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৫ গৰাকী৷ আনহাতে গ্ৰাম্যাঞ্চলত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১,০৩৭ গৰাকী৷ একেদৰে  অসমৰ ক্ষেত্ৰতো গ্ৰাম্যাঞ্চলৰ তুলনাত নগৰ অঞ্চলত মহিলাৰ সংখ্যা কম৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে, অসমৰ নগৰ অঞ্চলত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী৷ অসমৰ  গ্ৰাম্যাঞ্চলত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৰ,০১৭ গৰাকী৷ দেশৰ ৭০৭খন জিলাৰ ৬৫০,০০০টা পৰিয়ালত চলোৱা হৈছিল এই সমীক্ষা৷ প্ৰথম পৰ্যায়ত অসমকে ধৰি কেইবাখনো ৰাজ্যক সামৰি সমীক্ষা চলোৱাৰ অন্তত দ্বিতীয় পৰ্যায়ত অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছত্তীশগড়, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, দিল্লী, ওড়িশা, পুদুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত এই সমীক্ষা চলোৱা হৈছিল৷ অৱশ্যে বৃহত্তৰ জনসংখ্যাৰ ক্ষেত্ৰত এই তথ্য কিমান দূৰ বাস্তৱ হ’ব, সেয়া লোকপিয়লৰ পাছতহে স্পষ্ট হ’ব৷ লক্ষণীয় বিষয়টো হৈছে লিংগ অনুপাতে পুৰুষতকৈ মহিলাৰ সংখ্যা আগবাঢ়িলে যদিও স্বাক্ষৰতাৰ ক্ষেত্ৰত আজিও মহিলা পুৰুষৰ পাছতেই আছে৷ দেশত মহিলাৰ স্বাক্ষৰতাৰ হাৰ ৭১.৫ শতাংশ যদিও পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে ৮৪.৪ শতাংশ৷ ইয়াৰ ভিতৰত গ্ৰাম্যাঞ্চলৰ মহিলাৰ স্বাক্ষৰতাৰ হাৰ ৬৫.৯ শতাংশ আৰু নগৰাঞ্চলৰ মহিলা সাক্ষৰতাৰ হাৰ হৈছে ৮৩.০ শতাংশ৷ আনহাতে অসমৰ ক্ষেত্ৰতো  মহিলা স্বাক্ষৰতাৰ হাৰ ৭৫.ৰ শতাংশ আৰু পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮১.৬ শতাংশ৷ অসমৰ নগৰাঞ্চলত মহিলা সাক্ষৰতাৰ হাৰ ৮৬.০ শতাংশ আৰু গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.২ শতাংশ৷ সমীক্ষাটোত প্ৰকাশ পোৱা মতে অতি উদ্বেগজনকভাৱে দেশত ১৫-১৯ বছৰ বয়সতে সন্তান প্ৰসৱ কৰিবলগীয়া হৈছে ৬.৮ শতাংশ মহিলাই৷ অৱশ্যে এই হাৰ চহৰৰ তুলনাত গ্ৰামাঞ্চলত অধিক৷ আনহাতে, আজিও ভাৰতৰ ৩.২ শতাংশ মহিলাই ঘৰতে সন্তান প্ৰসৱ কৰিবলগীয়া তথ্য ৰাষ্ট˜ীয় সমীক্ষাটোত প্ৰকাশ পাইছে৷