Logo
image

হ্ৰাস পাইছে সোণৰ দাম

আমাৰ অসম, ২৬ নৱেম্বৰঃ যোৱা দুটা দিনত দেশজুৰি সোণৰ দাম হ্ৰাস পাইছে৷ মঙলবাৰে কলকাতাত ১০ গ্ৰাম সোণৰ দাম প্ৰায় ১০০০ টকা পৰ্যন্ত হ্ৰাস পাইছে৷ ব্যৱসায়ীসকলৰ মতে বিশ্ববজাৰত সোণৰ চাহিদা হ্ৰাস হোৱাৰ বাবে সোণৰ দাম কম-বেছি হৈ আছে৷ সোণৰ দৰে ৰূপৰ মূল্যও হ্ৰাস পাইছে৷ আজি কলকাতাত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৯৫০ টকা পৰ্যন্ত হ্ৰাস পাই ৪৮,৭০০ টকা হৈছে৷ একেদৰে নতুন দিল্লী, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, কেৰালা, জয়পুৰ, নাগপুৰ, পাটনা আদিত প্ৰায় ১০০০ টকা পৰ্যন্ত সোণৰ দাম হ্ৰাস পাইছে৷