Logo
image

১০৫ বছৰতে এণ্টাৰ্কটিকাৰ পৰা অন্তৰ্ধান বৰফ

পৃথিৱী ধবংসৰ আগজাননী!

আমাৰ অসম, ২৬ নৱেম্বৰঃ আমাৰ মৰমৰ পৃথিৱীখনৰ বাতাৱৰণ সন্তুলিত কৰি ৰাখাৰ ক্ষেত্ৰত বিশেষ ভূমিক গ্ৰহণ কৰি আহিছে এণ্টাৰ্কটিকাৰ বৰফে৷ কিন্তু বৰ্তমান মানুহৰ লোভ-মোহ, লালসাৰ ফলত আমাৰ মৰমৰ পৃথিৱীখন দ্ৰুত গতিৰে ধবংসৰ মুখলৈ গুচি গৈছে৷ মানুহৰ লালসাৰ চিকাৰ হৈছে এণ্টাৰ্কটিকাৰ বৃহৎ বৰফবোৰ৷ দ্ৰুতগতিত এণ্টাৰ্কটিকাত গলিবলৈ ধৰিছে বৰফ৷ ইয়ে প্ৰমাণ কৰিছে যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয়  উষ্ণতা বৃদ্ধিৰ ফলাফল কিমান ভয়ংকৰ৷ পৃথিৱীৰ বাতাৱৰণ নিয়ন্ত্ৰণত ৰাখিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰি অহা এণ্টাৰ্কটিকাৰ বৰফ বিগত ১০৫ বছৰত ইমানেই বেছি গলিছে যে এয়া পৃথিৱীৰ ধবংসৰ আগজাননী বুলি বিজ্ঞানীসকলে সকীয়াই দিছে৷ এণ্টাৰ্কটিকাৰ পৰাই পৃথিৱী ধবংসৰ আগজাননী স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছে৷ এণ্টাৰ্কটিকাত বৰফ গলাৰ দুখন ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে৷ বিশ্বৰ বিখ্যাত ফটোগ্ৰাফাৰ ক্ৰিষ্টিয়ান অছলুণ্ডে এণ্টাৰ্কটিকাত তোলা এখন ছবি এতিয়া বিশ্বজুৰি ভাইৰেল হৈছে৷ এই ছবিখন গৰমৰ দিনত তোলা৷ ১০৫ বছৰ পূৰ্বে গৰমৰ দিনত তোলা এণ্টাৰ্কটিকাৰ এখন ছবি আৰু শেহতীয়াকৈ ক্ৰিষ্টিয়ান অছলুণ্ডে তোলা এখন ছবি তুলনা কৰি দ্ৰুত বৰফ গলনৰ কথা দেখুওৱা হৈছে৷ ১০৫ বছৰ পূৰ্বে তোলা ছবি জলৰাশিৰ কাষত দেখা গৈছিল বৰফৰ পাহাৰ৷ কিন্তু এতিয়া তোলা ছবিত দেখা গৈছে বৰফৰ সলনি পাহাৰ৷ অৰ্থাৎ বৰফ সম্পূৰ্ণৰূপে গলি মাথোঁ পাহাৰহে আছেগৈ৷