Logo
image

২৮ দিনৰ পাছত জে’লৰ পৰা ওলাল ৰিয়া

আমাৰ অসম, ০৮ অক্টোবৰঃ কোনো ড্ৰাগছ চক্ৰৰ সক্ৰিয় সদস্য নাছিল বলীউডৰ স্বল্পখ্যাত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী৷ ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ অভিযোগ এইদৰে পোনে পোনে খাৰিজ কৰি দি ব’ম্বে উচ্ছ ন্যায়ালয়ে বুধবাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক জামিন প্ৰদান কৰিছে৷ ২৮ দিন কাৰাবাস খতা ৰিয়া চক্ৰৱৰ্তীক জামিন দিয়াৰ ক্ষেত্ৰত ৫টা চৰ্ত আৰোপ কৰা আদালতে স্পষ্ট ভাষাত তদন্তকাৰী এন চি বিক কৈছে, নিচাসক্তৰ বাবে টকা দিয়াৰ অৰ্থ তেওঁক নিচা কৰাৰ বাবে উৎসাহ প্ৰদান কৰা নহয়৷ ব’ম্বে উচ্ছ ন্যায়ালয়ে ৰিয়া চক্ৰৱৰ্তীক জামিন দি তেওঁক গ্ৰেপ্তাৰ কৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এন চি বিৰ প্ৰতি এই গোচৰৰ পৰ্যবেক্ষণত যি মন্তব্য কৰিছে, তালৈ চাই ৰিয়া চক্ৰৱৰ্তীক বলপূৰ্বকভাৱে এই ক্ষেত্ৰত সাঙুৰি পেলোৱাতো প্ৰতীয়মান হৈছে৷ সেই দাবী অভিনেত্ৰীৰ অধিবক্তা সতীশ মানশিণ্ডেও কৰিছে৷ ৰিয়া চক্ৰৱৰ্তীক জামিনৰ ক্ষেত্ৰত ব’ম্বে উচ্ছ ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ সূত্ৰ ধৰি তেওঁ কয়–‘আইনী প্ৰক্ৰিয়া অতিক্ৰম কৰি বিনাযুক্তিত গ্ৰেপ্তাৰ কৰা কৰা হৈছিল ৰিয়াক৷ তিনিটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আইনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰিয়া চক্ৰৱৰ্তীক নিৰ্যাতন আৰু গ্ৰেপ্তাৰ কৰিছে৷ আইন উলংঘা কৰাৰ এনে ঘটনা শেষ হোৱা প্ৰয়োজন৷ আদালতে নিজৰ ৰায়ত সেয়া স্পষ্টভাৱে উল্লেখ কৰিছে৷’ জামিনৰ ৰায়দানত ব’ম্বে উচ্ছ ন্যায়ালয়ে কৈছে–‘মাদক আইনৰ ১৯, ২৪ বা ২৭ এ ধাৰাত শাস্তি পোৱাৰ দৰে কোনো অপৰাধ ৰিয়া চক্ৰৱৰ্তীয়ে কৰা বুলি তদন্তকাৰীয়ে প্ৰমাণ দাখিল কৰিব পৰা নাই৷ অভিযুক্ত ড্ৰাগছ চক্ৰৰ সৈতে জড়িত নহয়৷ অৰ্থনৈতিক লাভৰ বাবে তেওঁ ড্ৰাগছ সৰবৰাহ কৰা নাই৷ তেওঁৰ হাতত ড্ৰাগছ মজুত নাছিল৷ পূৰ্বে এনে অভিযোগ তেওঁৰ বিৰুদ্ধে উঠা নাই৷ ৰিয়াক ড্ৰাগছ চক্ৰৰ সক্ৰিয় সদস্য বুলি উল্লেখ কৰিলেও তাৰ সপক্ষে তদন্তকাৰীয়ে কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই৷ সেয়ে অভিযুক্তক জামিন প্ৰদান কৰিলেও তেওঁ পুনৰ তেনে কাৰ্যত লিপ্ত হ’ব বুলি ধাৰণা কৰিব নোৱাৰি৷ তাৰকাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল’লে জনমানসত তাৰ উদাহৰণ স্থাপন হোৱাৰ যি যুক্তি দিছে সেয়া ভুল৷ আইনৰ চকুত সকলো সমান৷ কোন কিমান প্ৰভাৱশালী তাৰ ওপৰত ভিত্তি কৰি শাস্তি প্ৰদান কৰা নহয়, সিদ্ধান্ত গ্ৰহণৰ সময়ত তথ্য প্ৰমাণহে গুৰুত্বপূৰ্ণ৷’

আদালতে জামিন দিলেও অৱশ্যে এইক্ষেত্ৰত সাৱধানতা অবলম্বন কৰিছে৷ সেয়ে অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ জামিনত ৫টা চৰ্ত আৰোপ কৰিছে৷ সেই অনুসৰি তেওঁ–১৷ পাছপৰ্ট স্থানীয় থানাত জমা দিব লাগিব, ২৷ পৰৱৰ্তী ১০ দিন এবাৰকৈ আৰু ৬ মাহৰ বাবে মাহত এদিনকৈ থানাত হাজিৰা দিব লাগিব, ৩৷ ১ লাখ টকাৰ বণ্ড জমা, ৪৷ দেশৰ বাহিৰলৈ যাব নোৱাৰিব, ৫৷ কোনো সাক্ষীক সাক্ষাৎ কৰিব নোৱাৰিব৷

ৰিয়া চক্ৰৱৰ্তীৰ উপৰি সুশান্ত সিং ৰাজপুতৰ পূৰ্বৰ দুই কৰ্মচাৰী দীপেশ ছাৱন্ত আৰু ছেমুৱেল মিৰাণ্ডাকো আদালতে জামিন দিয়ে৷ কিন্তু ৰিয়াৰ ভ্ৰাতৃ শৌভিক চক্ৰৱৰ্তী তথা আব্দুল পৰিহাৰক জামিন নিদিলে আদালতে৷

ৰিয়া চক্ৰৱৰ্তীক যোৱা ৮ ছেপ্টেম্বৰত সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুৰ তদন্তত ড্ৰাগছৰ সংযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷ সুশান্তৰ মৃত্যুৰ তদন্তত সুশান্ত, তেওঁৰ অন্তিম প্ৰেয়সী ৰিয়া আৰু অন্যান্যই ড্ৰাগছ সেৱন কৰাৰ কথা প্ৰকাশ পাইছিল৷ ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত তদন্তকাৰী এন চি বিত কৈয়ো ভয়ানক ‘মিডিয়া ট্ৰায়েল’ অনুষ্ঠিত কৰিছিল দুই এটা নিউজ চেনেলে৷ ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা মানশিণ্ডেৰ দাবী, মিডিয়াৰ তীব্ৰ হেঁচাত পৰিয়েই হয়তো কোনো প্ৰমাণ অবিহনেই আইন চেৰাই গৈ এনচিবিয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰিছিল৷