Logo
image

আঞ্চলিক ৰাজনীতি

আৰু মাত্ৰ পাঁচ মাহৰ পাছতে ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ এই নিৰ্বাচন পূবৰ্ৰ নিৰ্বাচনসমূহতকৈ যে পৃথক হ’ব সেই ছবিখন লাহে লাহে পৰিস্ফুট হৈছে৷ ইতিমধ্যে তিনিটা শিবিৰৰ ৰাজনৈতিক দলসমূহৰ স্থিতি পৰিষ্কাৰ হৈছে৷ বিজেপি-এজিপি শিবিৰ, কংগ্ৰেছ-এ আই ইউ ডি এফ শিবিৰ আৰু আঞ্চলিক দল তথা জাতীয়তাবাদী দলসমূহৰ শিবিৰ৷ এই শিবিৰসমূহৰ ভিতৰত প্ৰথম দুটাৰ ৰাজনীতিৰ ক্ষেত্ৰত অসমৰ জনতা সুপৰিচিত যদিও অগপ দলে আঞ্চলিক চৰিত্ৰ জলাঞ্জলি দিয়াৰ পাছত এতিয়া ৰাজ্যখনত সংগঠিত হ’বলৈ ধৰা নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিশ্বাস আৰু সংশয়ৰ দৃষ্টিৰে লক্ষ্য কৰিবলৈ লৈছে৷ এনে অৱস্থাত অসমৰ ৰাইজৰ মাজত চৰ্চা হৈছে দুটা মত৷ প্ৰথমটোৰ মতে যদি সাম্প্ৰদায়িক ফেচিবাদী অসম-অসমীয়া জাতীয়তাবাদৰ ঘোৰ শত্ৰু বিজেপিক পৰাভূত কৰিবলৈ হয়, তেনেহ’লে সকলো বিজেপিবিৰোধী শক্তি একত্ৰিত হৈ কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোঁটত অংশগ্ৰহণ কৰিব লাগিব৷ আৰু আনটো মত হ’ল– সকলো আঞ্চলিক শক্তি যদি একগোট হয়, তেন্তে বিজেপি-আৰ এছ এছৰ বিভেদকামী ৰাজনীতি আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ অশুভ জোঁটবন্ধনকো প্ৰতিহত কৰিব পৰা যাব৷ এইক্ষেত্ৰত প্ৰথমটো মত শক্তিশালী যদিও বিজেপিৰ দৰেই এ আই ইউ ডি এফৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে সমগ্ৰ অংকটোত আউল লগাইছে৷ উজনি অসমত কংগ্ৰেছৰ আৰু নামনি অসমত এ আই ইউ ডি এফৰ ভোটৰ সমীকৰণতো এই অংকই আউল লগাইছে৷ আনহাতে, নতুনকৈ গঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল দুয়োটাই এই দুয়োটা শিবিৰৰ পৰা সমদূৰত্ব বজাই ৰাখি ৰাজনীতি কৰাৰ কথা কৈছে৷ এটা কথা নিশ্চিত যে অসমত ৰাষ্ট্ৰীয় দলসমূহে অসমৰ আঞ্চলিক আৰু জাতীয়তাবাদী আৱেগ-অনুভূতিক সদায় ভৰিৰে মোহাৰি আহিছে৷ যি কংগ্ৰেছে অসম চুক্তি ৰূপায়ণ কৰিছিল, সেই কংগ্ৰেছৰে কেন্দ্ৰীয় চৰকাৰসমূহে পৰৱৰ্তী সময়ত ইয়াক ৰূপায়ণ কৰাৰ বাবে বিশেষ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে৷ এতিয়া বিজেপিৰ কথা ক’বই নালাগে, সমাধান কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিসমূহ জলাঞ্জলি দি এনে কিছুমান বিষয় ৰাজ্যখনৰ ওপৰত জাপি দিলে যিবোৰে অঞ্চলটোৰ জনগাঁথনিৰ পৰা ভৌগোলিক গাঁথনিলৈকে সকলো নিঃশেষ কৰি পেলোৱাৰ চক্ৰান্ত কৰিলে৷ ‘কা’ আইনৰ পৰা পৰিৱেশ আইনলৈকে সকলোৱে ৰাজ্যখনৰ পৰিপন্থী৷ এনে পৰিস্থিতিত অসমীয়া ৰাইজৰ হাতত পৃথক ৰাজনৈতিক পৰিচয়েৰে আগবাঢি. যোৱাৰ বিকল্পও নাছিল৷ সেয়ে অসমত নতুনকৈ জন্ম হোৱা আঞ্চলিক তথা জাতীয়তাবাদী দলসমূহে এক স্বকীয় পৰিচয় লৈ আগবাঢি. যোৱাটো সময়ৰো আহ্বানৰূপে দেখা দিছে৷ তাৰ বাবে কিন্তু বিজেপি-আৰ এছ এছ, কংগ্ৰেছ-এ আই ইউ ডি এফৰ জোঁটৰ বাহিৰত থকা সকলো দল-সংগঠন আনকি ‘কা’বিৰোধী সংগঠনসমূহৰ লগতে প্ৰতিটো গণতান্ত্ৰিক, প্ৰগতিশীল তথা বাঁও শক্তিয়ে ঐক্যবদ্ধ হৈ যে আগবাঢি.লে এক নিৰ্ণায়ক ফল পোৱা যাব, সেয়া নিশ্চিত৷ কাৰণ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে অসমৰ ৰাজনীতিত বিজেপিৰ দৰে সাম্প্ৰদায়িক দলক আঁকোৱালি লোৱা পৰিৱেশ অসমীয়া জাতীয়তাবাদীসকলেই ৰচনা কৰিছিল৷ অসমৰ ৰাইজে আঞ্চলিক শক্তিৰ একতা দেখা পালেই অসমৰ ৰাজনীতিয়ে যে সম্পূৰ্ণ ‘ইউটাৰ্ন’ ল’ব, সি নিশ্চিত৷