Logo
image

অমিক্ৰনঃ সংশয় আৰু সম্ভাৱনা

ক’ভিড-১৯১ উপৰ্যুপৰি সংক্ৰমণে সমগ্ৰ বিশ্ববাসীক ত্ৰাহি মধুসূদন দেখুৱাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰা ক’ভিড মহামাৰীৰ বিভিন্ন প্ৰকাৰ আলফা, বিটা, গামা,ডেল্টাৰ প্ৰভাৱত আজি বিপৰ্যস্ত আৰু ভীতসন্ত্ৰস্ত বিশ্ব মানৱজাতি৷ সমগ্ৰ বিশ্বতে এইপৰ্যন্ত ৩৫৬ নিযুত সংক্ৰমিত ব্যক্তিৰ ভিতৰত ৫.৬ নিযুতৰ মৃত্যু ঘটিছে৷ সামাজিক, সাংস্কৃতিক, আৰ্থিক আদি সকলোক্ষেত্ৰতে এক তীব্ৰ সংকটে দেখা দিছে৷ ‘অক্সফাম’ৰ শেহতীয়া প্ৰতিবেদনৰ মতে, ২০২১ বৰ্ষত ভাৰতত ৮৪ শতাংশ পৰিয়ালৰ উপাৰ্জন হ্ৰাস হোৱাৰ বিপৰীতে ধনাঢ্যৰ সংখ্যা বাঢ়িছে৷ সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন, কেতিয়াকৈ শেষ হ’ব অদৃশ্য ভাইৰাছৰ বিৰুদ্ধে চলি থকা এই অভূতপূৰ্ব যুদ্ধৰ৷ শেহতীয়াকৈ ক’ভিড-১৯১ উৎপৰিৱত্তিৰ্ত ৰূপ অমিক্ৰনে সমগ্ৰ পৃথিৱীৰ মানুহক আৰু অধিক ত্ৰাসিত কৰি তুলিছে৷ অমিক্ৰন ভেৰিয়েন্ট হৈছে ক’ভিড-১৯ এ সৃষ্টি কৰা এটা[Sars-Cov-২] প্ৰকাৰ৷ ২০২১ চনৰ ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে৷ ক’ভিড-১৯ ভাইৰাছৰ  নতুন প্ৰকাৰ [Sars-Cov-২]অমিক্ৰন ইয়াৰ আগৰ প্ৰকাৰবোৰতকৈ তীব্ৰগতিত বিয়পিব পাৰে বুলি চিকিৎসকসকলে প্ৰমাণ কৰিছে৷ এতিয়ালৈকে উপলব্ধ প্ৰমাণে দেখুৱাইছে যে ইয়াৰ লক্ষণবোৰ মৃদু৷ অমিক্ৰনে অন্যান্য ক’ভিড-১৯১ প্ৰকাৰৰ দৰে বিশেষ লক্ষণ সৃষ্টি কৰাৰ তেনে কোনো তথ্য পোৱা হোৱা নাই যদিও ২০২১ৰ ২৫ ডিচেম্বৰত লণ্ডনত প্ৰকাশিত গৱেষণাৰ তথ্য মতে, অমিক্ৰনৰ লক্ষণবোৰ হৈছে সাধাৰণ শৰীৰৰ বিষ,দুৰ্বলতা, ভাগৰ, মূৰৰ বিষ,জ্বৰ,কাহ যি কেতিয়াবা চৰ্দিৰ সৈতে নাকৰ পৰা পানী ওলাই থকা, হাঁচি অহা ইত্যাদি৷ নতুন দিল্লীস্থ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ [এইমছ] সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই দেশবাসীক সতৰ্ক কৰি কয়-“Omicron is a more transmissible variant. দ্দ্বঙ্গ need to do two things to protect ourselves, first one is to take vaccines and the second is to follow Covid-ahpropriate behaviour.’’

ডাঃ গুলেৰীয়াই কয় যে প্ৰতিষেধক আৰু ক’ভিড বিধি, যেনে সময় মতে প্ৰতিষেধক গ্ৰহণ কৰা,মাস্ক পৰিধান কৰা,সামাজিক দূৰত্ব বজাই ৰখা,সঘনে হাত ধোৱা আদিৰ দৰে সাৱধানতা অৱলম্বন কৰি ক’ভিড-১৯১ বিস্তাৰ প্ৰতিৰোধ কৰিব পৰা যাব৷ দক্ষিণ আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দ্বাৰা কৰা অধ্যয়নত দেখা গৈছে যে সচৰাচৰ দেখা দিয়া লক্ষণবোৰ কাহ, ভাগৰ, চৰ্দি আদি কম ক্ষতিকাৰক ভাইৰাছৰ পৰা ইয়াক পৃথক কৰা কঠিন৷ অমিক্ৰনক লৈ আতংক যিমানে বৃদ্ধি হৈছে, সিমানেই ইয়াৰ সম্পৰ্কে মানুহৰ জ্ঞানৰো বৃদ্ধি পাইছে আৰু ন ন তথ্য পোহৰলৈ আহিব লাগিছে৷ অমিক্ৰনৰ সংক্ৰমণ দ্ৰুতগতিত হ’লেও ইয়াৰ ভয়াৱহতা কৰ’নাৰ অন্য ভেৰিয়েল্টতকৈ বহু কম৷ কিন্তু কি কি উপসৰ্গৰ পৰা বুজা যাব যে অমিক্ৰন হয় নে নহয়৷ ইতিমধ্যে এই সম্পৰ্কে বিজ্ঞানীসকলে বহুতো তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ অন্য ৰূপত ৰোগীয়ে যেনেকৈ স্বাদ বা গোন্ধ নাপায়,অমিক্ৰনৰ ক্ষেত্ৰত সেই সমস্যা নাথাকে৷ সম্প্ৰতি ইংলেণ্ডৰ কেইজনমান চিকিৎসকে পৰীক্ষা কৰি পাইছে যে অমিক্ৰন সংক্ৰমিত ব্যক্তিৰ ৰাতি টোপনিত অত্যন্ত ঘাম ওলায়৷ এইটো হ’ল অমিক্ৰনৰ অন্যতম লক্ষণ৷ অমিক্ৰনত আক্ৰান্ত ৰোগীসকলৰ বেছিভাগৰ ক্ষেত্ৰতে এই লক্ষণটো দেখা গৈছে৷ অমিক্ৰন ক’ভিড-১৯১ ডেল্টা প্ৰকাৰতকৈ ৯১ শতাংশই কম মাৰাত্মক৷ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ আশংকাও প্ৰায় ৫১ শতাংশ কম৷ ডেল্টা প্ৰকাৰতকৈ অমিক্ৰন যথেষ্ট দ্ৰুতগতিত বিয়পি থকাৰ ধাৰাবাহিক প্ৰমাণ পোৱা গৈছে৷ যেতিয়া ভাইৰাছ এটা ব্যাপকভাৱে ব্যাপ্ত হৈ থাকে আৰু অসংখ্য সংক্ৰমণ সৃষ্টি কৰে,তেতিয়া ভাইৰাছটোৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়৷ ভাইৰাছ এটা যিমানে বিয়পিব, সিমানে ইয়াৰ সঘন পৰিৱৰ্তন হয়৷ প্ৰাণী দেহত এবাৰ এটা ভাইৰাছে আক্ৰমণ কৰিলে দ্বিতীয়বাৰ তেনে ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে৷ প্ৰাণীৰ দেহত সেই ভাইৰাছৰ প্ৰতি অসংক্ৰাম্য [immune] গঢ়ি উঠে৷ ভাইৰাছে জীৱ দেহত আক্ৰমণ কৰিলে দেহকোষত একধৰণৰ ৰাসায়নিক বস্ত প্ৰস্তুত হয় আৰু ইয়েই পৰৱত্তৰ্ী আক্ৰমণক বাধা দিয়ে৷ দক্ষিণ আফ্ৰিকাৰ গৱেষকসকলে দেখিছে যে যিসকল লোক কৰ’নাৰ ডেল্টাৰ দ্বাৰা আক্ৰান্ত হৈছিল, সেইসকল লোক কৰ’নাৰ উৎপৰিৱৰ্তিত ৰূপ অমিক্ৰনৰ[Omicron] দ্বাৰাও আক্ৰান্ত হৈছে৷ কিন্তু যিসকল কৰ’নাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হৈছে, সেইসকল কৰ’না ডেল্টাৰ দ্বাৰা আক্ৰান্ত হোৱা নাই৷ তেওঁলোকে গৱেষণা কৰি দেখিবলৈ পাইছে যে কৰ’নাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে মানুহৰ শৰীৰত ইমিউনিটী বঢ়াই তুলিছে৷ কৰ’নাৰ অন্যান্য ভেৰিয়েন্ট ডেল্টাত যিটো দেখিবলৈ পোৱা নগৈছিল৷ মানুহৰ শৰীৰৰ সেই ইমিউনিটী আৰু বাঢ়ি যাব যদিহে কৰ’নাৰ দুয়োপালি প্ৰতিষেধক লোৱা হয়৷ গৱেষকসকলে লক্ষ্য কৰিছে যে কৰ’নাৰ নতুন ভেৰিয়েন্ট অমিক্ৰন [Omicron] ডেল্টাৰ সমান ভয়াৱহ নহয়৷ ডেল্টাৰ প্ৰভাৱত মানুহৰ শৰীৰত যি দুৰ্বলতাৰ সৃষ্টি হৈছিল, সেই দুৰ্বলতা অমিক্ৰনৰ প্ৰভাৱত সৃষ্টি হোৱা ইমিউনিটীয়ে দূৰ কৰিছে৷ দক্ষিণ আফ্ৰিকাৰ সেই গৱেষণাত যি তথ্য পোৱা গৈছে, তাৰ পৰা বুজা যায় যে বিশ্বজুৰি কৰ’নাৰ প্ৰতিষেধক বঢ়াব পাৰিলে ভৱিষ্যতে কৰ’নাৰ শেষ হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে প্ৰতিষেধক লোৱা আৰু ক’ভিডবিধি মানি চলাতো অত্যাৱশ্যকীয়৷ অমিক্ৰন ভেৰিয়েন্টৰ বিষয়ে বিশেষজ্ঞসকলৰ গৱেষণাত ন ন তথ্য ওলায়েই আছে৷ প্ৰাপ্ত তথ্য মতে, ডেল্টা প্ৰকাৰৰ তুলনাত অমিক্ৰনৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা হ্ৰাস হৈছে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে ইয়াক মৃদু সংক্ৰমণ বুলি উলাই কৰা উচিত নহয়৷ বৰ্ধিত সংক্ৰমণৰ ফলত চিকিৎসালয়ত অধিক ৰোগী ভৰ্তি হোৱাৰ সম্ভাৱনা আছে৷ এই বৃদ্ধিৰ ফলত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্যসেৱা প্ৰণালীৰ ওপৰত যথেষ্ট হেঁচা পৰিব,যাৰ ফলত অধিক মৃত্যু হ’ব পাৰে৷ গৱেষকসকলে ক’ভিড-১৯১ ভেক্‌চিনৰ কাৰ্যকৰীতাৰ ওপৰত অমিক্ৰন প্ৰকাৰৰ যিকোনো সম্ভাব্য প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰি আছে৷  বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ মতে, বৰ্তমানে উপলব্ধ ভেক্‌চিনবোৰে ৰোগ আৰু মৃত্যুৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব পাৰিব৷ আন বহুলভাৱে বিয়পি থকা প্ৰকাৰ, যেনে ডেল্টা একৰ পৰা সুৰক্ষিত কৰিবলৈ টিকাকৰণ কৰাটোও গুৰুত্বপূৰ্ণ৷ সৰ্বাধিক সুৰক্ষা পাবলৈ দুয়োপালি প্ৰতিষেধক প্ৰদান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ

Head of Epidemiology গু Communicable Diseases at Indian Council of Medical Researchৰ মুৰব্বী সমীৰণ পাণ্ডাই কয়-

The clinical picture emerging worldwide is that Omicron is causing only mild disease. Even a third dose will not prevent acquisition of Omicron. These vaccines do not prevent infections. They only reduce severity. ত্ৰপ্স, those who have already received the vaccine, even if they get infected with Omicron, it will cause mild disease only. ত্ৰপ্স, the argument that lower efficacy of vaccine caused mild disease does not hold true. পৃথিৱীজুৰি অমিক্ৰনে কেৱল মৃদু ৰোগ সৃষ্টি কৰিছে৷ আনকি তৃতীয়পালি ভেক্‌চিনেও অমিক্ৰনৰ সংক্ৰমণক প্ৰতিহত নকৰে৷ এইবোৰে কেৱল তীব্ৰতাহে হ্ৰাস কৰে৷ সম্প্ৰতি দক্ষিণ আফ্ৰিকাতে এই বিষয়ে গৱেষণা আৰম্ভ হৈছে৷ কৰ’নাৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে মানৱদেহত এক শক্তিশালী ইমিউনিটী তৈয়াৰ কৰিছে৷ সেয়েহে ইয়াৰ লগত কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰিলে আৰু অধিক কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে৷ দক্ষিণ আফ্ৰিকাৰ গৱেষকসকলে দেখিবলৈ পাইছে যে কৰ’না ভাইৰাছৰ অমিক্ৰনৰ প্ৰকাৰ তীব্ৰগতিত বিয়পি আছে যদিও ৰোগীসকলক বেছি প্ৰভাৱিত কৰিব পৰা নাই৷ সেইবাবে চিকিৎসক আৰু বিজ্ঞানীসকলৰ এটা অংশই মানুহৰ মাজত আশাৰ সঞ্চাৰ কৰি কৈছে যে অমিক্ৰনে নিজেই হয়তো এদিন প্ৰাকৃতিক ভেক্‌চিন হিচাপে কাম কৰিব পাৰিব৷ কিন্তু এয়া এক সম্ভাৱনাহে৷ ঘাটক ক’ভিড-১৯১ ন ন ভেৰিয়েন্টৰ পৰা নিজকে সুৰক্ষিত  কৰিবলৈ হ’লে আমি সকলোৱেই  আনৰ পৰা কমেও ৰমিটাৰ শাৰীৰিক দূৰত্ব বজাই ৰখা, ভালদৰে খাপ খোৱাকৈ মাস্ক পৰিধান কৰা ভেণ্টিলেচন উন্নত কৰিবলৈ খিৰিকী খুলি ৰখা, বেয়াকৈ বতাহ চলাচল কৰা আৰু জনাকীৰ্ণ ঠাই পৰিহাৰ কৰা,হাত পৰিষ্কাৰকৈ ৰখা আৰু প্ৰতিষেধকৰ কেউপালি গ্ৰহণ কৰা ইত্যাদি ক’ভিডবিধি মানি চলাৰ ব্যতিৰেকে অন্য কোনো গত্যন্তৰ নাই৷