Logo
image

কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়

কেইমাহমান পূৰ্বে কৃষি বিভাগৰ তৃণমূল পৰ্যায়ৰ ৰাজপত্ৰিত বিষয়া এজনৰ লগত চিনাকি হোৱাৰ সৌভাগ্য হৈছিল৷ বিষয়াজনৰ বিভাগীয় পদমৰ্যাদা হ’ল ঃ কৃষি উন্নয়ন বিষয়া৷ চিনাকি পৰ্বৰ প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত আমাৰ মাজত অসমৰ কৃষি ব্যৱস্থা তথা কৃষক সম্পৰ্কীয় কথাই ঘাইকৈ আলোচনা হৈছিল৷ দীৰ্ঘসময়ৰ সেই আলোচনাৰ মাজতে  মই তেওঁক সুধিছিলোঁঃ ‘আপোনাৰ চৰকাৰী কাৰ্যালয়টো ক’ত আছে৷’ তেওঁ উত্তৰ দিছিল ঃ ‘আমাৰ অৰ্থাৎ কৃষি উন্নয়ন বিষয়াসকলৰ নিজস্ব কোনো কাৰ্যালয় নাই৷’ আক্ষেপভৰা উত্তৰটো দিয়াৰ সময়ত তেওঁৰ অলপ সময় লাগিছিল, তেওঁ অলপ ইতস্ততঃবোধ কৰিছিল৷ সেই আলোচনা, কিছু সংগৃহীত তথ্য আৰু মোৰ মনত ভূমুকি মৰা চিন্তাৰ আধাৰত দুটামান কথা সচেতন পঢ়ুৱৈ, বিভাগীয় কতৃৰ্পক্ষ আৰু চৰকাৰলৈ বুলি আগবঢ়াবলৈ মন গ’ল৷ অসমৰ কৃষক তথা কৃষিক্ষেত্ৰৰ উন্নয়নৰ লগত পৰোক্ষভাৱে সম্পৰ্ক থকা বুলি অনুভৱ হোৱা কথাখিনি হ’ল এনেকুৱা ঃ

সেইদিনা ৰাজপত্ৰিত কৃষি বিষয়াজনৰ মুখত শুনা কাৰ্যালয় সম্পৰ্কীয় কথাটো পোনছাটে বিশ্বাস কৰিবলৈ মোৰ বাবে অলপ কঠিন হৈছিল৷ পাছত নিশ্চিত হ’লোঁ যে বিষয়াজনে কোৱাধৰণে কৃষি বিভাগৰ ক্ষেত্ৰপৰ্যায়ত কৰ্মৰত কৃষি উন্নয়ন বিষয়াসকলৰ আজিৰ তাৰিখত কোনো নিজস্ব চৰকাৰী কাৰ্যালয় সচাকৈয়ে নাই৷ বিভাগীয় কাগজ-পত্ৰ ৰাখিবলৈ, প্ৰতিবেদন-হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ, আন আন বিভাগীয় কাম-কাজ কৰিবলৈ, উপদেশ বিচাৰি তেওঁলোকক লগ কৰিবলৈ অহা কৃষকক বহিবলৈ দিবলৈ নাই কোনো বিভাগীয় সুবিধা৷ নিজৰ ঘৰত, সাময়িকভাৱে মহকুমা কৃষি বিষয়া-জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কোনোবা আন বিষয়া-কৰ্মচাৰীৰ চকী-মেজ দখল কৰি তেওঁলোকে চৰকাৰী কাম-কাজ কৰে৷ শুনিবলৈ বেয়া যেন লাগিলেও, বিশ্বাস কৰিবলৈ টান হ’লেও সত্য কথা যে, মাজে সময়ে মটৰ চাইকেলৰ ‘ছিট’ বা চাৰিচকীয়াৰ ওপৰত লৈ কৃষকে দাখিল কৰা আবেদন-পত্ৰ বা বিভাগীয় কাগজ-পত্ৰত তেওঁলোকে স্বাক্ষৰ কৰিবলগীয়া হয়৷

 বৰ্তমান সময়ত এই চৰকাৰী ঠিকনাবিহীন বিষয়াসকলক বিচাৰি প্ৰায়েই কৃষকে হাহাকাৰ কৰিবলগীয়া হয়৷ কেতিয়াবা কোনোবা দিনৰ কোনোবা ক্ষণত  পৰিৱেশ এনেকুৱাও হয় যে জিলাৰ উচ্ছপদস্থ কৃষি বিষয়াসকলৰ বাবে তৎক্ষণাৎ উত্তৰ দিবলৈ কঠিন হয় সেই দিনটোত তেওঁলোকৰ অধীনস্থ কৃষি উন্নয়ন বিষয়া এজন ক’ত চৰকাৰী দায়িত্ব পালন কৰি আছে, কি দায়িত্ব পালন কৰি আছে৷ তেওঁলোকে ম’বাইল ফোন ব্যৱহাৰ কৰাটো অপৰিহাৰ্য৷ একেধৰণৰ কথা কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ সম্প্ৰতি কৃষক আৰু কৃষি বিষয়াৰ মাজত এটা অনাকাংক্ষিত ব্যৱধান বিদ্যমান, যাক কৃষি তথা কৃষকৰ আশাব্যঞ্জক উন্নয়নৰ  এক প্ৰধান হেঙাৰ হিচাপে চিহ্নিত কৰিব পৰা যায়৷ সেয়েহে হয়তো এচাম কৃষকে অভিযোগৰ সুৰত ক’বলৈ বাধ্য হয় যে তেওঁলোকে কৃষি বিষয়া-কৃষি সম্প্ৰসাৰণ সহায়কসকলক চিনি নাপায়, প্ৰয়োজনত লগ নাপায়, কৃষি বিভাগৰ আঁচনিৰ কথা জ্ঞাত নহয়৷ আন এচামৰ মতে, ম’বাইল ফোনৰ আগতীয়া সংযোগ অবিহনে তেওঁলোকক সাক্ষাৎ লাভ কৰাটো হেনো কঠিন৷ আমাৰ ধাৰণা, কৃষকৰ এইধৰণৰ অভিযোগ সম্বলিত কথাবোৰ একে আষাৰতে নশ্চাৎ কৰাটো  বিভাগটোৰ কাৰণে যথেষ্ট কঠিন৷

কৃষি বিভাগত কৰ্মৰত কৃষি বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী এই কৃষি উন্নয়ন বিষয়াসকল কৃষি কাৰিকৰী জ্ঞানেৰে পৰিপূৰ্ণ, যথেষ্ট কৰ্মোদ্যম আৰু কৰ্মদক্ষতা থকা বিষয়া৷ বিভাগীয় কামৰ ওপৰঞ্চিভাৱে তেওঁলোকে অতি নিয়াৰিকৈ আৰু দক্ষতাৰে সম্পাদন কৰে নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ৷  ভোটাৰ তালিকাৰ কাম, এন-আৰ-চি আদি বিভাগ বহিৰ্ভূত আন আন দায়িত্ব  দক্ষতাৰে সম্পাদন কৰি প্ৰশাসনৰ পৰা সদায়েই প্ৰশংসিত হয় এই বিষয়াসকল৷ কিন্তু নিজ বিভাগৰ কৰ্মসন্তুষ্টি বিষয়ক প্ৰশ্নৰ ইতিবাচক উত্তৰ দিব পৰা বিষয়া আঙুলিৰ মূৰত লেখিব পৰা ধৰণৰ৷ ইমান গুৰুত্বপূৰ্ণ বিভাগ এটাৰ কাৰণে এই কথাটো আমি অতি চিন্তনীয় বুলি বিবেচনা কৰোঁ৷

দিনকাল সলনি হ’ল৷ সলনি হ’ল কৃষকৰ মনোবৃত্তি, আচৰণ, তেওঁলোকৰ কৃষি কৰ্মৰ ধৰণ৷  কৃষিকাৰ্য সম্প্ৰতি ব্যৱসায়লৈ ৰূপান্তৰিত হ’ল৷ অসমৰ কৃষকে উৎপাদন কৰা শস্য আকাশীযানেৰে গৈ বিদেশৰ বজাৰ পালে৷ গ্ৰোথ্‌ হৰমন, এন-পি-কে, ক’ল্ড ষ্টোৰেজ, ক’ল্ড ছেইন, মাল্টিপল্‌ ক্ৰ’পিং, গ্ৰাফ্‌-টিং, বাডিং, অৰ্গেনিক কাল্টিভেশ্বন্‌, ড্ৰিপ্‌ ইৰিগেশ্বন, ভাৰ্‌-মি কমপ’ষ্ট, মাল্‌-চিং, গ্ৰীণ হাউচ, শ্বেড্‌ নেট্‌ হাউচ, ফাউণ্ডেশ্বন চিড্‌, ব্ৰীডাৰ চিড্‌, হাইব্ৰীড চিড্‌, প’টেটো ট্ৰেন্সপ্লেন্টাৰ আদি শব্দবোৰ অনায়াসে আওৰাব পৰা কৃষকৰ সংখ্যা বহুত হ’ল ৷ ষ্ট্ৰবেৰী, আপেল বগৰী, ঝুকুনী, ড্ৰেগন ফ্ৰুইট, ব্লেক ৰাইছ, তৰমুজ, আদিৰ খেতি কৰা কৃষকৰ সংখ্যা ধীৰে ধীৰে বৃদ্ধি পালে৷ আপেল, অইল পাম আৰু মাল্টাৰ খেতি কৰিবলৈও কৃষক আগবাঢ়ি আহিল৷ খেতিৰ ওপৰঞ্চিভাৱে অলংকাৰী মাছ উৎপাদন কৰা, একুয়েৰিয়াম তৈয়াৰ কৰা কৃষকো ওলাল৷ কৃষকৰ ঘৰৰ পৰা কেঁকোৰা নাঙল, যঁুৱলি, মৈ, ডাকুৰা, হালোৱা গৰু প্ৰায় অন্তৰ্ধান হ’ল৷ গাঁৱত পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ধানৰ কঠিয়া ৰোৱা, ধান কটা, মৰণা মৰা যন্ত্ৰ সোমাল৷ লাহনীৰে পানী সিঁচি খেতি কৰা দিন উকলিল৷ সৌৰ শক্তিযুক্ত অগভীৰ নলীনাদৰ সহায়েৰে ভূগৰ্ভৰ পৰা পানী উলিয়াই কৃষকে খেতি কৰা হ’ল৷ কৃষি যান্ত্ৰিকীকৰণ আৰু ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰিণতিত খেতিপথাৰত কেঁচু, কুমটি, ভেকুলী, মাছ, কুঁচিয়া, জোঁক, চেৰপা, ডাঁহ আদি নোহোৱা হোৱাৰ লগতে মাটিত প্ৰাকৃতিকভাৱে উপলব্ধ অতি লাগতীয়াল অনুজীৱবোৰ সমূলঞ্চে ধবংস হ’ল৷ সমান্তৰালভাৱে ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে কৃষকে উৎপাদন কৰা পাচলিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ সঘনে উত্থাপিত হ’বলৈ আৰম্ভ কৰিলে৷ কোনো কোনো কৃষকে এবিধ নিষিদ্ধ হৰমনজাতীয় ঔষধ বেজিৰ সহায়েৰে লাউজাতীয় শস্যৰ কলিত সুমুৱাই দুদিনতে ডাঙৰ কৰি বজাৰত বিক্ৰী কৰে বুলিও অভিযোগ অনা  হৈছে৷ ইয়াৰ মাজতে জৈৱিক কৃষিৰ প্ৰয়োজনীয়তাৰ কথা এচাম কৃষক তথা ৰাইজে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে ৷ কৃষি ব্যৱস্থাৰ এই পৰিৱৰ্তিত পৰিৱেশ-পৰিস্থিতিত কৃষকে কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীক সঘনাই বিচৰা হৈছে৷ কৃষি বিশেষজ্ঞ, কৃষি বিষয়া সমন্বিতে কৃষি বিভাগৰ দায়িত্ব আৰু কৰ্তব্য পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷ কৃষি বিভাগৰ প্ৰয়োজনীয়তা আৰু দায়িত্ব দিনে দিনে বৃদ্ধি পাইছে৷

কৃষিক্ষেত্ৰ, কৃষক তথা কৃষিকৰ্মৰ আমূল পৰিৱৰ্তন দৃষ্টিগোচৰ হোৱাৰ পাছতো কৃষি বিভাগটোৰ কৰ্মপদ্ধতিৰ বিশেষ কোনো পৰিৱৰ্তন কিন্তু ৰাইজৰ চকুত পৰা নাই৷ বিশেষকৈ কৃষক আৰু কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ মাজত থাকিবলগীয়া সু-সম্পৰ্কৰ ক্ষেত্ৰত৷ অতি আচৰিত আৰু চিন্তনীয় কথা যে এনেকুৱা সময়তো বিভাগটোৰ লগত জড়িত হৈ থকা উচ্ছপদস্থ বিষয়া  তথা চৰকাৰে কৃষি বিভাগৰ তৃণমূল পৰ্যায়ৰ কৃষি উন্নয়ন বিষয়াৰ লগতে কৃষি সম্প্ৰসাৰণ সহায়কসকলক গৰিষ্ঠসংখ্যক কৃষকৰ ওচৰ চপাব পৰা নাই, তেওঁলোকৰ সহজ আৰু নিশ্চিত উপলব্ধতাৰ কথা  চিন্তা কৰা নাই৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ বিচাৰি উলিয়াবলৈ আমি সক্ষম হোৱা নাই৷ আমি বুজিব পৰা নাই কৃষক তথা কৃষিক্ষেত্ৰৰ বিকাশ ত্বৰান্বিত কৰাৰ স্বাৰ্থত তৃণমূল পৰ্যায়ৰ এইসকল বিষয়া-কৰ্মচাৰীৰ স্থায়ী ঠিকনাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা কৃষি বিভাগৰ বৰমূৰীয়াসকলে, বিভাগীয় মন্ত্ৰী তথা চৰকাৰে কিয় এতিয়ালৈকে উপলব্ধি কৰা নাই? কাৰণ কি, অভাৱ কিহৰ? ধনৰ, চিন্তাৰ, দূৰদৰ্শিতাৰ, আন্তৰিকতাৰ নে অইন কিবা? দলং লাগে-ৰাস্তা লাগে, ধনৰ অভাৱ নাই, চিকিৎসালয়-চিকিৎসা মহাবিদ্যালয় লাগে, ধনৰ অভাব নাই; মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই কৰিব লাগে, ধনৰ অভাৱ নাই; শিক্ষাৰ্থীক স্কুটী-বুলেট দিব লাগে, ধনৰ অভাৱ নাই; সময়ে সময়ে মন্ত্ৰী-বিধায়কৰ দৰমহা বঢ়াব লাগে, হৈ যাব-ৰাজকোষত ধন আছে ... ৷ ৰাইজে কিন্তু আপত্তি কৰা নাই৷ এইবোৰ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত কৰিবলগীয়া প্ৰয়োজনীয় কাম, ভাল কাম, আদৰণীয় পদক্ষেপ৷ কিন্তু অসমৰ অৰ্থনীতিৰ মূল আধাৰ কৃষিক্ষেত্ৰ আৰু সদায়েই অনাদৃত-অৱহেলিত হৈ থকা কৃষকৰ উন্নয়নৰ লগত আওপকীয়াকৈ জড়িত হৈ থকা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় নিৰ্মাণৰ বেলিকা কোনো এখন চৰকাৰে কিয় আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই? সংশি¡ষ্ট বিভাগে বিচৰা নাই নে চৰকাৰে তাৰ প্ৰয়োজন বোধ কৰা নাই? নে এই ব্যৱস্থাৰ কোনো প্ৰয়োজনেই নাই? আমাৰ মনৰ কথাঃ এই বিষয়টোৰ ওপৰত চৰকাৰে অনতিপলমে অসমৰ কৃষক, কৃষি সম্প্ৰসাৰণ সহায়ক আৰু কৃষি উন্নয়ন বিষয়াসকলৰ পৰা মতামত সংগ্ৰহ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ অসমৰ কৃষি ব্যৱস্থাৰ আমূল পৰিৱৰ্তনত ইন্ধন হিচাপে কাম কৰিব পৰা এই কামটো কৰা অত্যন্ত জৰুৰী৷ আমি অন্তঃকৰণে আশা কৰিম ভৱিষ্যতে যাতে, ১৮৮২ চনত স্থাপিত হোৱা অসম কৃষি বিভাগৰ কোনোবা কৃষি উন্নয়ন বিষয়াই তেওঁলোকৰ কোনো নিজস্ব কাৰ্যালয় নাই বুলি দুনাই আক্ষেপ কৰিবলগীয়া নহয়; কৃষকে কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলক চিনি নাপায় বুলি, লগ নাপায় বুলি, বিভাগীয় আঁচনিবোৰৰ কথা নাজানোঁ বুলি ক’ব নালাগে,  কোনো ব্যক্তিয়ে কোনোবা দিনা সুধিলেও জিলা কৃষি বিষয়াকে সামৰি জিলাখনৰ উচ্ছপদস্থ বিষয়াসকলে যাতে তৎক্ষণাৎ উত্তৰ দিব পাৰে যে সেই দিনটোত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকল ক’ত আছে৷

পুনশ্চঃ লেখাটোত উল্লেখ কৰা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়টোৰ ৰূপৰেখা কেনেকুৱা হোৱা উচিত? এই সম্পৰ্কে  আমাৰ মনলৈ অহা ছবিখনৰ কিয়দাংশ ঃ কৃষি চক্ৰটোৰ অন্তৰ্গত এক সূচল যাতায়াত  ব্যৱস্থা থকা স্থানত এই কাৰ্যালয়টো নিৰ্মাণ কৰা হওক৷ সেই কাৰ্যালয়টোৰ লগত একেটা চৌহদতে এটা ভঁৰাল ঘৰ, এটা কৃষক প্ৰশিক্ষণ গৃহ আৰু বিষয়া-কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয় আৱাসগৃহ থাকিব৷  কৃষি উন্নয়ন বিষয়া আৰু তেওঁৰ অধীনস্থ কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ উপৰিও উক্ত কাৰ্যালয়ত থাকিব এজন নিম্নবৰ্গৰ সহায়ক, এজন কৃষি উপ-পৰিদৰ্শক আৰু এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী৷