Logo
image

ক্ৰিপ্ট’কাৰেঞ্চীয়ে বৈধতা পালে

... ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰিলে যে লাভেই হ’ব তাৰ কোনো নি(য়তা নাই৷ উদাহৰণস্বৰূপে  ১০ নৱেম্বৰত এক বিটকইনৰ মূল্য ৬৮,০০০ ডলাৰ আছিল আৰু আজি ইয়াৰ মূল্য হৈছে ৩৮,০০০ ডলাৰ অৰ্থাৎ যোৱা তিনি মাহত ইয়াৰ মূল্য হ্ৰাস পায় ৪৪  শতাংশ৷ তিনিমাহ আগেয়ে ১০০ টকাৰে বিটকইন কিনিলে আজি তাৰ মূল্য ৬৬ টকাহে হ’ব৷ তেনেদৰে ইথেৰিয়ামৰ মূল্য ৮০ দিনত ৪২ শতাংশ হ্ৰাস পায়৷ বজাৰৰ এই মন্দা অৱস্থা কিমান দিনলৈ চলে তাক কোনেও ক’ব নোৱাৰে৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ বজাৰত অনি(য়তা শ্বেয়াৰ বজাৰতকৈ বহু বেছি৷ সেয়েহে ইয়াত বিনিয়োগ কৰাৰ আগতে সম্ভাব্য বিপদৰ কথা ভাবি ল’ব লাগে ...

পহিলা ফেব্ৰুৱাৰী, ২০১৮ত তদানীন্তন বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলিয়ে বাজেট দাখিল কৰোঁতে ক্ৰিপ্ট’কাৰেঞ্চী সম্পৰ্কে কৈছিল যে ই এবিধ বৈধ মুদ্ৰা নহয়, ভাৰতত ইয়াৰ প্ৰয়োগ বন্ধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত ল’ব আৰু ধনৰ আদান-প্ৰদানত ক্ৰিপ্ট’কাৰেঞ্চীৰ ব্যৱহাৰক অবৈধ হিচাপে গ্ৰহণ কৰা হ’ব৷ ইয়াৰ পাছতে ২০১৮ চনৰ এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক নিৰ্দেশনাৰ জৰিয়তে সকলো বেংকৰ গ্ৰাহকক বেংকত জমা থকা ধন ক্ৰিপ্ট’কাৰেঞ্চী ক্ৰয়ত ব্যৱহাৰ বন্ধ কৰি দিয়ে৷ তেনেদৰে ক্ৰিপ্ট’কাৰেঞ্চী বিক্ৰী কৰি পোৱা ধন বেংকত সোমোৱা বন্ধ কৰে৷ বিনিয়োগকাৰীয়ে উপায় নাপাই উচ্ছতম ন্যায়ালয়ৰ ওচৰ চাপে৷ সেই বছৰে  উচ্ছতম ন্যায়ালয়ে ৰায়দান কৰে যে ক্ৰিপ্ট’কাৰেঞ্চী অবৈধ বুলি ঘোষণা কৰি নতুন আইন প্ৰণয়ন নোহোৱাপৰ্যন্ত ইয়াক অবৈধ হিচাপে গ্ৰহণ কৰিব নোৱাৰিব৷ মাৰ্চ, ২০২০ত ৰিজাৰ্ভ বেংকে সেই নিষেধাজ্ঞা উঠাই লয়৷ আজি কিছু বছৰৰ পৰা চৰকাৰে এই ইংগিত দিছিল যে ক্ৰিপ্ট’কাৰেঞ্চীৰ পৰা হোৱা আয়ৰ ওপৰত বিনিয়োগকাৰীয়ে কৰ দিব লাগিব৷ তাৰেই ফলত  ৰ ফেব্ৰুৱাৰীত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত ক্ৰিপ্ট’কাৰেঞ্চীৰ ওপৰত ৩০ শতাংশ কৰৰ বোজা জাপি দিয়া হয়৷ লগতে ক্ৰিপ্ট’কাৰেঞ্চীৰ বাবে যি ধন বিনিয়োগ কৰিব, তাৰ ওপৰতো ৰণ কৰ দিব লাগিব৷ এই ব্যৱস্থাৰ দ্বাৰা চৰকাৰে ক্ৰিপ্ট’কাৰেঞ্চীৰ বিনিয়োগত বৈধতা প্ৰদান কৰে৷ ইয়াৰ লগে লগে লাভাংশৰ ওপৰত ৩০  শতাংশ কৰ জাপি দি বিনিয়োগকাৰীৰ লাভৰ এক বৃহৎ অংশ কাঢ়ি ল’বলৈ চৰকাৰ সক্ষম হ’ব৷ আনকি ভাৰত চৰকাৰে ভৱিষ্যতে নিজৰ ডিজিটেল মুদ্ৰা প্ৰচলন কৰাৰ কথা বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷

ক্ৰিপ্ট’কাৰেঞ্চী হ’ল একধৰণৰ ডিজিটেল মুদ্ৰা৷ এই মুদ্ৰা কোনো এখন ৰাষ্ট্ৰই প্ৰচলন কৰা নহয়৷ ই এবিধ ভাৰ্চুৱেল মুদ্ৰা৷ ইয়াক আমি হাতেৰে চুব নোৱাৰোঁ, ছফ্‌টৱেৰ আৰু ইণ্টাৰনেট মাধ্যমত ৰখা এবিধ বিশেষ মুদ্ৰা৷ ব্লকচেইন নামৰ এক জটিল এল্‌গ’ৰিথ্‌ম আৰু ক্ৰিপ্ট’গ্ৰাফীৰ সহায়ত সম্পূৰ্ণ সুৰক্ষাৰ মাজত ইয়াৰ আদান-প্ৰদান কৰা হয়৷ ক্ৰিপ্ট’গ্ৰাফীৰ সহায়ত যে এনেধৰণৰ মুদ্ৰা বজাৰত ওলাব পাৰে তাৰ ধাৰণা দিছিল ২০০৮ চনত সাতোশি নাকামোতো নামৰ এজন অজ্ঞাত ব্যক্তিয়ে৷ ২০০৯ চনত এই ছদ্মনামৰ ব্যক্তিজনে প্ৰথমে বিটকইন নামৰ  মুদ্ৰাৰ অনলাইন মাধ্যমেৰে বজাৰৰ লেনদেন আৰম্ভ কৰে৷ ২০১১ চনত এটা বিটকইন মুদ্ৰাৰ মূল্য আছিল এক ডলাৰ৷ শুনিলে আচৰিত হ’ব যে যোৱা বছৰৰ ১০ নৱেম্বৰত ইয়াৰ সৰ্বোচ্ছ মূল্য হৈছিল ৬৮,০০০ ডলাৰ৷ তেনেদৰে আন এবিধ বহুল প্ৰচলিত ইথেৰিয়াম নামৰ ক্ৰিপ্ট’কাৰেঞ্চীৰ ২০১৪ চনত মূল্য আছিল ০.৩ ডলাৰ, তাৰ বিপৰীতে যোৱা বছৰ হয়গৈ ৪,৮৯১ ডলাৰ৷ ভাবিলে আচৰিত লাগে যে পাঁচ বছৰ আগত হাজাৰ টকা বিনিয়োগ কৰা এজনে আজি কোটিপতি হৈ পৰিছে৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ এই অভাৱনীয় উত্থানৰ কাৰণ হ’ল– যোগান আৰু চাহিদাৰ অসমতা৷ কমসংখ্যক উপলব্ধ বিটকইনক অধিকসংখ্যক বিনিয়োগকাৰীয়ে যেতিয়া খেদি ফুৰিছে আৰু যিকোনো দামৰ বিনিময়ত কিনিবলৈ কুণ্ঠাবোধ কৰা নাই, তেতিয়া বিটকইনৰ মূল্য অস্বাভাৱিকভাৱে ঊধবৰ্গামী হৈছে৷ বিনিয়োগকাৰীৰ ধাৰণা যে ভৱিষ্যতে বিশ্বৰ বজাৰ ১০০ শতাংশ ক্ৰিপ্ট’কাৰেঞ্চীয়ে দখল কৰিব৷

বিটকইন আৰু ইথেৰিয়ামৰ বাহিৰেও বজাৰত উপলব্ধ ক্ৰিপ্ট’কাৰেঞ্চী হ’ল লাইটকইন, এক্স আৰ পি, ষ্টেলাৰ, টেথাৰ, কাৰ্ডান, শ্বিবা ইনো, ছোলানা, ড’গিকইন, বিনান্স কইন, প’{¨াডট, পলিমথ আদি৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ লেনদেন হয় এজন গ্ৰাহকৰ কম্পিউটাৰৰ পৰা আন এজন গ্ৰাহকৰ কম্পিউটাৰলৈ, যাক কোৱা হয় ক্ৰেতা-বিক্ৰেতাৰ নেটৱৰ্ক৷ ই কোনো চৰকাৰী বা বেচৰকাৰী অৰ্থনৈতিক প্ৰতিষ্ঠানৰ মাজেৰে নাযায় বা ইয়াৰ কোনো নিয়ন্ত্ৰণকাৰী বা প্ৰশাসক প্ৰতিষ্ঠান নাই৷ অনলাইন মাধ্যমেৰে লেন-দেন হয় অতি ক্ষিপ্ৰ আৰু নিৰাপদভাৱে৷ লেনদেনৰ সময়ত বিনিয়োগকাৰীৰ পৰিচয় দিবলগীয়া নহয়৷ এখন দেশৰ পৰা আন এখন দেশলৈ ধন পঠিয়াবলৈ বেংকক শকত পৰিমাণৰ শু{¨ পৰিশোধ কৰিবলগীয়া হয়৷ বিটকইনৰ ক্ষেত্ৰত এই পৰিমাণ অতি নগণ্য৷ বিদেশী মুদ্ৰা অৰ্জনৰ সহজ পথ হিচাপে ক্ৰিপ্ট’কাৰেঞ্চী অতি উপযোগী হৈ পৰিছে৷ বিশ্বৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠানে বিটকইনক বৈধ মুদ্ৰা হিচাপে গ্ৰহণ কৰে, ইয়াৰ ভিতৰত মাইক্ৰ’ছফ্‌ট টেছ্‌লা, ষ্টাৰবাক, পেপল, কোকাকোলা আদি৷ ২০১৩ চনত কানাডাৰ ভ্যানক্যুভাৰত বিটকইনৰ প্ৰথম এটিএম মেচিন স্থাপিত হয়৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ এটিএমৰ সংখ্যা বৰ্তমান ১০,০০০লৈ বৃদ্ধি পাইছে৷ আনকি ভাৰততো ক্ৰিপ্ট’কাৰেঞ্চীৰ এটিএম স্থাপন হৈছে৷

ভাৰতত ক্ৰিপ্ট’কাৰেঞ্চীৰ বিনিয়োগকাৰীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইক’নমিক টাইম্‌ছত প্ৰকাশিত বাতৰি অনুযায়ী যোৱা বছৰ অৰ্থাৎ ২০২১ চনত ২ কোটি ভাৰতীয়ই নতুনকৈ ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰিছে৷ ইয়াৰ বেছিভাগেই হৈছে ক্ষুদ্ৰ বিনিয়োগকাৰী৷ ভাৰতৰ প্ৰমুখ এক্সেঞ্জ ৱাজিৰ এক্সে জনোৱা মতে, যোৱা বছৰটোত ভাৰতীয় বিনিয়োগকাৰীয়ে সৰ্বমুঠ ৪৩ বিলিয়ন ডলাৰ [ভাৰতীয় মূল্য ৩ লাখ কোটিৰ ওপৰত] মূল্যৰ ক্ৰিপ্ট’কাৰেঞ্চী কিনা-বেচা কৰিছে৷ লেনদেনৰ এই পৰিমাণ ইয়াৰ আগৰ বছৰতকৈ ১৭৩৫ণ বেছি৷ অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিনিয়োগৰ ওপৰত চৰকাৰে নিজৰ দখল সাব্যস্ত কৰিবলৈ এইবাৰ বাজেটত ক্ৰিপ্ট’কাৰেঞ্চীৰ লাভাংশৰ ওপৰত কৰ জাপি দিছে৷

ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰিলে যে লাভেই হ’ব তাৰ কোনো নি(য়তা নাই৷ উদাহৰণস্বৰূপে ১০ নৱেম্বৰত এক বিটকইনৰ মূল্য ৬৮,০০০ ডলাৰ আছিল আৰু আজি ইয়াৰ মূল্য হৈছে ৩৮,০০০ ডলাৰ অৰ্থাৎ যোৱা তিনি মাহত ইয়াৰ মূল্য হ্ৰাস পায় ৪৪  শতাংশ ৷ তিনিমাহ আগেয়ে ১০০ টকাৰে বিটকইন কিনিলে আজি তাৰ মূল্য ৬৬ টকাহে হ’ব৷ তেনেদৰে ইথেৰিয়ামৰ মূল্য ৮০ দিনত ৪২ শতাংশ হ্ৰাস পায়৷ বজাৰৰ এই মন্দা অৱস্থা কিমান দিনলৈ চলে তাক কোনেও ক’ব নোৱাৰে৷ ক্ৰিপ্ট’কাৰেঞ্চীৰ বজাৰত অনি(য়তা শ্বেয়াৰ বজাৰতকৈ বহু বেছি৷ সেয়েহে ইয়াত বিনিয়োগ কৰাৰ আগতে সম্ভাব্য বিপদৰ কথা ভাবি ল’ব লাগে৷ ক্ৰিপ্ট’ বিশেষজ্ঞ আদিত্য সিঙৰ মতে, নিজৰ জমা ধনৰ মাত্ৰ ৰ বা ২ণহে ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰা উচিত৷ কিছুমান বিশেষজ্ঞৰ মতে, অনাগত দিনবোৰত ক্ৰিপ্ট’কাৰেঞ্চীৰ ঊধবৰ্মুখী যাত্ৰা ইমান সহজ নহয়৷ বিশেষকৈ বিশ্বৰ অনিশ্চিত বজাৰৰ বাবে ইয়াৰ মূল্যৰ সংশোধন অনিবাৰ্য৷ যিহেতু বিনিয়োগকাৰীৰ বেছিসংখ্যকৰ বয়স ২৫ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত, এই যুৱ বিনিয়োগকাৰীয়ে অধিক লাভৰ আশাত নিজৰ সকলো জমা ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহাৰ প্ৰৱণতা বাঢ়িছে৷ ইয়াৰ ফলাফল নি(য় সুখকৰ নহ’ব৷ দীৰ্ঘ সময়ৰ বাবেহে ক্ৰিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰিব লাগে৷