Logo
image

বিপজ্জনক সীমান্তত দিশহাৰা অসমৰ বহু শিক্ষাৰ্থী, শেষ হৈ আহিছে ফোনৰ বেটাৰী

প্ৰত্যাৱৰ্তন সহজ নহ’ব অসমৰ ছাত্ৰ-ছাত্ৰীৰ

আমাৰ অসম, ২৭ ফেব্ৰুৱাৰীঃ ইউক্ৰেইনত দেশৰ সেনাই শত্ৰু ৰুছ সেনাৰ বিৰুদ্ধে যুদ্ধ দিছে আৰু যুদ্ধবিধবস্ত দেশখনৰ ভয়ানক পৰিস্থিতিৰ সৈতে যুঁজ দিছে অসমৰ কেইবাশ শিক্ষাৰ্থীয়ে৷ ইয়াৰ ভিতৰত সকলোতকৈ বিপজ্জনক অৱস্থাত আছে ৰাছিয়াৰ সীমান্তৰ নিচেই ওচৰতে থকা কেইবাটাও অঞ্চলৰ ছাত্ৰ-ছাত্ৰী৷ ইউক্ৰেইনৰ উত্তৰ-পূবৰ ছামী প্ৰদেশৰ এখন মেডিকেল শিক্ষানুষ্ঠানত আবদ্ধ হৈ আছে ৪১ জনৰো অধিক ছাত্ৰ-ছাত্ৰী৷ ইয়াৰে কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ বাংকাৰ থকা এটা হোষ্টেলত আশ্ৰয় লৈ আছে যদিও আন কেইবাজনো ভাৰাঘৰ আৰু ফ্লেট আদিত অসুৰক্ষিতভাৱে থাকিবলগীয়া হৈছে৷ সেই দিশৰ পৰা ৰাছিয়াই আক্ৰমণ চলাই থকাত যিকোনো মুহূৰ্ততে অসুৰক্ষিত অৱস্থাত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আশ্ৰয় লৈ থকা ফ্লেট, ভাৰাঘৰ আদিত যিকোনো মুহূৰ্ততে ৰাছিয়াই আক্ৰমণ হানিব পাৰে৷ কিয়নো ছামী চহৰত উভয় পক্ষৰ মাজত এতিয়া প্ৰবল যুদ্ধ হৈ আছে৷ ছাত্ৰ-ছাত্ৰীসকল বাহিৰলৈ ওলাই যাব পৰা নাই চৌদিশে হৈ থকা যুদ্ধৰ বাবে৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে খাদ্য সংকটত ভোগাৰো আশংকা প্ৰবল হৈ পৰিছে৷ কিয়নো কেইবাদিনো পূৰ্বে তেওঁলোকে শেষবাৰৰ বাবে বজাৰলৈ গৈ খাদ্য, পানী ইত্যাদি ক্ৰয় কৰি আনিছিল৷ এতিয়া চহৰখনৰ দোকান-পোহাৰ সকলো বন্ধ৷ শত্ৰুৰ আক্ৰমণ ৰুধিবৰ বাবে কতৃৰ্পক্ষই অধিক সময় বিদ্যুৎ সংযোগ কৰ্তন কৰি দিছে৷ ফলত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ম’বাইল ফোনো ছাৰ্জ নোৱৰা অৱস্থাত পৰিছে৷ এনে পৰিস্থিতিত যিকোনো মুহূৰ্ততে তেওঁলোকৰ সৈতে পৰিয়ালৰ সংযোগ বিচ্ছিন্ন হৈ পৰাৰ আশংকাই দেখা দিছে৷ যুদ্ধবিধবস্ত খৰকিভ এলেকাতো অসমীয়া ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে৷ এই অঞ্চলত বৃহস্পতিবাৰৰ পৰাই যুদ্ধ চলি আছে৷ ৰাছিয়াই দখল কৰা ডনেৎস্ক আৰু লুগানস্ক চহৰতো আছে অসমৰ শিক্ষাৰ্থী৷ এই অঞ্চলটো ৰাছিয়াৰ পশ্চিম সীমাৰ কাষতে অৱস্থিত৷ আনহাতে সামান্য সুৰক্ষিত কিন্তু যুদ্ধৰ আশংকাত অসমৰ ৩০ জনতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে ইউক্ৰেইনৰ পূব দিশে উঝৰহড চহৰত৷ উঝৰহড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰৰ পৰা উদ্ধাৰ কৰা কাম আৰম্ভ হৈছে৷ পিছে এবাৰত উদ্ধাৰকাৰীয়ে ৫০০ জনকৈ ছাত্ৰ-ছাত্ৰী প্ৰতিবেশী দেশলৈ নিয়াৰ ফলত তিনি হাজাৰৰ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী থকা বিশ্ববিদ্যালয়খনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ কিয়নো প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰা মানৱীয় কাৰণতে উদ্ধাৰ কাৰ্য আৰম্ভ কৰা হৈছে যদিও উচ্ছ শ্ৰেণীত পঢ়ি থকা বাকীসকল ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ দেশৰ বাহিৰ ওলাব সেই লৈ আতংকিত হৈ পৰিছে৷ পঞ্চম, ষষ্ঠ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰিবলৈ এতিয়া চলাই থকা উদ্ধাৰ কাৰ্য অনুসৰি আৰু ছয়-সাতদিন সময়ৰ প্ৰয়োজন হ’ব৷ তেতিয়ালৈ উঝৰহড চহৰো ৰাছিয়াৰ সেনাই দখল কৰি লোৱাৰ আশংকা আছে৷ ইপিনে একেলগে দীঘলীয়া কনভয় কৰি বাছত ছাত্ৰ-ছাত্ৰীসকলক সীমান্তলৈ লৈ যাবলৈ উদ্ধাৰকাৰীয়ে ভয় কৰিছে৷ কিয়নো দীঘলীয়া কনভয় দেখিলে ৰাছিয়াৰ সেনাই সেয়া ইউক্ৰেইনৰ সেনাবাহিনীৰ কনভয় বুলি ভাবি ক্ষেপণাস্ত্ৰৰে বহু দূৰৰ পৰাই আক্ৰমণ কৰাৰ আশংকা আছে৷ সেয়ে ইউক্ৰেইনত এতিয়া একেলগে কেইবাখনো বাছ যোৱাটো বন্ধ কৰি দিয়া হৈছে৷ ফলত বিলম্ব ঘটিছে উদ্ধাৰ কাৰ্যত৷ ইয়াৰ বিপৰীতে পোলেণ্ড, ৰোমানিয়া আৰু হাংগেৰীৰ সীমান্তৰে চলা উদ্ধাৰ অভিযানে কেৱল পশ্চিম ইউক্ৰেইন বা ৰাজধানী কিয়েভৰ ছাত্ৰ-ছাত্ৰীসকলকহে সামৰি লৈছে৷ স্থলপথেৰে সমগ্ৰ দেশখন অতিক্ৰম কৰি পশ্চিম সীমান্ত পাবলৈ ১৩০০ কিলোমিটাৰ যোৱাটো কোনোপধ্যে সম্ভৱ আৰু সুৰক্ষিত নহয়৷ ভয়ানক গোলাবৰ্ষণ আৰু মিছাইল নিক্ষেপৰ মাজতে ভাৰত চৰকাৰেও ছাত্ৰ-ছাত্ৰীসকলক দূতাবাস বা হেল্পলাইনৰ সৈতে আগতীয়াকৈ যোগাযোগ নকৰাকৈ সীমান্তলৈ নাহিবলৈ আহ্বান জনাইছে৷ সেয়েহে ৰাছিয়াৰ সীমান্তত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা আৰু ভৱিষ্যৎ বিপদগ্ৰস্ত হৈ পৰিছে৷

ইপিনে শনিবাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২১৯ জন ভাৰতীয় নাগৰিকক লৈ এয়াৰ ইণ্ডিয়াৰ এখন ড্ৰীমলাইনাৰ বিমান নতুন দিল্লীত আহি উপস্থিত হৈছে৷ অপাৰেছন গংগা  বুলি ভাৰতে চলোৱা এই উদ্ধাৰ কাৰ্য অৱশ্যে ইউক্ৰেইনৰ প্ৰতিবেশী দেশ ৰোমানিয়াৰ পৰা চলোৱা হৈছে৷ আজি অহা ২১৯ জন যাত্ৰীৰ সৰহভাগেই ইউক্ৰেইনত পঢ়ি থকা মেডিকেলৰ ছাত্ৰ-ছাত্ৰী৷ ইউক্ৰেইনত থকা আৰু প্ৰতিবেশী দেশৰ ভাৰতীয় দূতাবাসে জনাইছে যে কোনো যোগাযোগ নোহোৱাকৈ সীমান্তত অৱস্থিত দেশসমূহৰ সীমালৈ ভাৰতীয় নাগৰিক নিজাববীয়াকৈ আহি পৰাত তেওঁলোকৰ উদ্ধাৰ কাৰ্যত জটিলতাৰ সৃষ্টি হৈছে৷ 

ইউক্ৰেইনত আবদ্ধ কোক্‌ৰাঝাৰৰ ধৃতিমান

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা ভয়াৱহ যুদ্ধই দিনকদিনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত ইউক্ৰেইনত এতিয়া বিৰাজ কৰিছে বিভীষিকাময় পৰিস্থিতি৷ খোৱাপানী, পৰ্যাপ্ত পৰিমাণৰ খোৱা খাদ্যৰ অভাৱ দেখা দিয়াৰ লগতে প্ৰাণক লৈও এতিয়া সংশয়ৰ সৃষ্টি হৈছে বিশেষকৈ ইউক্ৰেইনত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু আন বৃত্তিত নিয়োজিত ভাৰতীয় নাগৰিকসকলৰ মাজত  হাহাকাৰ লাগিছে৷ সম্প্ৰতি তেওঁলোক স্বদেশলৈ উভতি অহাৰ বাবে ব্যাকুল হৈ পৰিছে৷ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি, ভাৰতলৈ উভতি আহিব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিটিআৰৰ সদৰ কোক্‌ৰাঝাৰ চহৰৰ বাগানশালীৰ এজন ছাত্ৰও আছে৷ তেওঁ বাগানশালী নিৱাসী ড॰ দিলীপ কুমাৰ ভূঞা আৰু ড॰ সুলক্ষণা ব্ৰহ্মৰ পুত্ৰ ধৃতিমান ভিক্টৰ ভূঞা৷  ইউক্ৰেইনৰ উজগৰদ নেছনেল ইউনিভাৰচিটীৰ মেডিকেলত অধ্যয়নৰত ধৃতিমান ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ৷ ধৃতিমানৰ পৰিয়ালে জানিবলৈ দিয়া মতে, ৰাছিয়াৰ আক্ৰমণত বিধবস্তপ্ৰায় ইউক্ৰেইনত বিভীষিকাময় শ্বাসৰুদ্ধকৰ পৰিস্থিতিত আবদ্ধ হৈ ৰ’বলগীয়া হোৱা ছাত্ৰজনে ইতিমধ্যে ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদে স্বদেশলৈ ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক টুইটযোগে আহ্বান জনাইছে৷ কাৰণ ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকল খোৱাপানী বন্ধ, খাদ্য সংকট, এটিএম আদি সেৱাৰ পৰা বঞ্চিত হৈ পৰাৰ লগতে জীৱনৰ নিৰাপত্তাও হেৰুৱাই পেলাইছে৷ ইফালে আজি দুপৰীয়া ছাত্ৰজনে হোৱাটছ-এপযোগে পৰিয়ালক জানিবলৈ দিয়া অনুসৰি, পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ এনে ভয়াৱহ পৰিস্থিতিৰ পৰা কেনেকৈ ৰক্ষা পোৱা যায় তাৰ বাবে চিন্তিত হৈ পৰিছে ছাত্ৰ তথা ভাৰতীয় নাগৰিকসকল৷ এনে এক পৰিস্থিতিত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ভয়াৱহ পৰিস্থিতিত পুত্ৰ ধৃতিমানৰ আবদ্ধ হৈ থাকিবলগীয়া হোৱাত ছাত্ৰজনৰ পৰিয়ালত হাহাকাৰ লাগিছে৷ সেয়ে ধৃতিমানৰ পিতৃ-মাতৃয়ে নিজ পুত্ৰৰ লগতে আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক সুকলমে স্বদেশলৈ ওভতাই অনাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰলৈ আহ্বান জনাইছে৷

ইউক্ৰেইনত দেৰগাঁৱৰ ছাত্ৰ, উদ্বিগ্ন পৰিয়াল

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত চিন্তিত সমগ্ৰ বিশ্ববাসী৷ দেশ দুখনৰ যুদ্ধৰ ভয়াৱহতাৰ মাজতে দেৰগাঁৱৰ এটা পৰিয়াল গভীৰ চিন্তাত পৰা দেখা গৈছে৷ দেৰগাঁও শিঙৰাজানৰ বিনয় কলিতা নামৰ ব্যক্তিজনৰ পুত্ৰ নীলম কলিতা ২০১৭ চনৰ পৰাই ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়নৰত হৈ আছিল৷ আজি নিলম কলিতা নামৰ ছাত্ৰজন ইউক্ৰেইনৰ পৰা বিমানেৰে ভাৰতলৈ অহা কথা আছিল যদিও কালি ইউক্ৰেনৰ সকলো বিমানবন্দৰ বন্ধ হৈ যোৱাত আহিব নোৱাৰিলে৷ অন্যহাতে, নীলম কলিতাই প্ৰেৰণ কৰা ভিডিঅ’ত তেওঁ থকা স্থানৰ কাষতে যোৱা নিশাৰ পৰা বোমা ফুটাৰ কথাও উল্লেখ কৰিছে৷ নীলমৰ পিতৃ-মাতৃৰ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰলৈ আহ্বান যিকোনোপ্ৰকাৰে ইউক্ৰেইনত থকা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ওভটাই আনিব লাগে৷ 

ইউক্ৰেইনত আবদ্ধ সৰুক্ষেত্ৰীৰ আবুল কালাম

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা তয়াময়া ৰণত আবদ্ধ হৈ পৰিছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ তথা সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ চতলা গাঁৱৰ এজন ছাত্ৰ৷ দুয়োখন দেশৰ যুদ্ধৰ মাজত বিভীষিকাৰ মাজত স্বদেশলৈ উভতিবলৈ চেষ্টা কৰিও উভতিব পৰা নাই চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰত ছাত্ৰজন৷ জানিব পৰা মতে, বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ আৰচীন আলি আৰু জয়মন নেছাৰ কনিষ্ঠ পুত্ৰ আবুল কালাম আজাদ মালিক বৰ্তমান ইউক্ৰেইনত আবদ্ধ হৈ আছে৷ যুদ্ধৰ বিভীষিকাময় পৰিৱেশত পৰি স্বদেশলৈ উভতিবলৈ চেষ্টা কৰিও এইপৰ্যন্ত ইউক্ৰেইনতে আবদ্ধ হৈ আছে আবুল কালাম আজাদ৷ ফলত পুত্ৰৰ প্ৰত্যাৰ্পণৰ বাবে হাহাকাৰ কৰি আছে আবুলৰ পিতৃ-মাতৃ৷ ছাত্ৰজন এনেদৰে যুদ্ধৰ দাবানলৰ মাজত আবদ্ধ হৈ পৰাত শংকিত হৈ পৰিছে পিতৃ-মাতৃ৷ পুত্ৰৰ চিন্তাত দিন-ৰাতি একাকাৰ কৰি কেৱল যুদ্ধখনৰ সবিশেষৰ খবৰ লৈ আছে৷ মেধাৱী ছাত্ৰজনক কিদৰে স্বদেশলৈ ঘূৰাই আনিব পাৰে তাৰে চিন্তাত সকলো কাম-কাজ কাটি কৰি চিন্তিত হৈ পৰিছে৷ আবুল কালাম আজাদ মালিকক ইউক্ৰেইনৰ পৰা ওভতাই আনিবলৈ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলে অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰক কাতৰ অনুৰোধ কৰি সংবাদ মাধ্যমৰ প্ৰকাশ কৰে যে, অসমৰ লগতে ভাৰতবৰ্ষৰ যিমান ছাত্ৰ-ছাত্ৰী আছে সকলোকে সুস্থ অৱস্থাত ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে৷ উল্লেখ্য, আবুল কালাম আজাদ উচ্ছ শিক্ষা MBBS ডাক্তৰ পঢ়িবলৈ গৈছিল ইউক্ৰেইনত৷ ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ আবুল কালাম আজাদ মালিকে দৃশ্য শ্ৰাব্য মাধ্যমযোগে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধসম্বন্ধে তথ্য প্ৰকাশ কৰাৰ লগতে সম্প্ৰতি দেশখনত কি পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেয়া প্ৰকাশ কৰে৷ লগতে আবুল কালাম আজাদ মালিকসহ তেওঁৰ লগত থকা আন এজন অসমীয়া শিক্ষাৰ্থী কেনে অৱস্থাত আছে সবিশেষ তথ্য প্ৰকাশ কৰে৷