Logo
image

পৰৱৰ্তী অধিৱেশন জোনাইত

নিজম পৰিল ৰাঙলী পথাৰ

আমাৰ অসম, ১ মাৰ্চঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২সংখ্যক প্ৰাদেশিক অধিৱেশন ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ধেমাজি জিলাৰ চিমেন চাপৰিত অনুষ্ঠিত হ’ব৷ এই উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাই নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত সংঘৰ ৯১সংখ্যক অধিৱেশনস্থলীৰ পৰা ধৰ্মধবজা চিমেন চাপৰি প্ৰাদেশিক অধিৱেশনলৈ আনি সংঘৰ জোনাই জিলা শাখাৰ নামঘৰৰ গুৰু আসনত স্থাপন কৰা হয়৷ নাহৰকটীয়া ৰাঙলী পথাৰৰ সংঘৰ প্ৰাদেশিক অধিৱেশনস্থলীৰ পৰা ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে শতাধিক বাহনসহ শোভাযাত্ৰা কৰি অহা দলটোক বগীবিল দলং, অকাজান, ডিমৌ, চিমেন নদী আদি ঠাইত ৰাইজে আদৰণি জনাই সেৱা লয়৷ চিমেন চাপৰি আমলখি তিনিআলিৰ পৰা শ শ ভকত-বৈষ্ণৱ, আইমাতৃয়ে হৰিনাম, উৰুলি, শঙ্খৰ ধ্বনিৰ লগতে গায়ন-বায়ন, দিহানাম, মিচিং কৃষ্টি, তাই আহোম, চুতীয়াসকলৰ সতী সাধনী দল আদি কৃষ্টি দলে উখল-মাখল পৰিৱেশত সংঘৰ জোনাই জিলা শাখাৰ নামঘৰলৈ আদৰি আনে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ সভাপতি দেৱেন গগৈয়ে সংঘৰ ধৰ্মধ্বজ্জা নামঘৰৰ গুৰু আসনত স্থাপন কৰে৷ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক তপন কুমাৰ ৰায়ে গুৰুজনাৰ জীৱন-দৰ্শন আৰু আদৰ্শৰে সমাজ নিৰ্মাণ কৰিবলৈ সকলোকে আহ্বান জনাই আগন্তুক ২০২৩ বৰ্ষৰ জোনাই জিলা শাখাত অনুষ্ঠিত হ’ব লগা সংঘৰ প্ৰাদেশিক অধিৱেশনখন সুন্দৰ আৰু শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যাবলৈ ভকত-বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতী সকলৰ প্ৰতি আহ্বান জনায়৷ সংঘৰ জোনাই জিলা শাখাৰ সম্পাদক ব্ৰজেন গগৈয়ে আঁত ধৰা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্তদান কোষৰ সমন্বয়ক মৃদুপৱন শইকীয়া, সংঘৰ ৯২সংখ্যক চিমেন চাপৰি প্ৰাদেশিক অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ সভাপতি ড॰ হৰকান্ত পেগু, সম্পাদক নৰেশ্বৰ চুতীয়া, মূলৰ সদস্য লোকনাথ বৰদলৈ, সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ সেৱা বাহিনীৰ অধিনায়ক সত্যজিৎ শইকীয়া, মূলৰ প্ৰচাৰ কোষৰ সদস্য বদন বৰা, জোনাই জিলা শাখাৰ সেৱা বাহিনীৰ অধিনায়ক প্ৰবীণ নাথ প্ৰমুখ্যে সংঘৰ জিলা পৰ্যায়ৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে৷

নিজম পৰিল ৰাঙলী পথাৰ

২৫ ফেব্ৰুৱাৰীৰ পৰা লাখ লাখ ভকতে হৰিনামৰ ধবনিৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যৱেশিত কৰা ৯১সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ নাহৰকটীয়া ৰাঙলী পথাৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমণ্ময় ক্ষেত্ৰ আজিৰে পৰা নিজম পৰিল৷ কালি নিশা অধিৱেশনথলীত আনুষ্ঠানিকভাৱে ধৰ্মধবজা সম্বৰণ কৰাৰ পাছত আজি পুৱা আঠ বজাত সংঘৰ পতাকাখন প্ৰায় ডেৰশখন গাড়ীৰে শোভাযাত্ৰা কৰি পৰৱৰ্তী অধিৱেশনথলী জোনাইলৈ লৈ যায় ভকতসকলে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে এই কথা জানিবলৈ দি কয় যে, তেওঁৰ গৃহ জিলাত আয়োজন কৰা এই তিনিদিনীয়া অধিৱেশনখন এশ শতাংশ সফল হৈছে৷ তেওঁ এই বিশাল কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সহায়, অৰিহণা আগবঢ়োৱা প্ৰতিজন অনুৰাগীক সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ জনোৱাৰ লগতে প্ৰতিজন সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে তেওঁ কয় যে নাহৰকটীয়াত অধিৱেশনখন অনুষ্ঠিত হোৱাৰ ফলত নাহৰকটীয়াৰ প্ৰকৃতি শুদ্ধি হ’ল, প্ৰাণ শুদ্ধি হ’ল৷ কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন সংৰক্ষিত হ’ল, যিটো কাম অসমত কেতিয়াবাই হ’ব লাগিছিল৷ তেওঁ আৰু কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ প্ৰচেষ্টাত সেইসময়ত পঞ্জাৱ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন সংৰক্ষিত হৈছিল৷ আনহাতে, নাহৰকটীয়া মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ বিষয়টো অন্তৰ্ভুক্ত কৰা হ’ল৷  গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি, নীতি-আদৰ্শ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৩০ চনতে নগাঁৱত জন্ম লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়াভাৱে প্ৰাথমিকৰ সংখ্যা বৃদ্ধি হয় বৰ্তমান ভকতৰ সংখ্যা ষাঠি লাখ অতিক্ৰম কৰিলে৷ পদাধিকাৰগৰাকীয়ে কয় যে অধিৱেশনৰ মুকলি সভাত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়লৈ শিক্ষক-কৰ্মচাৰীৰ দা-দৰমহাৰ বাবদ বছৰি ছয় কোটি অনুদান দিয়া ঘোষণাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক উন্নয়নত অধিক মাত্ৰা প্ৰদান কৰিলে৷ লগতে অধিৱেশন অনুষ্ঠিত কৰা স্থানত এটা নামঘৰ নিৰ্মাণ কৰিবলৈ এক কোটি টকা প্ৰদানৰ ঘোষণাই সকলোকে উপকৃত কৰিলে৷ এইবাৰ অধিৱেশনত বিশ লাখ ভকত সমবেত হৈছিল বুলি উল্লেখ কৰি অহা জোনাই অধিৱেশনতে নিৰ্বাচিত হ’বলগীয়া পদাধিকাৰগৰাকীক দায়িত্ব অৰ্পণ কৰিব বুলি পদাধিকাৰ কমলা কান্ত গগৈয়ে জানিবলৈ দিয়ে৷