Logo
image

শিৱৰ ‘প্ৰসাদ’ৰ কি হ’ব

ড্ৰাগবিৰোধী অভিযানৰ মাজতে আজি শিৱৰাত্ৰি

আমাৰ অসম, ১ মাৰ্চঃ মঙলবাৰে মহাশিৱৰাত্ৰি৷ শিৱৰাত্ৰি মানেই মহাদেৱৰ মহাপূজনৰ দিন৷ অনাদি কালৰে পৰাই ভক্তসকলে শিৱৰাত্ৰিত মহাদেৱক সন্তুষ্ট কৰি আশীৰ্বাদ লাভৰ উদ্দেশ্যেৰে পূজা সেৱা আগবঢ়াই আহিছে৷ শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত সোমবাৰৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীয়ে আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰিৰ৷ কামাখ্যাৰ পঞ্চশিৱ, হাজোৰ কেদাৰেশ্বৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ, লংকেশ্বৰ, উত্তৰ গুৱাহাটীৰ মদন কামদেৱ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, ডেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱ মন্দিৰকে ধৰি ৰাজ্যজুৰি বিভিন্ন দৌল-দেৱালয়ত আয়োজন কৰা হৈছে শিৱৰাত্ৰিৰ৷ অৱশ্যে শিৱৰাত্ৰি বুলিলেই সাধাৰণ ৰাইজৰ মনত মহাদেৱৰ প্ৰসাদ হিচাপে ভাঙকে স্থান দি আহিছে৷ শিৱৰাত্ৰিত ভক্তসকলে মন্দিৰে- দেৱালয়ে নৈবেদ্য হিচাপে আগবঢ়াই ভাং অৰ্থাৎ গাঞ্জা৷ স্বাভাৱিকতেই শিৱৰাত্ৰিৰ পূজাস্থলীত ভাঙৰ মুকলি প্ৰচলন দেখা  যায়৷ আনকি কম বয়সৰ একাংশ কিশোৰকো ভাঙৰ লাড়ু, ঘুটাৰ লগতে চিলিমত ভাং হোপা দেখা যায়৷ কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাই নহয়, নিচাযুক্ত দ্ৰব্যৰ লগতে গাঞ্জা অৰ্থাৎ ভাং সৰবৰাহকাৰীৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ড্ৰাগছ সৰবৰাহকাৰীৰ সমান্তৰালভাৱে গাঞ্জা সৰবৰাহকাৰীকো এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছে অসম আৰক্ষীয়ে৷ শেহতীয়াকৈ ২৫ জানুৱাৰীত কোকৰাঝাৰ আৰক্ষীয়ে শ্ৰীৰামপুৰত ৭০০ কেজি গাঞ্জাভৰ্তি ট্ৰাকসহ সঞ্জিত কুমাৰ ৰায় নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছিল৷ বিগত ১৭ ফেব্ৰুৱাৰীতো  কোকৰাঝাৰ আৰক্ষীয়ে ভাওৰাগুৰিত ৩৫০ কেজি গাঞ্জাসহ এখন ট্ৰাক জব্দ কৰিছিল৷ উক্ত গাঞ্জা সৰবৰাহত জড়িত সুমন নমঃ নামৰ লোকজনক এনকাউণ্টাৰত সোঁ ভৰিত গুলীবিদ্ধ কৰাৰ পাছতেই ৰহস্যজনকভাৱে আৰক্ষীৰ জিম্মাত থকা গাঞ্জা কঢ়িওৱা ট্ৰাকখনতো জুই লাগিছিল৷ কেৱল এনকাউণ্টাৰেই নহয়, আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাং সৰবৰাহত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈও প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছত আৰক্ষীয়ে ‘মহাদেৱৰ প্ৰসাদ’ সৰবৰাহত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ হোৱাত শিৱৰাত্ৰি পালন কৰিবলৈও শংকিত হৈ পৰিছে একাংশ ভাঙুৰা ভক্ত৷ গাঞ্জা বিচাৰি শিৱৰাত্ৰিতো আৰক্ষীয়ে অভিযান চলাব নেকি বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে৷ মহাদেৱৰ সন্তুষ্ট কৰিবলৈ প্ৰসাদ হিচাপে উছৰ্গা কৰিবলৈ ভক্তই ভাং আনি থকাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ কৰিব নেকি বুলিও প্ৰশ্ন উঠিছে৷ অৱশ্যে শিৱৰাত্ৰিত মহাদেৱৰ প্ৰসাদ ভাঙৰ ব্যৱহাৰৰ অনুমতি দিব নে নাই বুলি আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও এই বিষয়টোত কোনো এজন বিষয়াই মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ স্বাভাৱিকতেই গাঞ্জা বিক্ৰী কৰা সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক বা নকৰক, শিৱৰাত্ৰিত ভক্তসকলে মহাদেৱৰ প্ৰসাদক লৈ চিন্তিত হৈ পৰা দেখা গৈছে৷