Logo
image

উদ্ধাৰৰ আশাত এতিয়াও ইউক্ৰেইন সীমান্তত অসমৰ শতাধিক শিক্ষাৰ্থী

আমাৰ অসম, ১ মাৰ্চঃ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই ধাৰাবাহিকভাৱে আক্ৰমণ চলাই দেশখনক বিধবস্ত কৰি তোলাৰ মাজতে প্ৰকৃততে দেশখনত অসমৰ কিমানসংখ্যক ছাত্ৰ-ছাত্ৰী চিকিৎসা বিজ্ঞানকে ধৰি আন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে তাৰ প্ৰকৃত সংখ্যা এইপৰ্যন্ত অসম চৰকাৰৰ হাতত নাই৷ অৱশ্যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ জৰিয়তে তাত আবদ্ধ হৈ থকা ৰাজ্যখনৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে ওভতাই আনিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে৷ অৱশ্যে দেশখনত অসমৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক শিক্ষাৰ্থী থকা বুলি প্ৰকাশ৷ আনহাতে, সোমবাৰে নিশা পৰ্যন্ত বিগত তিনিটা দিনত প্ৰায় ২১জন শিক্ষাৰ্থী নতুন দিল্লী আৰু মুম্বাই হৈ ৰাজ্যলৈ নিৰাপদে উভতি আহিবলৈ সক্ষম হৈছে৷ আনকি লঘোণে-ভোকে উজাগৰী নিশা কটায় কেইবাঘণ্টা ধৰি প্ৰৱল শীতৰ মাজতো খোজকাঢ়ি দেশখনৰ সীমান্তত ভাৰতলৈ উভতি আহিবৰ বাবে অপেক্ষা কৰি আছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিক্ষাৰ্থী৷ য’ত ভাৰতৰ আন ৰাজ্যৰো আছে সহস্ৰাধিক শিক্ষাৰ্থী৷ ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তাত শিক্ষাৰ্থীকে ধৰি আবদ্ধ হৈ থকা সকলোকে নিৰাপদে উদ্ধাৰ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনকি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত কেন্দ্ৰীয় চৰকাৰৰ চাৰিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে নিশাই যুদ্ধবিধবস্ত দেশখনলৈ যাত্ৰা কৰিছে৷ দেওবাৰে পুৱা দহ বজাৰ পৰা নিশা প্ৰায় দহমান বজালৈ নতুন দিল্লী আৰু মুম্বাইৰ বিমান বন্দৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হৈছিল যুদ্ধবিধবস্ত ইউক্ৰেইনৰ বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা জ্জ্বগৰাকীকৈ শিক্ষাৰ্থী৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত সাংবাদিকসকলক উভতি অহা শিক্ষাৰ্থীসকলে তাত ৰাছিয়াই যুদ্ধ বিমান, টেংক আদিৰে বোমাবৰ্ষণ আৰু মিছাইলেৰে আক্ৰমণ কৰি দেশখনত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তাক অৱগত কৰে৷ আনকি কেইবাদিনো ধৰি মেট্ৰ’ ৰে’ল ষ্টেচন, হাস্পতালৰ আণ্ডাৰ গ্ৰাউণ্ডত নিৰ্মাণ কৰা বাংকাৰত লঘোণে-ভোকে থাকি উজাগৰী নিশা কটায় হাতৰ মুঠিত জীৱটো লৈ কেইবাঘণ্টা ধৰি খোজকাঢ়ি হাংগেৰীত উপস্থিত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয় আৰু ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসৰ সহযোগত এয়াৰ ইণ্ডিয়াৰ বিদেশ বিমানত নতুন দিল্লী আৰু মুম্বাইলৈ নিৰাপদে উভতি আহিবলৈ সক্ষম হৈছে৷ আনহাতে, সোমবাৰেও পুৱাৰ পৰা সন্ধিয়ালৈ উভতি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১১গৰাকীকৈ শিক্ষাৰ্থী৷ তেওঁলোক হ’ল ক্ৰমে অংশুমান শৰ্মা, অলিভিয়া ৰাজমেধি, সমলয় কুমাৰ শৰ্মা, বাস্তৱিকা দাস, গুণজিৎ কাশ্যপ, ফাৰ্মি নাছৰিন চুলতানা, কৰিণা বৰা, দ্বীপশিখা দাস, প্ৰয়াস শৰ্মা, শ্বাহজাহান হাজৰিকা আৰু অবিনাশ ফুকন৷ আটাইকেইজন দেওবাৰে নতুন দিল্লী আহি পোৱাৰ পাছত নিশাটো অসম ভৱনত কটায় আৰু ইণ্ডিগ’ বিমানৰে গুৱাহাটীলৈ উভতি আহে৷ বিমানবন্দৰত এক আবেগিক পৰিৱেশত পিতৃ-মাতৃ, অভিভাৱক আৰু পৰিয়ালৰ লোকক লগ পাই তেওঁলোক তাত কেনে ধৰণ ভয়াৱহ, অপ্ৰত্যাশিত পৰিৱেশৰ সন্মুখীন হৈছিল তাৰ বৰ্ণনা দাঙি ধৰে৷ লক্ষণীয়ক্ষাৱে উভতি অহা শিক্ষাৰ্থীসকলে বৰ্তমান তাত অসমৰ কিমান শিক্ষাৰ্থী আবদ্ধ হৈ আছে তাৰ পৰিসংখ্যা স্পষ্টকৈ ক’ব পৰা নাই৷ বৰঞ্চ ছদিন আগতে যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিভিন্ন প্ৰান্তৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বাংকাৰত সোমাই থাকিবলগীয়া হোৱাত যোগাযোগ কৰিব পৰা নাই অসমৰ বহু শিক্ষাৰ্থীৰ সৈতে৷

ইউক্ৰেইনত আবদ্ধ কাছাৰৰ ছাত্ৰক উদ্ধাৰৰ আহ্বান পৰিয়ালৰ

যুদ্ধবিধস্ত ইউক্ৰেইনত আবদ্ধ কাছাৰ জিলাৰ চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে পৰিয়ালৰ সদস্যই৷ ছাত্ৰজনৰ নাম মুহিম আহমেদ খান৷ ইউক্ৰেইনৰ এছ ইউ এম ৱাই ইউনিভাৰ্ছিটীৰ ছাত্ৰ মুহিম চাৰিবছৰ ধৰি ইউক্ৰেইনত অধ্যয়ন কৰি আছে৷ কাটিগৰা সমষ্টিৰ কালাইন ডিগাবৰ পথৰ  ব্ৰাম্মণগ্ৰামৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক ইবাদুৰ ৰহমান খানে সংবাদ মাধ্যমৰ আগত কয়, মুহিম আহমদ খান চ্ছ্ৰ বছৰ ধৰি ইউক্ৰেইনৰ  ইউনিভাৰ্ছিটীৰ হোষ্টেলত থাকি অধ্যয়ন কৰে৷ সি চতুৰ্থ ছেমিষ্টাৰত অধ্যয়ন কৰিছে৷ ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বৰ্তমান পৰিস্থিতি ভয়াৱহ৷  তেওঁৰ সন্তান  মুহিম বৰ্তমানে  হোষ্টেলত অসুৰক্ষিত অৱস্থাত আবদ্ধ হৈ পৰিছে৷ তদুপৰি, কেইদিনমানৰ পৰা  খাদ্যাভাব আৰু পানীৰ নাটনি হৈছে৷  ইয়াৰ বাবে মুহিমক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে তেওঁ৷

অসমৰ শিক্ষাৰ্থীক উদ্ধাৰ কৰকঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ এছএফআইৰ

ৰুচ দেশৰ ইউক্ৰেইন আক্ৰমণৰ পাছত ইউক্ৰেইন দেশৰ পৰিবেশ অতি ভয়াবহ হৈ পৰা পৰিলক্ষিত হৈছে৷ সেই পৰিস্থিতিত বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ লগতে নাগৰিক সেই দেশত আৱদ্ধ হৈ আছে৷ ভাৰতৰ, বিশেষকৈ অসমৰ বহু ছাত্ৰ-ছাত্ৰী এতিয়াও সেই দেশৰ পৰা ঘৰলৈ উভতি আহিব পৰা নাই৷ সেইসকল আৱদ্ধ ছাত্ৰ ছাত্ৰীক অতিশীঘ্ৰে নিজৰ দেশলৈ ওভতাই অনাৰ দাবীত সোমবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ এটা সঁজাতি দলে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সাক্ষাৎ কৰি তেওঁৰ হাতেৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ উল্লেখ্য,  কিভ আৰু চুমি চহৰৰ লগতে ইউক্ৰেইনৰ সীমান্ত অঞ্চলত অসমৰ বহু চিকিৎসা বিজ্ঞান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আৱদ্ধ হৈ আছে৷ ইয়াৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমৰ সহায়ত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সৈতে যোগাযোগ স্থাপন কৰি অনুৰোধ কৰে যাতে তেওঁলোকক সোনকালে সেই যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি নিজ মাতৃভূমিলৈ ঘূৰাই আনে৷ তেওঁলোকৰ অভিযোগমৰ্মে, ইউক্ৰেইনত অৱস্থিত ভাৰতৰ দূতাবাসে¸ তেওঁলোকৰ প্ৰতি কোনো ইতিবাচক সঁহাৰি এতিয়ালৈ জনোৱা নাই আৰু সেয়ে তেওঁলোক এতিয়া অনিশ্চয়তাত ভুগিছে৷ ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী কৰে যে অতিশীঘ্ৰে ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ লগতে অসম চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীখিনিক ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি অসমলৈ ঘূৰাই লৈ আনিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক৷ এই দুৰ্যোগপূৰ্ণ সময়ত তেওঁলোকৰ ওচৰত থিয় দি তেওঁলোকক সুকলমে ঘূৰাই অনা দ্বায়িত্ব চৰকাৰৰ৷ ইউক্ৰেইনত আবদ্ধ ছাত্ৰ ছাত্ৰীখিনিক অতি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি নানিলে আগন্তুক সময়ছোৱাত দেশজুৰি এই মোদী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা হ’ব বুলি এছ এফ আয়ে জানিবলৈ দিয়ে৷

ইউক্ৰেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থীৰ অভিভাৱকক সাক্ষাৎ কৰিবলৈ উপায়ুক্ত-আৰক্ষী অধীক্ষকক নিৰ্দেশ

যুদ্ধ বিধবস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থী সকলক ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ জৰিয়তে নিৰাপদে নিজ ঘৰলৈ ওভতাই আনিবলৈ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঘোষণা কৰিছে৷ আনহাতে অসম চৰকাৰৰ মুখ্য সচিবে যুদ্ধৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক তাত আৱদ্ধ হৈ থকা শিক্ষাৰ্থী সকলৰ পিতৃ-মাতৃ বা অভিভাৱকক নিজ গৃহত গৈ সাক্ষাৎ কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ বিষয়ে অৱগত কৰি অভয় বাণী প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷ ইয়াক এক অগ্ৰাধিকাৰ বিষয় বুলি গণ্য কৰিবলৈও নিৰ্দেশটোত মুখ্য সচিবে সদৰি কৰিছে৷