Logo
image

চৰকাৰে কৰক উন্নয়ন, ৰাইজে পাতক বিহু! জুবিন

আমাৰ অসম, ২ মাৰ্চঃ ‘বিহু এদিন, এমাহ, দুমাহ হয়, সেয়া অসমীয়া ৰাইজে ঠিক কৰিব, এইবোৰত মন্ত্ৰী-বিধায়কে মাথা মাৰিব নালাগে৷ তেওঁলোকে দেশৰ উন্নতি, দেশৰ কাম, এইবিলাক কৰক৷ অসমৰ সাংস্কৃতিক দিশটো চাবলৈ মই আছোঁ’ – এই মন্তব্য নৱপ্ৰজন্মৰ হাটথ্ৰ’ব জুবিন গাৰ্গৰ৷ চাৰিদনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন মৰিগাঁৱৰ বাৰপূজীয়াৰ ৪২ৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত সোমবাৰে নিশা সফলভাৱে সামৰণি পৰে৷ তিৱা সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনা নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই৷ মধ্য অসমৰ ইতিহাসপ্ৰসিদ্ধ ৪২ৰ তিনিগৰাকী বীৰ শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত বাৰপূজীয়াৰ অধিৱেশনস্থলীত বিপুল দৰ্শকৰ উপস্থিতিত হৃদয় উজাৰি গীত পৰিৱেশন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে৷ শিল্পীজনে বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশনৰ মাজতেই দৰ্শক-ৰাইজক সম্বোধন কৰি অসমৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে গীত পৰিৱেশনৰ মাজতেই কয়– বিহু অসম আৰু অসমীয়াৰ জাতিৰ অতিকৈ হেঁপাহৰ উৎসৱ৷ বিহু ক’ত কেতিয়া পাতিব, সেয়া অসমীয়া ৰাইজে ঠিক কৰিব৷ ব’হাগ বিহু এদিন হয়, এমাহ হয় বা দুমাহ হয়, সেয়া ঠিক কৰিবলৈ অসমৰ ৰাইজ আছে৷ মন্ত্ৰী-বিধায়কবোৰে বিহুৰ কথা ভাবিব নালাগে৷ জনপ্ৰিয় শিল্পীজনে এই সন্দৰ্ভত আৰু কয় যে– মন্ত্ৰী-বিধায়কৰ কাম হ’ল- দেশ, জাতিৰ কথা ভবাৰ লগতে উন্নয়নৰ কথা ভবা৷ এইবোৰত তেওঁলোকে মাথা মাৰিব নালাগে বুলি প্ৰকাশ কৰি অসমীয়া ৰাইজৰ হিয়াৰ আমঠু শিল্পীজনে অসমৰ সাংস্কৃতিক দিশটোৰ কথা চিন্তা কৰিবলৈ মই আছোঁ বুলিও উল্লেখ কৰে৷ জনপ্ৰিয় শিল্পীজনে সাংস্কৃতিক অনুষ্ঠানতে আৰু কয়– মই আৰু বিহু অনুষ্ঠান নকৰিম৷ কিন্তু চিলেকট্ৰেড অনুষ্ঠানতহে শিল্পীজনে গীত পৰিৱেশন কৰিব বুলি উল্লেখ কৰি লগতে কয়– এইবোৰ কথা মই নিজৰ কাৰণে কোৱা নাই৷ অসমৰ শিল্পী সমাজৰ কাৰণে, শিল্পীসকলৰ কাৰণেহে কৈছোঁ৷ অসমৰ শিল্পীসকল জীয়াই থাকিব লাগিব বুলি উল্লেখ কৰি অসমৰ শিল্পীসকলৰ বাবে ৰাইজৰ পৰা হাতচাপৰি আশীৰ্বাদ হিচাপে বিচাৰে৷ গীত পৰিৱেশনৰ মাজতেই জনপ্ৰিয় শিল্পীজনে অসমৰ বৰ্তমানৰ অগ্নিগৰ্ভা পৰিৱেশ-পৰিস্থিতিৰ সন্দৰ্ভতো এনেদৰে ভালেমান তাৎপৰ্য মন্তব্য দাঙি ধৰে৷ গীতৰ মাজতে ধেমেলীয়া সুৰত  জুবিনে ক’লে – মই ২৯ ইঞ্চি পেKI× পিন্ধেঁা, কিন্তু শ্বুটিঙত মোক ৩২ ইঞ্চিৰ পেণ্ট পিন্ধাই দিলে, সেয়ে পেণ্টটো কঁকালত ঢিলা হৈছে, বাৰে বাৰে কঁকালৰ পৰা নামি গৈছে ৷ মই বাৰে বাৰে ওপৰলৈ তুলিবলগীয়া হৈছে৷ কাৰণ মই বেল্ট নামাৰোঁ ৷ মই শ্বুটিঙৰ পৰা বাহিৰে বাহিৰে ইয়ালৈ আহিছোঁ৷  ‘মনৰে কইনা মোৰযএৰি গুচি গ’লি তইযকোনোবা দূৰ পশ্চিমলৈ... গীতেৰে  আৰম্ভ কৰা সংগীতানুষ্ঠানত বহুকেইটা গীত পৰিৱেশন কৰে  জুবিন গাৰ্গে৷