Logo
image

বাংকাৰত লুকাই আছে অসমৰ বহু শিক্ষাৰ্থী, সীমান্তত শতাধিক

আমাৰ অসম, ১ মাৰ্চঃ যুদ্ধবিধবস্ত ৰক্তৰঞ্জিত ইউক্ৰেইনত জীৱন মৃত্যুৰ সংশয়ৰ মাজত দিন-ৰাতি একাকাৰ কৰিছে প্ৰায় ডেৰ শতাধিক অসমীয়াই৷ ৰাছিয়াৰ বেলিষ্টিক মিছাইল আৰু গুলী-বাৰুদৰ ভয়াৱহতাৰ মাজত কোনোমতে প্ৰাণ লৈ উদ্ধাৰৰ আশাত ক্ষণ গণিছে এইসকল অসমীয়াই৷ কিয়নো ৰাছিয়ান সেনাৰ  আক্ৰমণত কোন সময়ত প্ৰাণ যায় তাৰ নি(য়তা নোহোৱা হৈ পৰিছে অসমীয়া তথা ভাৰতীয়সকলৰো৷ মঙলবাৰে পুৱা ইউক্ৰেইনৰ খাৰকিভত খাদ্য আনিবলৈ ওলাই অহা নবীন শেখৰপ্পা নামৰ কৰ্ণাটকৰ এজন ছাত্ৰ ৰাছিয়া সেনাৰ গুলীত মৃত্যু হোৱাৰ পাছতে অধিক আতংকিত হৈ পৰিছে অসম তথা ভাৰতীয়সকল৷  চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তৰত আৱদ্ধ হৈ আছে ১৬০ জন অসমৰ নাগৰিক৷ অৱশ্যে ইউক্ৰেইনত আৱদ্ধ ২৮ জন মেডিকেল শিক্ষাৰ্থী ভাৰত চৰকাৰৰ ‘অপাৰেশ্বন গংগা’ৰ অধীনত সুকলমে দেশৰ ভূমিত আহি উপস্থিত হ’বলৈ সক্ষম হৈছে৷ বৰ্তমানেও ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১২২ জনলোক৷ ৰাজ্য চৰকাৰে মুকলি কৰা হেল্পলাইন নম্বৰৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ সৰ্বাধিক ৫৯ জন লোক ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ তদুপৰি দৰং, নগাঁও আৰু নলবাৰীৰ ৯ জনকৈ লোক আৱদ্ধ হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে৷ একেদৰে ওদালগুৰিৰ ৭ জন, বৰপেটাৰ ৭ জন, ডিব্ৰুগড়ৰ ৬ জন, কাছাৰৰ ৫ জন, ধুবুৰীৰ ৫ জন, বঙাইগাঁৱৰ ৪ জন, তিনিচুকীয়াৰ ৪ জন, গোলাঘাটৰ ৩ জন, যোৰহাটৰ ৩ জন, লখিমপুৰৰ ৩ জন, মৰিগাঁৱৰ ৩ জন লোকৰ লগতে বাগ্‌সা, হাইলাকান্দি, কৰিমগঞ্জ, শিৱসাগৰ আৰু শোণিতপুৰৰ ২ জনকৈ লোক ইউক্ৰেইনত আৱদ্ধ হৈ আছে৷ আনহাতে বজালী, বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ডিমা-হাচাও, হোজাই, কামৰূপ, কোকৰাঝাৰৰ এজনকৈ লোক আৱদ্ধ হৈ  থকা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰচেষ্টাত বিশেষ বিমানেৰে দিনৰ ২.১৫ বজাত দিল্লীত আহি উপস্থিত হয় অসমৰ ১৫ জন শিক্ষাৰ্থী৷ তেওঁলোক হৈছে– হীৰকজ্যোতি ডেকা, আনমূল শেখ¸ৰ দাস, অনামিকা বৈশ্য, মঞ্জুৰ আলম, সমদ্ৰিতা হাজৰিকা, মনিষা বৈশ্য, অলিভিয়া ৰাজমেধি, ফাৰ্মি নাচৰিণ চুলতানা, প্ৰতীক্ষা গগৈ, কৰিণা বৰা, উদাংশ্ৰী বসুমতাৰী আৰু বাস্তবিকা দাস৷ বৰ্তমান দিল্লীৰ অসম ভৱনত থকা মেডিকেল শিক্ষাৰ্থীকেইজন কাইলৈৰ ভিতৰত গুৱাহাটীত উপস্থিত হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, যুদ্ধ জৰ্জৰ ৰাষ্ট্ৰখনত বৰ্তমান ১২২ জন অসমীয়া আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিলেও চৰকাৰে এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা নুই কৰা নাই৷ আনহাতে, বহুসংখ্যক অসমীয়াই ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ পোলেণ্ড, হাংগেৰীৰ সীমাত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ ফালৰ পৰা মঙলবাৰে আৱদ্ধ ভাৰতীয়সকলক যিকোনো প্ৰকাৰে পোলেণ্ড, হাংগেৰী, শ্লোভাকিয়া আৰু ৰোমানিয়া সীমান্তই আহিবলৈ জৰুৰী সতকৰ্তা জাৰি কৰাৰ পাছতেই ইউক্ৰেইনৰ পূব প্ৰান্তৰৰ ছুমী প্ৰদেশত অধ্যয়নৰত ৫ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে আতংকিত হৈ পৰিছে৷ কিয়নো ছুমী মেডিকেল কলেজত অধ্যয়ৰত দেৰগাঁৱৰ নীলম কলিতাকে ধৰি ৫ অসমীয়া শিক্ষাৰ্থীয়ে বাংকাৰত সোমাই কোনো মতে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ ইউক্ৰেইনৰ পূব প্ৰান্তৰত থকা ছুমী প্ৰদেশখন ৰাছিয়া সীমান্তৰ পৰা ২৫-৩০ কিলোমিটাৰ দূৰত্ব অৱস্থিত৷ অৰ্থাৎ ৰাছিয়া সীমান্তৰ গেটলৈ একঘণ্টাৰ বাট৷ ভাৰত চৰকাৰে পশ্চিম দিশৰ পৰা পোলেণ্ড-হাংগেৰীৰ হৈ ভাৰতীয়সকলক উদ্ধাৰ কৰিলেও ছুমী প্ৰদেশত আবদ্ধ ভাৰতীয়সকল পশ্চিম প্ৰান্তৰলৈ যোৱাটো কোনো কাৰণতে অসম্ভৱ৷ কিয়নো ইতিমধ্যে ৰাছিয়াই পশ্চিম প্ৰান্তৰলৈ যাব লগা খাৰকিভকে ধৰি কেইবাখনো প্ৰদেশত আক্ৰমণ অব্যাহত ৰখাই নহয়, শত্ৰুপক্ষক ভেটা দিয়াৰ বাবে ইউক্ৰেইনে দলং ভাঙি পেলোৱাৰ লগতে পথ খান্দি পেলোৱাৰ খবৰ আহিছে৷ স্বাভাৱিকতেই অসমৰ এই ৫ জন ছাত্ৰ-ছাত্ৰীক ১৩ শ কিলোমিটাৰ আঁতৰৰ পোলেণ্ড সীমান্তলৈ যোৱাটো  কোনোপধ্যেই সম্ভৱ নহয়৷ ভাৰত চৰকাৰে বিশেষভাৱে উদ্যোগ লৈ ছুমী প্ৰদেশত আৱদ্ধ অসমৰ ৫ জনকে ধৰি ৩৫ জন ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰাৰ বাহিৰে এতিয়া যে সকলো বিকল্প অৰ্থহীন হৈ পৰিছে৷ ৰাছিয়ান যুঁজাৰু বিমান আৰু ট্ৰেংকেৰে ছুমী চহৰত তহল অব্যাহত  ৰখাৰ ফলত নিশা তাপমাত্ৰা মাইনাছ ৫-৭ ডিগ্ৰী চেলছিয়াত বৰফ আবৃত্ত বাংকাৰত আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰা বুলিও প্ৰকাশ কৰিছে আৱদ্ধ ছাত্ৰ-ছাত্ৰীকেইজনে৷ দেৰগাঁৱৰ নীলম কলিতাৰ উপৰি ছুমী চহৰৰ বাংকাৰত নগৰবেৰাৰ ছাহিল আনোৱাৰ, জোনাইৰ আব্দুল ৰছিদ, মৰিগাঁৱৰ ইনজামুল হক চৌধুৰী, হোজাইৰ ইয়াছিয়া আল মুবাৰক আৰু নগৰবেৰাৰ জাকৰিয়া হুছেইন আৱদ্ধ হৈ আছে৷ ইপিনে যুদ্ধৰ প্ৰভাৱ পৰা কাৰ্কিভ চহৰত আৱদ্ধ হৈ আছে গুৱাহাটীৰ ডাউন টাউনৰ হৰ্ছিতা দেৱী৷ তিনিদিন ধৰি বাংকাৰতে আত্মগোপন কৰি কোনোমতে জীৱন ৰক্ষা কৰিছে মেডিকেল অধ্যয়নৰত হৰ্ছিতাই৷ টাৰ্ণপিল মেডিকেল ইউনিভাচিৰ্টীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী হৈছে হৰ্ছিতা দেৱী৷ গুৱাহাটীৰ নুনমাটিৰ অশোক কুমাৰ সিং নামৰ ছাত্ৰজনো ইউক্ৰেইনত আৱদ্ধ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ তদুপৰি ইউক্ৰেইনৰ এছ ইউ এম ৱাই বিশ্ববিদ্যালয়ত অধ্যয়নৰত বৰাকৰ মুহিম আহমেদ খান, গোলাঘাটৰ অৰিন্দম ফুকন আৱদ্ধ হৈ আছে৷ ইপিনে গুৱাহাটীৰ ঘোৰামৰাৰ ৰিজেণ্ট পেৰাডাইজৰ নিৱাসী অনুভৱ বৰা নামৰ ছাত্ৰজনো উজহ’ৰ’ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ হোষ্টেলত আৱদ্ধ হৈ আছে৷ মঙলবাৰে ঘৰলৈ অহাৰ বাবে বিমান টিকট কাটি থৈছিল যদিও যুদ্ধৰ বাবেই হোষ্টেলতে আৱদ্ধ হৈ পৰে ছাত্ৰজন৷ আনহাতে ৰাছিয়ান সেনাই প্ৰায় দখললৈ অনা খাৰকিভ চহৰত আবদ্ধ হৈ আছে তামুলপুৰৰ গোৰেশ্বৰৰ মনোজ কুমাৰ নামৰ ছাত্ৰজন৷  এম বি বি এছৰ প্ৰথম বৰ্ষৰ ছাত্ৰ মনোজ ডেকাই খাদ্য সামগ্ৰী সংকটত ভোগা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিছে৷  ইপিনে সোমবাৰে ইউক্ৰেইনৰ পৰা দিল্লীত আহি পোৱা জালুকবাৰীৰ দীপশিখা দাস, যোৰহাটৰ প্ৰয়াস শৰ্মা আৰু মৰাণৰ অৱনিশ ফুকন মঙলবাৰে দিনৰ ১২.৩০ বজাত গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হয়৷

শুৱালকুছিৰ দ্বীপশিখা নিজৰ ঘৰত উপস্থিত

সম্পূৰ্ণ ছটা দিন ইউক্ৰেইনত উৎকণ্ঠাৰ মাজত থাকি আজি নিজগৃহত উপস্থিত হৈছে শুৱালকুছিৰ সমপৱৰ্তী বংশৰৰ দ্বীপশিখা দাসে৷ আজি আবেলি ২-২০ বজাত দিল্লীৰ পৰা আহি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা দ্বীপশিখাৰ পিতৃগৃহত উপস্থিত হৈ এই প্ৰতিবেদকে কিছু অনুভৱ জানিব বিচৰাত ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে কয় যে– আমি অসমৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইউক্ৰেইনৰ উজৰত নেচনেল ইউনিভাৰ্চিটীত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছোঁ৷ মোৰ লগতে এজন যোৰহাটৰ প্ৰয়াস শৰ্মা আৰু আনজন মৰাণৰ অৱনিষ ফুকন৷ আমি তিনিওজন হোষ্টেলতে আছিলোঁ৷ হঠাৎ ৰাছিয়াৰ ইউক্ৰেইনক আক্ৰমণৰ ঘটনাই আমাক বহুত ব্যথিত কৰি তুলিছিল যদিও এনে এটা পৰিস্থিতৰ সন্মুখীন হম বুলি ভবা নাছিলোঁ৷ আমাক হোষ্টেলৰ অধ্যক্ষই ২৫ ফ্ৰেব্ৰুৱাৰীত এক সাৱধানবাণী দিছিল আৰু যিকোনো মুহূত্তৰ্ত আমি হোষ্টেল এৰিব লাগিব বুলি কৈছিল৷  আমি থকা চহৰখনত বিশেষ একো হোৱা নাই যদিও তাৰ আশে-পাশে হোৱা খবৰে আমাক আতংকিত কৰি তুলিছিল৷ আমি তিনিওজনে নিজৰ নিজৰ ঘৰলৈ উভতি অহাৰ চিন্তা কৰি অহাৰ বাবে ফ্লাইটৰ টিকট বুক কৰিলোঁ যদিও ইউক্ৰেইন চৰকাৰে সকলো ফ্লাইট বাতিল কৰি দিয়াত আমাৰ টিকটৰ বুকিং বাতিল হ’ল৷ ক্ৰমান্বয়ে আমাৰ উৎকণ্ঠা বাঢ়ি যাবলৈ ধৰে৷ ইফালে মোৰ এ টি এম কাৰ্ডখনো বিকল হৈ পৰাত আন এক সমস্যাৰ স্‌ষ্টি হয় যদিও এজন বন্ধুৰ একাউণ্টত ধন টেন্সফাৰ কৰিহে কিছু সকাহ পাওঁ৷ আমি নিৰুপায়ত পৰি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ এইক্ষেত্ৰত সহায় বিচাৰিলোঁ৷ তেওঁ আমাক এইক্ষেত্ৰত বহুত সহায় কৰিলে যাৰ বাবে আমি অতি সুকলমে আহি আজি নিজৰ দেশত উপস্থিত হ’ব পাৰিলোঁ৷ তাৰ বাবে আমি আটায়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ছাত্ৰীগৰাকীয়ে পুনৰ কয় যে, আজি আমি পুৱা ৫ বজাত ইণ্ডিয়াৰ এম্বেছাডৰে পঠিওৱা এখন বাছেৰে [বাছখন ভাৰতীয় পতাকা উৰুৱাই] ইউক্ৰেইনৰ সীমান্ত হাংগেৰীত উপস্থিত হওঁ৷ তাৰ পৰা গছেপাক বিমানবন্দৰত উপস্থিত হৈ পুৱা ৬ বজাত বিমানেৰে ৰাওনা হৈ পোনে পোনে দিল্লীত কালি সন্ধিয়া উপস্থিত হওঁ৷ কালি অসম ভৱনত থাকি আজি আমি আটাইকেইজন দিল্লীৰ পৰা বিমানৰে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ নিজৰ নিজৰ ঘৰত উপস্থিত হম৷ তেওঁ কয় যে নিজৰ ঘৰত উপস্থিত হ’বলৈ পাই বহুত আনন্দিত বুলিও অৱগত কৰে৷ নিজৰ জীয়ৰীক কাষতে পাই পিতৃ বিপিন দাস আৰু মাতৃ স্বপ্নাৰাণী দাসেও অধিক উৎসাহিত হৈ পৰে৷ তেওঁলোকে ইয়াৰ বাবে প্ৰথমে নেদেখাজনক ধন্যবাদ দিয়াৰ লগতে ভাৰত চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক  ধন্যবাদ জনায়৷ লগতে শুভাকাংক্ষীসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ পৰিস্থিতি উন্নত হ’লে পুনৰ দ্বীপশিখা ইউক্ৰেইনলৈ উভতিব বুলি জানিবলৈ দিয়ে৷