Logo
image

কাগজ কলৰ মাটি কিনিব ৰাজ্য চৰকাৰে

নিবিদাত অংশগ্ৰহণ

আমাৰ অসম, ২ মাৰ্চঃ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ নহয়, কাগজ কলৰ অৱশিষ্ট ভূমি ক্ৰয় কৰিব অসম চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে৷ কাগজ কলৰ ভূমি সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিবলৈ লিকুইডেটৰ কুলদীপ বাৰ্মাই বাৰে বাৰে বিক্ৰীৰ নিবিদা জাৰি কৰাৰ সময়তে অসম চৰকাৰে কাগজ কলৰ ভূমি ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ লিকুইডেটৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰাৰ পাছতেই কাগজ কলৰ ভূমি ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে নিবিদাত ভাগ ল’ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘কাগজ কলৰ কৰ্মচাৰীৰ সৈতে চৰকাৰৰ ইতিপূৰ্বে চুক্তি সম্পন্ন হৈছে৷ আমি আশা কৰিছোঁ– মাৰ্চৰ শেষৰফালে কাগজ কলৰ মাটি-বাৰী ক্ৰয়ৰ বাবে কলকাতাত নিবিদা দিম৷’ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ এই ঘোষণাই কাগজ কলৰ ভূমি ক্ৰয়ৰ বাবে যে চৰকাৰ সাঁজু হৈছে তাৰে ইংগিত দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেও অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে কাগজ কলৰ ভূমি ৰাজ্য চৰকাৰক গতাই দিয়াৰ বাবে ৩০০ কোটি টকা আদায়ৰ প্ৰস্তাৱ দিছিল লিকুইডেটৰ কুলদীপ বাৰ্মাক৷ কিন্তু লিকুইডেটৰে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰি কেইবাবাৰো নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ অৱশ্যে এইবাৰ লিকুইডেটৰে নগাঁও কাগজ কলৰ ৫৭০.৯৫ একৰ ভূমি, কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমি আৰু হাফলঙত থকা ১০ কঠা লীজ ভূমিৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰাত দুয়োপক্ষই বুজাবুজিত উপনীত হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে৷ ইপিনে, কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য বকেয়া ৫৭০ কোটি টকা তিনিমাহৰ ভিতৰত আদায় দি কোৱাৰ্টাৰ খালী কৰাৰ বাবে বিগত বৰ্ষৰ ২৯ ছেপ্টেম্বৰতে মুখ্যমন্ত্ৰীয়ে কলৰ কৰ্মচাৰী ইউনিয়নৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল৷ কিন্তু চুক্তি স্বাক্ষৰৰ তিনি মাহৰ সময়সীমা উকলি বৰ্তমান ৫ মাহত ভৰি দিলে যদিও চৰকাৰে কৰ্মচাৰীসকলক ফুটা কড়ি এটাও মোকলাই দিয়া নাই৷ লক্ষণীয়ভাৱে ৫৬ মাহ ধৰি দৰমহা বঞ্চিত ১০০জন কৰ্মচাৰীয়ে ধনৰ অভাৱত উন্নত চিকিৎসাৰ অবিহনে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে৷ অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে সংবাদ মাধ্যমৰ আগত কাগজ কল কৰ্মচাৰীৰে কৰা চুক্তি ২-৩ মাহৰ ভিতৰত কাৰ্যকৰী কৰি সমস্যাটোৰ সমাধান কৰিব বুলিও সদৰি কৰিছে৷ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ স্থিতিত এটা কথা স্পষ্ট হ’ল যে কাগজ কলৰ ভূমি চৰকাৰৰ হাতলৈ আহিলেও কাগজ কল দুটা পূৰ্বৰ দৰে জীয়াই নুঠে৷