Logo
image

অসমক পুনৰ ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা

আমাৰ অসম, ২ মাৰ্চঃ ‘অশান্তজৰ্জৰ অঞ্চল’ৰূপে চিহ্নিত ৰাজ্য অসমত পুনৰ ছমাহৰ বাবে ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮’ [আফস্পা]ৰ ম্যাদ বৃদ্ধি কৰিছে৷ ৰাজ্য চৰকাৰে সোমবাৰে জাৰি কৰা এক জাননীত এইবুলি উল্লেখ কৰে– ‘বিগত ছয় মাহত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ৰাজ্য চৰকাৰে ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমক পুনৰ ছয় মাহৰ বাবে ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰিছে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ ৩ নং ধাৰাৰ অধীনত এই ঘোষণা কৰা হয়৷’ উল্লেখ্য, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত আইন-শৃংখলাজনিত পৰিস্থিতি আগতকৈ উন্নত হোৱা বুলি দাবী কৰি থকাৰ পাছতো অসমক পুনৰ ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰি ‘আফস্পা’ৰ ম্যাদ আগন্তুক ছয় মাহলৈ বৃদ্ধি কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ কিয়নো কিছুদিন পূৰ্বে নিষিদ্ধঘোষিত সংগঠন আলফায়ো [স্বাধীন] বিগত বৰ্ষৰ পৰা অব্যাহত ৰখা যুদ্ধবিৰতিৰ ম্যাদ উকলা বুলি উল্লেখ কৰিছিল৷ লক্ষ্যণীয় যে অলপতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ৰাজ্যৰ একাধিক যুৱক-যুৱতী আলফালৈ ধাৱমান হোৱা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছিল৷ যুদ্ধবিৰতিৰ মাজতো বহুসংখ্যক যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা কাৰ্যত আলফা [স্বাধীন]ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰকাৰৰে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি দলীয় সংগঠন শক্তিশালী কৰিছে নেকি বুলি প্ৰশ্ন উঠিছিল৷ সেই প্ৰশ্নৰ উত্তৰত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক কৈছিল– ‘ক’ভিডৰ বাবে আমি ৯ মাহে সামৰিক কাৰ্যকলাপৰ পৰা বিৰত আছিলোঁ৷ চৰকাৰে যিহেতু ১৪ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড বিধি প্ৰত্যাহাৰ কৰিছে, সেয়েহে ক’ভিড পৰিস্থিতি উন্নত হোৱা বুলি আমি ভাবিছোঁ৷ যিহেতু ক’ভিডৰ বাবে বাধা-নিষেধাজ্ঞা নাই, সেয়েহে আলফায়ো অস্ত্ৰবিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ৷’ স্মৰ্তব্য যে, আলফা সেনাধ্যক্ষই কৰা এই মন্তব্যৰ কেইদিনমান পাছতেই অৰ্থাৎ সোমবাৰে ৰাজ্য চৰকাৰে অসমক পুনৰ ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰি ‘আফস্পা’ৰ ম্যাদ আগন্তুক ছয় মাহলৈ বৃদ্ধি কৰিছে৷