Logo
image

আৰু কেতিয়া ‘শান্ত’ হ’ব অসম

‘আমাৰ অসম,৩মাৰ্চঃ চৰকাৰে পুনৰ অসমক ছমাহৰ বাবে অশান্ত অঞ্চল ঘোষণা কৰাৰ পাছতে প্ৰশ্ন উঠিছে– আৰু কেতিয়া শান্ত হ’ব অসম৷ এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে– ‘যোৱা নিৰ্বাচনৰ সময়তো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱা শুনিছিলোঁ যে অসম বৰ্তমান শান্ত৷ অসমৰ উগ্ৰপন্থী সমস্যা সমাধান হৈছে৷ তেনেস্থলত সাধাৰণ জনগণক জীয়াতু ভোগোৱা সশস্ত্ৰ  বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰাটোৱে তাৰ ওলোটা ছবিখনহে প্ৰতিপন্ন কৰে আৰু যি সময়ত মণিপুৰ আৰু অন্যান্য অঞ্চলত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে অসমতো এই আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ সন্মতি বিচাৰিছিল৷ অসম চৰকাৰে ইয়াত সন্মতি দিলে আমি সকলোৱে ভাল পাম৷ বিজেপি চৰকাৰে এই আইনখন এতিয়াও ৰাখি থোৱাটো ৰহস্যজনক৷’ উল্লেখ্য, সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা এক জাননীত এই বুলি উল্লেখ কৰা হৈছে যে বিগত ৬ মাহত অসমৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ৰাজ্য চৰকাৰে ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমক পুনৰ ছমাহৰ বাবে ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰিছে৷ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ৰ ৩নং ধাৰাৰ অধীনত এই ঘোষণা কৰা হৈছে৷ উল্লেখ্য, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত আইন-শৃংখলাজনিত পৰিস্থিতি আগতকৈ উন্নত হোৱা বুলি দাবী কৰি থকাৰ পাছতো অসমক পুনৰ ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰি ‘আফস্পা’ৰ ম্যাদ আগন্তুক ছয় মাহলৈ বৃদ্ধি কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ কিয়নো কিছুদিন পূৰ্বে নিষিদ্ধঘোষিত সংগঠন আলফায়ো [স্বাধীন] বিগত বৰ্ষৰ পৰা অব্যাহত ৰখা যুদ্ধবিৰতিৰ ম্যাদ উকলা বুলি উল্লেখ কৰিছিল৷ লক্ষ্যণীয় যে অলপতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ৰাজ্যৰ একাধিক যুৱক-যুৱতী আলফালৈ ধাৱমান হোৱা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছিল৷ যুদ্ধবিৰতিৰ মাজতো বহুসংখ্যক যুৱক-যুৱতীয়ে আলফাত যোগদান কৰা কাৰ্যত আলফা [স্বাধীন]ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰকাৰৰে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি দলীয় সংগঠন শক্তিশালী কৰিছে নেকি বুলি প্ৰশ্ন উঠিছিল৷ সেই প্ৰশ্নৰ উত্তৰত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক কৈছিল– ক’ভিডৰ বাবে আমি জ্ঝ মাহে সামৰিক কাৰ্যকলাপৰ পৰা বিৰত আছিলোঁ৷ চৰকাৰে যিহেতু ১৪ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড বিধি প্ৰত্যাহাৰ কৰিছে, সেয়েহে ক’ভিড পৰিস্থিতি উন্নত হোৱা বুলি আমি ভাবিছোঁ৷ যিহেতু ক’ভিডৰ বাবে বাধা-নিষেধাজ্ঞা নাই, সেয়েহে আলফায়ো অস্ত্ৰবিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ৷’ স্মৰ্তব্য যে, আলফা সেনাধ্যক্ষই কৰা এই মন্তব্যৰ কেইদিনমান পাছতেই অৰ্থাৎ সোমবাৰে ৰাজ্য চৰকাৰে অসমক পুনৰ ‘অশান্তজৰ্জৰ অঞ্চল’ হিচাপে ঘোষণা কৰি ‘আফস্পা’ৰ ম্যাদ আগন্তুক ছয় মাহলৈ বৃদ্ধি কৰিছে৷

আফস্পাৰ ম্যাদ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ চিপিআই[এম]ৰ

আমাৰ অসমঃবিজেপি চৰকাৰে তেওঁলোকৰ শাসনত ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি দাবী কৰি থকা সত্ত্বেও এইখন ৰাজ্য চৰকাৰেই অসমক অশান্ত অঞ্চলৰূপে ঘোষণা কৰি ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ [আফস্পা]ৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰিছে৷ চিপিআই [এম] অসম ৰাজ্যিক কমিটীয়ে এই ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰিছে৷ চিপিআই [এম] অসম ৰাজ্যিক কমিটীৰ হৈ ইচ্‌ফাকুৰ ৰহমানে কয়– ‘আফস্পা’ এখন অতি স্বৈৰতান্ত্ৰিক ক’লা আইন আৰু এই আইনৰ আলম লৈ সেনাবাহিনী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে নাগৰিক অধিকাৰ হৰণ আৰু দমন-পীড়ন চলোৱাৰ অজস্ৰ ঘটনা উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত হৈছে৷ শেহতীয়াভাৱে চ্ছ্ৰ ডিচেম্বৰৰ নিশা নাগালেণ্ডৰ মন জিলাত ১৩ জনকৈ শ্ৰমিকক গুলীয়াই হত্যা কৰাৰ ঘটনা হ’ল ইয়াৰে এক জ্বলন্ত উদাহৰণ৷ অসমতো পূৰ্বতে নিৰ্যাতনৰ এনে বহুতো ঘটনা সংঘটিত হৈছে৷ সেয়েহে এই ঘোষণা প্ৰত্যাহাৰ কৰাৰ লগতে চিপিআই [এম]-এ চৰকাৰৰ ওচৰত ‘আফস্পা’ বাতিলৰ দাবী জনাইছে৷