Logo
image

সম্বলপুৰত ৰসৰাজৰ ঘৰৰ বাবে ৮০ লাখ

আমাৰ অসম, ৩ মাৰ্চঃ ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ পুনৰ মেৰামতিৰ বাবে অসম চৰকাৰে অতিৰিক্তকৈ ৮০ লাখ টকা আৱণ্টন দিব৷ ২০২১-২২ চনৰ বাজেটত এই ধন আৱণ্টন দিয়াৰ বাবে ধাৰ্য কৰা হৈছে৷ এই সম্পৰ্কে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ [গুৱাহাটী, সম্বলপুৰ, কলকাতা] মুখ্য উপদেষ্টা দীপক কুমাৰ পাণ্ডাই কয়– সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ নেলছন মেণ্ডেলা চ’কত থকা বাসগৃহটোৰ পুনৰ মেৰামতি তথা সংৰক্ষণৰ বাবে ২০২১-২২ চনৰ বাজেটত অসম চৰকাৰে অতিৰিক্তকৈ ৮০ লাখ টকা আৱণ্টন দিয়া বুলি শুনিবলৈ পাই আনন্দিত হৈছোঁ৷ অসম চৰকাৰে ৫০ লাখ টকা আৰু ওড়িশা চৰকাৰে ৫৫ লাখ টকা এই বাসগৃহটো পুনৰ নিৰ্মাণৰ বাবে তথা সংৰক্ষণৰ বাবে আৱণ্টন দিছিল৷ সেই অনুসৰি ২০১৮ বৰ্ষৰ পৰা সাহিত্যৰথীৰ বাসগৃহটোৰ পুনঃনিৰ্মাণ তথা সংৰক্ষণৰ কাম আৰম্ভ হয়৷ ইতিমধ্য সাধনাগৃহটোৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ এই সাধনাগৃহটোৰ কাম প্ৰায় এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ এতিয়া সাধনা গৃহটোৰ শেষ স্পৰ্শ দিয়াৰ কাম চলি আছে৷ ইণ্ডিয়ান নেশ্বনেল ট্ৰাষ্ট অৱ আৰ্ট এণ্ড কালচাৰ হেৰিটেজে [ইনটেক] এই পুনঃনিৰ্মাণৰ কাম কৰি আছে৷ সাহিত্যৰথীয়ে নিৰ্মাণ কৰা বাসগৃহটো তেনেদৰেই আলফুলকৈ সজাই তোলা হৈছে৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ পৰা ১৯৩৭ চনলৈ ২০ বছৰকাল সম্বলপুৰত বাস কৰিছিল৷ সেই সময়ছোৱাত তেওঁ ১৯২৪ চনত সম্বলপুৰত দুটা বাসগৃহও নিৰ্মাণ কৰিছিল আৰু আনটো কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল৷ ইয়াৰে কাৰ্যালয়টো এতিয়া পুথিভঁৰাল আৰু সংগ্ৰহালয় হিচাপে নিৰ্মাণ কৰা হৈছে৷ ‘সাধনা গৃহ’ নাম দিয়া হৈছে য’ত সাহিত্যৰাজিৰ সৃষ্টিকাৰ্যৰ সংৰক্ষণ কৰা হ’ব৷ আনহাতে, বাসগৃহটো ওড়িশাৰ পৰ্যটন বিভাগৰ অধীনত আছে৷ এই কাম ক’ভিড পৰিস্থিতি তথা প্ৰাকৃতিক দুৰ্যোগৰ বাবে কিছু পৰিমানে পিছপৰি ৰৈছিল যদিও আগন্তুক দুবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশাবাদী৷ এই ক্ষেত্ৰত দুয়োখন চৰকাৰে বিশেষ সহযোগিতা আগবঢ়াইছে৷ এই কাম সম্পূৰ্ণ হৈ উঠিলে অসম আৰু ওড়িশাৰ মাজত সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া হৈ পৰিব৷ অসম, ওড়িশাৰ কলা-সংস্কৃতিৰ সমন্বয় ঘটিব৷’ এই সম্পৰ্কে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাই কয়– ‘ওড়িশাবাসীৰ মৰম, সদিচ্ছা আৰু সহযোগৰ বাবে এই কাম সফল হ’ব পাৰিছে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি তেওঁলোকৰ অসীম শ্ৰদ্ধা আছে৷ লগতে অসম, পশ্চিম বংগ আৰু ওড়িশাৰ মাজৰ সমন্বয়ৰ সাকোঁখন অধিক শক্তিশালী হৈ উঠিব৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপ প্ৰশংসনীয়৷ আমি আগন্তুক চ্ছ মাৰ্চত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪সংখ্যক মৃত্যুবাৰ্ষিকী সম্বলপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিবলৈ আগবাঢ়িছোঁ৷ আমাৰ বাবে গৌৰৱৰ বিষয় যে অসমৰ বাহিৰতো ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স-সন্মানেৰে ৰখাৰ বাবে ওড়িশা চৰকাৰ তথা ওড়িশাবাসীয়ে বিশেষ সহযোগিতা আগবঢ়াইছেঁ৷’