Logo
image

মাজুলীত ৰাজনৈতিক চমক

দুই গগৈৰ হাতত ধৰি মঞ্চত ভূপেন বৰা

আমাৰ অসমঃ ‘ভূপেন বৰা, লুৰীণজ্যোতি গগৈ আৰু মই অখিল গগৈ প্ৰথমবাৰৰ বাবে একেলগ হৈছোঁ৷ দেৱভূমি, পুণ্যভূমি মাজুলীয়ে আমাক একেলগ কৰিছে৷ যিজন চিত্তৰঞ্জন বসুমতাৰীয়ে তিনিওটা দলক লগ কৰাব পাৰে, মই খাটাং ২০২৬ ত আমি বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব পাৰিম৷ অসমৰ জাতীয় সমস্যাক লৈ বিধানসভাত বজ্ৰকণ্ঠেৰে মাত মাতিবৰ বাবে মোক এজন সতীৰ্থ লাগে আৰু সেইজন হ’ব পাৰে মাজুলীবাসীৰ প্ৰতিনিধি চিত্তৰঞ্জন বসুমতাৰী৷ বিধানসভাত যেতিয়া মই উপস্থিত থাকোঁ, কোন সময়ত কি গণ্ডগোল  কৰিম সেইবুলি ভাবিয়েই হিমন্ত বিশ্ব শৰ্মাই অকল মোৰ ফালেই চাই থাকে৷ এই উপ-নিৰ্বাচনে মাজুলীৰ ৰাইজক এক ঐতিহাসিক সুযোগ আনি দিছে৷ সুযোগ আহিছে প্ৰতিশোধ লোৱাৰ, শিক্ষা দিয়াৰ৷  মাজুলীবাসীয়ে চিত্তৰঞ্জনক ভোট দিয়ক, সদনত মোমাইৰ কলিজা কঁপাই দিম৷ ২০১৪ চনত এটা গেছ চিলিণ্ডাৰৰ দাম ৪৪০ টকা আছিল, সেই চিলিণ্ডাৰৰ দাম এতিয়া ১০৬০৷ এক কেজি মচুৰ দাইলৰ দাম আছিল চল্লিশ টকা আৰু এতিয়া ১২০ টকা৷ ধৰ্ম, সম্প্ৰদায়ৰ ভিত্তিতে ভাগ ভাগ কৰি সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰা বিজেপিক পৰাভূত কৰাটো বৰ্তমান সময়ৰ আহ৩ান হৈ পৰিছে৷ আহক, অহা উপ-নিৰ্বাচনত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, দেৱভূমি, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ পৰাই বিজেপিক উচিত শিক্ষা দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ৷’ প্ৰথমবাৰৰ বাবে ভূপেন বৰা, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ একেলগ হৈ একেখন মঞ্চৰ পৰা বিৰোধী মিলিত শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাই মাজুলীত এইদৰে আহ৩ান জনায় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ মাজুলীৰ গড়মূৰত বংশী গোপাল নাট্যমন্দিৰ চৌহদত অনুষ্ঠিত নিৰ্বাচনী সভাত গগৈয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰি কয় বিজেপি চৰকাৰৰ আচ্ছেদিনৰ বাবেই আমাৰ গাঁওসমূহৰ পৰা যুৱকসকল অৰ্থ উপাৰ্জনৰ কাৰণে বেংগালুৰু, হায়দৰাবাদ, কেৰালা যাব লগা হৈছে৷ ১০ মে’ৰ ভিতৰত ৰ লাখ নিৱনুৱাক চাকৰি দিম বুলি কোৱাসকলে আজিলৈ এটাও চাকৰি দিব নোৱাৰিলে৷ বিজেপি চৰকাৰে নিৱনুৱাক নিযুক্তি নিদিয়ে, মাজুলীক স্থায়ী সুৰক্ষা নিদিয়ে বুলি উল্লেখ কৰি অখিল গগৈয়ে বিজেপিক মুখত চলা চৰকাৰ আখ্যা দিয়ে৷ এতিয়া মাজুলীৰ উপ-নিৰ্বাচন আহিল৷ বিজেপিয়ে ক’ব মুছলমানে দেশখন খালে আৰু বিজেপিক ভোট দিলেহে দেশখন বাচিব৷ একেদৰে মাজুলী-যোৰহাট দলঙৰ আধাৰশিলা তিনিবাৰ স্থাপন কৰিলে৷ এতিয়া উত্তৰ প্ৰদেশত ব্লেকলিষ্টেড হৈ অহা এটা কোম্পানীক দলং বনাবলৈ দিছে৷ নিৰ্বাচনৰ সন্মুখত এটা-দুটা খুটাৰ প্ৰাথমিক কামসমূহ কৰি ৰাইজক দেখুৱাব আৰু নিৰ্বাচন যোৱাৰ পাছত কি হ’ব সেয়া সন্দেহৰ বিষয়৷ যদি হয় হ’ব, কিন্তু যদিহে নহয়, মুখেৰে মাতিব নোৱৰা মানুহটো পঠিয়াই লাভ নাই৷ বিধানসভাত মাত মাতিবৰ কাৰণে মাজুলীবাসীয়ে চিত্তৰঞ্জন বসুমতাৰীক ভোট দিয়ক৷ দলং দিম দিম কৈ যদি দলং নিদিয়ে তেতিয়াহ’লে মই আছোঁ চিত্তৰঞ্জনৰ লগত, বিধানসভা হিলাই দিম, মোমাইৰ কলিজা কঁপাই দিম৷ দলঙৰ সমান্তৰালকৈ মাজুলীৰ স্থায়ী সুৰক্ষা অতি প্ৰয়োজন বুলি উল্লেখ কৰি গগৈয়ে কয় মাজুলীক লাগে স্থায়ী নিৰাপত্তা৷ ইতিমধ্যে এটা মৌজা গুছি গ’ল, আধাতকৈ বেছি মাটি ব্ৰহ্মপুত্ৰত জাহ গ’ল, এতিয়াও এফালৰপৰা ব্ৰহ্মপুত্ৰই খহাই আনিছে৷ কিন্তু খহনীয়াৰ প্ৰতিৰোধ নাই কমিচনৰ অংকত মাজুলীত জলসম্পদ, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অফিচ বনায়েই আছে৷ জলসম্পদমন্ত্ৰী জন টকা-পইচা লৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলীত বহি লৈছে৷ বিজেপিয়ে হিন্দু-মুচলন্ত কৰি কৰি দেশখন এফালৰ পৰা বিক্ৰী কৰি শেষ কৰি দিছে৷ গোপীনাথ বৰদলৈ এয়াৰপ’ৰ্ট, এখন এখনকৈ ৰে’লগাড়ী বিক্ৰী কৰিবলৈ লৈছে, ভাৰতৰ আটাইতকৈ ডাঙৰ কোম্পানী এয়াৰ ইণ্ডিয়া বিক্ৰী কৰি দিলে, তেল খাদ, কয়লা খনিবিলাক বিক্ৰী কৰি আছে৷ এই বেপাৰী চৰকাৰে দেশখন এফালৰ পৰা বিক্ৰী শেষ কৰি দিলে৷ মোদী চৰকাৰে হঠকাৰীতা, হিটলাৰী কাম কৰি দেশৰ অৰ্থনৈতিক অৱস্থা সংকটজনক কৰি তুলিলে৷ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা বিদেশী আনি তেওঁলোকে অসম আৰু ভাৰতত বহুৱাব খুজিছে৷ অখিল গগৈয়ে আৰু কয় ভূপেন বৰা, লুৰীণজ্যোতি গগৈ, আৰু অখিল গগৈ অৰ্থাৎ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তিনিটা দল প্ৰথমবাৰৰ কাৰণে একেলগ হৈছে মাজুলীত৷ চিত্তৰঞ্জন বসুমতাৰী অসমৰ ৰাইজৰ কাৰণে এক আৰ্শীবাদ বুলি প্ৰকাশ কৰি অখিল গগৈয়ে অসমত পৰিৱৰ্তনৰ বতাহ বোৱাবৰ কাৰণে, এখন নতুন প্ৰগতিশীল, জাতীয়তাবাদী অসম গঢ়িবৰ কাৰণে চিত্তৰঞ্জন বসুমতাৰীক ভোট দিবলৈ সকলো ৰাইজক ওলাই আহিবলৈ আহ৩ান জনায়৷ নিৰ্বাচনী সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰি কয় মাজুলী অসমৰ জাতীয় জীৱনৰ স্বাভিমান৷ মাজুলীৰ ঐতিহ্য, পৰম্পৰা সুৰক্ষিত কৰিবৰ কাৰণে অহা নিৰ্বাচনত মাজুলীবাসীয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব৷  অসমৰ জাতীয় জীৱনক ধবংসৰ মুখলৈ ঠেলি দিয়া বিজেপিক অসমৰ বুকুৰ পৰা খেদিবই লাগিব৷ কোনো কাৰণতে দুৰ্নীতি-ভূমি কেলেংকাৰিত জড়িত নিমাতী কন্যা পুতলা বিধায়ক মাজুলীৰ পৰা পঠিয়াব বিচৰা নাই মাজুলীবাসীয়ে৷ আমি বিচাৰোঁ সাহসী, নিকা জাতীয়তাবাদী যোদ্ধা, যি মাজুলীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সৈতে যুঁজিব পাৰে, যি সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত উত্তৰাধিকাৰী হ’ব পাৰে৷ তেনে এজন যোগ্য ব্যক্তি হৈছে চিত্তৰঞ্জন বসুমতাৰী৷ অসমৰ বিভিন্ন সমষ্টিৰ মানুহে অনাগত দিনত মাজুলীৰ ৰাইজৰ প্ৰাৰ্থী নিৰ্বাচন কিন্তু লক্ষ্য কৰি থাকিব বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কোনো প্ৰলোভন, ভয়-ভীতিত থমকি নৰৈ অহা জ্জ মাৰ্চত হিলদল ভাঙি সকলো ওলাই আহি চিত্তৰঞ্জন বসুমতাৰীক ভোট দি নতুন দিনৰ সূচনা কৰিবলৈ আহ্বান জনায়৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, এই নিৰ্বাচনৰ জৰিয়তে চৰকাৰ ভঙা-পতা নহয়৷ আজিৰ পৰা আঠ মাহৰ পূৰ্বে মাজুলীৰ মানুহে ভোট দি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পাতিম বুলি সোণোৱালক পঠাইছিল৷ কিন্তু কংসই উগ্ৰসেনক বন্দী কৰি নিজে ৰজা হোৱাৰ দৰে বিজেপিৰ কুটিল ৰাজনীতিত মাজুলীবাসীয়ে নিৰ্বাচন কৰি পঠোৱাজনক সাগৰৰ পাৰত থিয় কৰাই নিজে ৰজা হ’ল৷  মাজুলীক বিশ্ব ঐতিহ্যৰ সন্মান দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে উক্ত স্বীকৃতি মাজুলীক দিম দিম কৰিয়েই থাকিল, কিন্তু আজিপৰ্যন্ত সেয়া সম্ভৱ নহ’ল৷  গুজৰাটৰ থলুৱা লোকগীতে বিশ্ব ঐতিহ্যত স্থান পাব পাৰে কিন্তু মাজুলীৰ কলা-সংস্কৃতি, ঐতিহ্য, পৰম্পৰাই পাব নোৱাৰে বিজেপিৰ পৃষ্ঠপোষকতাত৷ বৰাই আৰু কয় এই চৰকাৰৰ ভিজন ডকুমেণ্টখনত আছে প্ৰথমখন কেবিনেটত ৪০ হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব৷ কিন্তু কিমানখন কেবিনেট গ’ল সেয়া নহ’ল৷ বিজেপি চৰকাৰখন কেৱল ফাঁকিত চলি আছে, প্ৰচাৰ আৰু অপপ্ৰচাৰত চলি আছে৷ মাজুলীৰ পৱিত্ৰতা, সাংস্কৃতিক ইতিহাসক সুৰক্ষিত কৰাৰ বাবে জ্জ মাৰ্চত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচন মাজুলীবাসীৰ বাবে অগ্নিপৰীক্ষা বুলি উল্লেখ কৰি ভূপেন বৰাই সমগ্ৰ অসমবাসীয়ে উক্ত দিনটোলৈ বাট চাই ৰোৱা বুলি প্ৰকাশ কৰে৷ কালি ৰাজ্যপালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ প্ৰসংগত বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে কয় অসমত শান্তিৰ কপৌ উৰিছে, বিজেপিক দেহৰক্ষী নালাগে৷ মাজুলীৰ ৰাইজে উপযুক্ত সিদ্ধান্তৰ জৰিয়তে চিত্তৰঞ্জন বসুমতাৰীক জয়যুক্ত কৰি বিজেপিক প্ৰতিহত কৰিবলৈ আহ৩ান জনায়৷ সভাত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে বিজেপিৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপিয়ে বিভিন্ন অপপ্ৰচাৰ চলাই আছে বুলি উল্লেখ কৰি ২০০১চনৰ কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই মাজুলীৰ উন্নয়ন হৈছিল আৰু সৰ্বানন্দ সোণোৱালৰ দিনত সেয়া মেৰামতি হৈছিল বুলি কয়৷ মাজুলীৰ সুৰক্ষাৰ বাবে তৰুণ গগৈয়ে বাজপেয়ীৰ পৰা ধন আনি মাজুলীৰ সুৰক্ষা ব্যৱস্থা কৰিছিল৷ কিন্তু সোণোৱালে এটকাও আনিব পৰা নাছিল৷ সভাত অসম জাতীয় পৰিষদৰ মাজুলী জিলাৰ সভাপতি শিশুধৰ দলে, মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে, উজনি মাজুলীৰ ৰাণা পাংগিং, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ৰমান্না বৰুৱা, নিখিল ভাৰত যুৱ কংগ্ৰেছ কমিটীৰ সম্পাদিকা কৃষ্ণা দাস, লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সম্পাদক বিষ্ণু কমল পায়েং, যুটীয়া সম্পাদক জিণ্টু হাজৰিকাকে ধৰি তিনিওটা দলৰ বিষয়ববীয়া, কৰ্মী উপস্থিত থাকে৷

মাজুলীত বিজেপিবিৰোধী ঐক্যক বাঁও দলৰ আদৰণি

আমাৰ অসমঃ তিনিটা বাঁওপন্থী দল ক্ৰমে চিপিআই [এম], চিপিআই আৰু চিপিআই [এম-এল]ৰ ৰাজ্যিক নেতৃবৃন্দৰ এখন যৌথ সভা মঙলবাৰে চিপিআই [এম]ৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হয়৷ চিপিআই দলৰ ৰাজ্যিক সম্পাদক মুনীন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশেষকৈ আগন্তুক পৌৰসভা নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়৷ জ্জ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ় লোৱা বিজেপিবিৰোধী ঐক্যক বাঁও দলসমূহে আদৰণি জনাইছে৷ নিৰ্বাচনত বিৰোধী দলসমূহৰ দ্বাৰা সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ভোট দি জয়যুক্ত কৰিবলৈ বাঁও দলসমূহে মাজুলীবাসীলৈ আবেদন জনাইছে৷ আগন্তুক পৌৰসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰি বাঁওদলসমূহে অভিমত প্ৰকাশ কৰে যে জনবিৰোধী, বিভাজনবাদী আৰু সাম্প্ৰদায়িক বিজেপিক পৌৰসভা নিৰ্বাচনত পৰাস্ত কৰাটো প্ৰয়োজন৷ উন্নয়ন সম্পৰ্কে নানা প্ৰতিশ্ৰুতি দিয়া আৰু অবিৰত মিছা প্ৰচাৰ কৰা বিজেপি চৰকাৰে গাঁও অঞ্চলৰ লগতে চহৰবোৰৰ উন্নয়নত যে শোচনীয়ভাৱে ব্যৰ্থ হৈছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷ ব্যৰ্থতা ঢাকিবলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে ধাৰাবাহিক সাম্প্ৰদায়িক, বিভাজনবাদী আৰু প্ৰলোভনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে৷ সেয়ে আগন্তুক পৌৰসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাটো জৰুৰী বুলি উল্লেখ কৰি বাঁও দলসমূহে জনসাধাৰণলৈ আবেদন জনাইছে৷ সভাত চিপিআই [এম]ৰ সুপ্ৰকাশ তালুকদাৰ, ইচ্‌ফাকুৰ ৰহমান, অজিত দাস, নয়ন ভূঞা, চিপিআইৰ মুনীন মহন্ত, টিপিআই [এম-এল]ৰ ৰুবুল শৰ্মা আৰু পংকজ কুমাৰ দাস উপস্থিত থাকে৷