Logo
image

হেলিকপ্টাৰ লৈ মাজুলী চলাথ কৰিছে মুখ্যমন্ত্ৰীয়ে

দুই গগৈৰ হাত ধৰি তৎপৰ ভূপেন

আমাৰ অসম, ৪ মাৰ্চঃ মাত্ৰ ৫৫৩ বৰ্গ কিলোমিটাৰৰ এটা ক্ষুদ্ৰ নদীদ্বীপ মাজুলী৷ এই মাজুলী উদ্ধাৰৰ বাবে হেলিকপ্টাৰ লৈ চলাথ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মন্ত্ৰী, মুখ্যমন্ত্ৰী শাসক-বিৰোধী এতিয়া সকলোৰে বাবে বুকুৰ কুটুম মাজুলী৷ কিয়নো ৭ মাৰ্চত আছে মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন৷ এক কথাত ক’বলৈ গ’লে মাজুলী দখল এতিয়া শাসক-বিৰোধীৰ বাবে সন্মানৰ প্ৰতীক৷ কোনে পুনৰ শেষ হাঁহি মাৰিব মাজুলীত, কোনে হৃদয় জিনিব মাজুলীবাসীৰ৷ মাজুলীত গধুৰ হৈছে ৰাজনীতি৷ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ তিনিটা দিন বাকী৷ এনে প্ৰেক্ষাপটত মাজুলীত তুংগত হৈছে নিৰ্বাচনী প্ৰচাৰ৷ মাজুলীৰ আকাশত এতিয়া ঘনে ঘনে উৰিছে  হেলিকপ্টাৰ৷ কিয়নো দুদিনৰ বাবে মাজুলীলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ দুদিনত মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ ১৪খন নিৰ্বাচনী সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে পুৱাৰ পৰা বিয়লিলৈকে মুঠ পাঁচখন নিৰ্বাচনী সভাত প্ৰচাৰ চলালে৷ পুৱা ১০-৩০ বজাত মুখ্যমন্ত্ৰীয়ে দক্ষিণ আহতগুৰিৰ লগুৱাটিত প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ দিয়ে৷ ইয়াৰ পাছতে ক্ৰমে ১১ বজাত হুতাৰ আহতগুৰি, ১২ বজাত গোপালচুক মিচামৰা, ১ বজাত ভকত চাপৰি আৰু ২ বজাত মাজৰ চাপৰিত আন চাৰিখন নিৰ্বাচনী সভাত ভাগ লয়৷ মাজৰ চাপৰিত অন্তিমখন নিৰ্বাচনী সভাত প্ৰচাৰ চলোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে গৰাখহনীয়া সমস্যাৰো বুজ লয়৷ নিৰ্বাচন শেষ হোৱাৰ পাছতে ১০ মাৰ্চৰ পৰা এই  গৰাখহনীয়া ৰোধৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰিকাক নিৰ্দেশ দিয়ে৷ কাজেই মাজুলীত বাহৰ পতা মুখ্যমন্ত্ৰীৰ বাবে বৃদ্ধি পাইছে মাজুলীবাসীৰ ব্যস্ততা৷ এই ব্যস্ততাৰ অৱশ্যে কাৰণো আছে৷ কাৰণ মুখ্যমন্ত্ৰীয়ে সময় মিলাবৰ বাবে প্ৰতিখন নিৰ্বাচনী সভালৈ যাবলৈ ব্যৱহাৰ কৰিছে হেলিকপ্তাৰ৷ এফালে মুখ্যমন্ত্ৰীক চোৱাৰ হেঁপাত আনফালে হেলিকপ্টাৰৰ সঘন উৰণ৷ ৫৫৩ বৰ্গ কিলোমিটাৰেৰে আৱৰা মাজুলী বিধানসভা সমষ্টিৰ ১৪ খন ঠাইত যদিহে মুখ্যমন্ত্ৰীৰ সভা হয় আৰু ইখন সভাৰ পৰা সিখন সভালৈ হেলিকপ্টাৰেৰে অহা যোৱা কৰে, তেনে অৱস্থাত মাজুলীবাসীৰ গাত তৰণি নোহোৱা হ’বই৷ এফালে যদি মুখ্যমন্ত্ৰীৰ ভাষণ, আনফালে ভাষণতকৈ উৎসাহী জনতা– চকুৰে ওচৰৰ পৰা নয়নভৰি  চাবলৈ পাব হেলিকপ্টাৰ৷ কাৰণ মাজুলীবাসীৰ এনে এটা অঞ্চল নাই য’লৈ মুখ্যমন্ত্ৰী যোৱা নাই৷ ল’ৰাৰ পৰা বৃদ্ধালৈকে সকলো দৌৰি আহিছে হেলিপেডলৈ৷ লক্ষ্য মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চোৱা৷ নিৰ্বাচনী সভাত মানুহৰ যিমান ভিৰ, হেলিপেডত ইয়াতকৈ অধিক ভিৰ– কাৰণ হেলিকপ্টাৰ৷ কেৱল মুখ্যমন্ত্ৰীয়েই নহয় উপ-নিৰ্বাচনৰ বাবে মাজুলীত উবুৰি খাই পৰিছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকল৷ বিজেপিৰ নেতা-মন্ত্ৰীয়ে কেইবাদিনৰ পৰা মাজুলীত বাহৰ পাতি দলীয় প্ৰাৰ্থী ভুৱনগামৰ সমৰ্থনত চলাইছে প্ৰচাৰ৷ কেইবাদিনৰ পৰা মন্ত্ৰী পীয়ূষ হাজৰিকা, ডাঃ ৰণোজ পেগু, বিমল বৰাৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই মাজুলীত চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ৷ বিজেপিৰ মিত্ৰ এজিপিৰ অতুল বৰা, কেশৱ মহন্তইয়ো ভুৱনগামৰ হৈ চলাইছে প্ৰচাৰ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভূমুকি মাৰি গ’ল মাজুলীত৷ মাজুলীক লৈ নেতাৰ ব্যস্ততাই প্ৰমাণ কৰিছে যে মাজুলী এতিয়া কেৱল সাধাৰণ বিধানসভাৰ উপ-নিৰ্বাচন নহয়৷ ইফালে খাদ্য ব্যৱসায়ী ভুৱনগামে মাজুলীত ব্যস্ত থকা সাংবাদিকৰ বাবে ব্যৱস্থা কৰিছে দুপৰীয়াৰ আহাৰ৷ মাজুলীত এইবাৰ বিজেপি প্ৰাৰ্থী ভুৱনগামক হৰুৱাবৰ বাবে ৰাজনৈতিক চমক দি একেখন মঞ্চতে একেলগ হৈছে ভূপেন বৰা, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ৷ দুই গগৈৰ হাতত ধৰি মঞ্চত উৎসাহী ৰূপত দেখা গৈছে ভুপেন বৰাক৷

‘সুৰামুক্ত’ জিলা মাজুলীত ড্ৰাই ডে’

মাজুলী সমষ্টিত ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ‘সুৰামুক্ত’ জিলা মাজুলীত ঘোষণা কৰা হৈছে ড্ৰাই ডে’৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৭ মাৰ্চত এই সমষ্টিত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ জাননী অনুসৰি জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ [চি] ধাৰা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই আইন অনুসৰি কোনো স্পিৰিটযুক্ত দ্ৰব্য, গাঞ্জা, মদ আদি নিচাজাতীয় দ্ৰব্য হোটেল, দোকান, চৰকাৰী অথবা বেচৰকাৰী অইন কোনো স্থানত বিতৰণ কৰা আদি সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন শেষ নোহোৱালৈকে ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছে৷ ৫ মাৰ্চৰ বিয়লি ৫ বজাৰ পৰা ৭ মাৰ্চৰ বিয়লি ৫ বজালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ’ব৷ তদুপৰি ১০ মাৰ্চৰ দিনা ভোটগণনা শেষ নোহোৱাপৰ্যন্ত আকৌ ড্ৰাই ডে’ ঘোষণা কৰা হৈছে৷ আনহাতে, যদি উক্ত সমষ্টিটোত পুনৰ ভোটগণনা অনুষ্ঠিত হয়, তেতিয়াও ড্ৰাই ডে’ ঘোষণা কৰা হ’ব৷ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিনত মদৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট, ক্লাব আৰু অন্যান্য প্ৰতিষ্ঠানত মদৰ বিক্ৰী-পৰিৱেশন আদি কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ উপৰি মালিকনাধীন নোহোৱা ক্লাব, ষ্টাৰ হোটেল আদিত মদ পৰিৱেশন সংক্ৰান্ত বিভিন্ন ধৰণৰ লাইচেন্স থাকিলেও উক্ত দিনকেইটাত মদ পৰিৱেশনৰ অনুমতি দিয়া নহ’ব৷ আবকাৰী আইনৰ অধীনত প্ৰদত্ত বিধি নিষেধ অনুসৰি লাইচেন্সবিহীন স্থানত মদ সংৰক্ষণ আদিত নিষেধাজ্ঞা কঠোৰভাৱে প্ৰয়োগ কৰা হ’ব৷ আদেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধিসমূহৰ প্ৰাসংগিক বিধান আৰু নিৰ্বাচনী বিধিৰ ১৩৫ [চি] ধাৰাৰ বিধানৰ অধীনত শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি জাননী প্ৰকাশ হৈছে৷