Logo
image

পংকজ ফুকনসহ উত্তৰ পূবৰ ৩ ব্যক্তি তৎপৰ

উদ্ধাৰ শেষ নোহোৱাপৰ্যন্ত উভতি নাহে ৰিজিজু

আমাৰ অসম, ৪ মাৰ্চঃ যুদ্ধবিধবস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা অন্তিমজন ভাৰতীয় নাগৰিক দেশলৈ উভতি নহালৈকে উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ যোৱা কেন্দ্ৰীয় আইনমন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজু ভাৰতলৈ ঘূৰি নাহে৷ দেশখনত আৱদ্ধ হৈ থকা এদল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওচৰত ৰিজিজুৱে এই অংগীকাৰ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি স্বদেশলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সমন্বিতে ভাৰতীয় নাগৰিকক ঘূৰাই পঠাবলগীয়া জটিল অভিযানত ভাগ লৈছে বৈদেশিক সেৱাত নিয়োজিত অসম সন্তান পংকজ ফুকনেও৷ সামগ্ৰিকভাৱে ইউক্ৰেইনৰ সীমান্তত অৱস্থিত শ্ল’ভাক ৰিপাব্লিক বা শ্ল’ভাকিয়াৰ পৰা ভাৰতীয় নাগৰিকক দেশলৈ উদ্ধাৰ কৰি অনা অভিযানৰ গুৰি ধৰিছে উত্তৰ-পূবৰ তিনিজন সুযোগ্য সন্তানে৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছৰ দূতাবাসত নিয়োজিত প্ৰথম সচিব পংকজ ফুকনৰ লগতে শ্ল’ভাকিয়া অভিযানত নিয়োজিত হৈছে শ্ল’ভাকিয়াৰ ভাৰতীয় ৰাষ্ট্ৰদূত, মিজোৰামৰ সু-সন্তান ভানলালহুমা৷ শ্ল’ভাকিয়াৰ ৰাষ্ট্ৰদূত ভানলালহুমা আৰু ব্ৰাছেলছৰ পৰা আহি শ্ল’ভাকিয়াত উপস্থিত হোৱা প্ৰথম সচিব পংকজ ফুকনে উদ্ধাৰ অভিযানৰ বাবে যোৱা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক বুধবাৰে নিশা শ্ল’ভাকিয়াৰ ক’ছিচে চহৰত আদৰণি জনায়৷ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসহ ইউক্ৰেইনৰ যুদ্ধত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে লৈ যোৱা স্পাইচজেটৰ এখন বিমানেৰে কিৰেণ ৰিজিজু বুধবাৰে নিশা ক’ছিচে চহৰত অৱতৰণ কৰে৷ বিমানবন্দৰৰ ‘টাৰমাক’ত তেতিয়া ৰিজিজুক আদৰণি জনাবলৈ ৰৈ আছিল ভানলালহুমা আৰু পংকজ ফুকন৷ দুয়ো ৰিজিজুক আদৰণি জনোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ তিনি সন্তান যুদ্ধ বিধবস্ত অঞ্চলটোত আৱদ্ধ ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযানত তৎপৰতাৰে নামি পৰে৷ শ্ল’ভাকিয়াৰ ক’ছিচে চহৰত ইউক্ৰেইনৰ পৰা আহি উপস্থিত হোৱা এদল ভাৰতীয় ছাত্ৰক কিৰেণ ৰিজিজুৱে সাক্ষাৎ কৰে আৰু তেওঁলোকক নিৰ্বিঘ্নে ভাৰতত উপস্থিত কৰোৱাৰ আশ্বাস দিয়ে৷ ৰিজিজুৱে কয় যে অন্তিমজন ভাৰতীয়ক উদ্ধাৰ নকৰালৈকে তেওঁ স্বদেশলৈ উভতি নাহে৷ এতিয়াও যুদ্ধবিধবস্ত ইউক্ৰেইনত যুদ্ধৰ মাজত বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী বাধ্য হৈ আৱদ্ধ হৈ থকা বুলি তেওঁ স্বীকাৰ কৰে৷ চৌদিশে বোমা, গুলীয়াগুলীৰ মাজত এতিয়াও একাংশ ভাৰতীয় নাগৰিক ইউক্ৰেইনৰ পৰা চুবুৰীয়া দেশলৈ আহিবলৈ সক্ষম হোৱা নাই বুলি তেওঁ কয়৷ সকলোকে উদ্ধাৰ কৰাৰ বাবেই তেওঁ শ্ল’ভাকিয়াত উপস্থিত হোৱা বুলি জনায়৷

শ্ল’ভাকিয়াৰ ৰাজধানী ব্ৰাটিশ্লাভা হ’লেও শ্ল’ভাকিয়াত ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযান চলি আছে ক’ছিচে চহৰৰ পৰা৷ ক’ছিচে চহৰখন শ্ল’ভাকিয়াৰ উত্তৰ-পূবত ইউক্ৰেইনৰ সীমাত অৱস্থিত৷ একাংশ ভাৰতীয় নাগৰিকক ইউক্ৰেইনৰ পৰা শ্ল’ভাকিয়াত প্ৰৱেশৰ সুবিধা দিয়া হৈছে৷ তেওঁলোকৰ উদ্ধাৰ অভিযান পৰিচালনা কৰাৰ বাবে ব্ৰাছেলছৰ পৰা অনা হৈছে বেলজিয়ামৰ ৰাজধানীত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব পংকজ ফুকনক৷ ক’ছিচে চহৰত ইতিমধ্যে বহুসংখ্যক ভাৰতীয় উপস্থিত হৈছে আৰু তেওঁলোকক বাছেৰে ৰাজধানী ব্ৰাটিশ্লাভালৈ পঠিওৱাৰ পৰিৱৰ্তে ক’ছিচেৰ পৰা নতুন দিল্লীলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰতীয় নাগৰিকক ইউক্ৰেইনৰ সীমাত অৱস্থিত শ্ল’ভাকিয়াৰ উপৰি ৰোমানিয়া, হাংগেৰী, মলড’ভা, পোলেণ্ডৰ পৰা স্বদেশলৈ পঠিয়াই থকা হৈছে৷ ইতিমধ্যে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ সৈতে হোৱা বুজাবুজি অনুসৰি পাঁচোখন দেশে ইউক্ৰেইনৰ পৰা অহা ভাৰতীয় নাগৰিকক তেওঁলোকৰ দেশত প্ৰৱেশ কৰাৰ অনুমতি দিছে৷ তাৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি দেশলৈ উভতি অহাৰ ব্যৱস্থা কৰা হৈছে আৰু ভাৰতে এই অভিযানৰ নাম ৰাখিছে অপাৰেচন গংগা৷ এই পৰ্যন্ত ১৮,০০০ৰ অধিক ভাৰতীয় নাগৰিকে ইউক্ৰেইন এৰি প্ৰতিবেশী পাঁচখন দেশত প্ৰৱেশ কৰিছে৷ তাৰে ৬ হাজাৰোধিক ভাৰতীয়ক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷ ৫খন দেশৰ পৰা চলা উদ্ধাৰ অভিযানৰ ৰিজিজুৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হৰদ্বীপ সিং পুৰীয়ে তত্বাবধান কৰিছে৷ 

ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰ পৰ্যন্ত ইউক্ৰেইনৰ পৰা মুঠতে ৬,৪০০ জন ভাৰতীয়ক উদ্ধাৰ কৰি দেশলৈ অনা হৈছে৷ অহা ২৪ ঘণ্টাত ইউক্ৰেইনৰ পৰা মুঠতে ১৮ খন বিমানে ভাৰতীয়ক কঢ়িয়াই স্বদেশলৈ আনিব৷ এদিনত কমেও ১৫ খন বিমানৰ জৰিয়তে দৈনিক ৩০০০ জনকৈ ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ বাবে অপাৰেছন গংগা আৰম্ভ কৰা হৈছিল৷ অহা দুই-তিনিদিনত সেই সংখ্যা নকমে, বৰং বৃদ্ধিহে পাব৷ সম্প্ৰতি অপাৰেছন গংগাত ৩০ খন বিমান ব্যৱহাৰ কৰি থকা হৈছে৷