Logo
image

ভোটৰ পাছতেই ব্যাপক মূল্যবৃদ্ধিৰ বাবে সাজু হওক

আমাৰ অসম, ৪ মাৰ্চঃ উত্তৰ প্ৰদেশসহ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ পাছতেই সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিব৷ ক’ভিড মহামাৰীৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই প্ৰতিখন ৰাষ্ট্ৰৰে অৰ্থনীতিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে৷ আন্তজাৰ্তিক বজাৰত যুদ্ধই প্ৰভূত প্ৰভাৱ পেলোৱাত ভয়ংকৰ সংকট নামি আহিছে৷ বিশেষকৈ আমদানীকৃত প্ৰতিবিধ সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধি ঘটিছে৷ বিশ্বৰ বজাৰত অপৰিশোধিত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰ অতিক্ৰম কৰিছে৷ বিগত চাৰিমাহ ধৰি ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য অপৰিৱৰ্তিত হৈ আছিল যদিও অচিৰেই পেট্ৰ’ল-ডিজেলৰ মূল্যই প্ৰতি লিটাৰত ১০০ টকাৰ স্পৰ্শ কৰাটো নিশ্চিত হৈ পৰিছে৷ নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হ’লেই চৰকাৰে ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবেও সাজু হৈছে৷ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ফলত ২০১৪ চনৰ পাছত প্ৰথমবাৰলৈ খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰিলে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০৫ টকা বৃদ্ধি কৰাৰ পাছত ৰন্ধন গেছৰ ৰাজসাহাৰ্যযুক্ত ঘৰুৱা চিলিণ্ডাৰৰো মূল্যবৃদ্ধি ঘটোৱাৰ পৰিকল্পনা চূড়ান্ত কৰিছে৷ কেৱল পেট্ৰ’ল-ডিজেল বা এল পি জি চিলিণ্ডাৰেই নহয়, পৌৰ নিৰ্বাচনৰ পাছতেই অসমত বিদ্যুৎ মাছুলো বৃদ্ধি পাব৷ প্ৰতি ইউনিটত ২ টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনাৰ চূড়ান্ত কৰিছে বিদ্যুৎ নিয়ামক আয়োগে৷ এপিডিচিএলে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৰ্তমানৰ ৭.৫৫ টকাৰ পৰা ৯.৫৫ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে নিয়ামক আয়োগক৷ আনহাতে ‘জীৱন ধাৰা’ গ্ৰাহকৰ বাবে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৬ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছে৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখিন হোৱাৰ দোহাই দি মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছে এপিডিচিএলে৷ স্বাভাৱিকতে এতিয়া পৌৰ নিৰ্বাচনৰ পাছতেই বিদ্যুৎ মাচুল বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে৷ আনহাতে পৌৰ নিৰ্বাচনৰ পাছতেই মাটিৰ পঞ্জীয়ন মাচুলো বৃদ্ধি পাব৷ ইতিমধ্যে চৰকাৰে ইয়াৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷ তদুপৰি মিঠাতেলকে ধৰি আন খাদ্য সামগ্ৰীৰো মূল্যবৃদ্ধি পোৱাৰ পূৰ্ণ আশাংকা কৰা হৈছে৷ অতি উদ্বেগজনভাৱে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা বুলি দাবী কৰিছে দেশৰ ঔষধ কোম্পানীসমূহে৷ স্বাভাৱিকতেই উৎপাদন হ্ৰাস আৰু কেঁচামালৰ নাটনিৰ অজুহাতত মেডিচিন কোম্পানীসমূহে জীৱনদায়িনী ঔষধৰো আকাশলংঘী মূল্যবৃদ্ধি ঘটোৱাৰ পূৰ্ণ আশংকা আছে৷ এক কথাত নিৰ্বাচনৰ পাছতেই সাধাৰণ দৰিদ্ৰ লোকৰ কথা বাবেই মধ্যবিত্ত শ্ৰেণীৰ  লোকসকলো জীয়াই থকাটো কষ্টকৰ হৈ পৰাৰ আশংকা প্ৰৱল৷