Logo
image

গাম নে গাই!

বিজেপি প্ৰাৰ্থীক ১৬ লিঃ গাখীৰ দিব পৰা গৰুৰে ৰিজালে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৪ মাৰ্চঃ আকৌ গৰুৰ প্ৰসংগ৷ গৰুৰ লগত তুলনা এইবাৰ মাজুলী উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ভুৱন গামৰ৷ ভুবন গাম নিৰ্বাচনত জয়ী হ’লে হেনো দৈনিক ১৬ লিটাৰকৈ গাখীৰ ওলাব৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ভৱানীপুৰৰ উপনিৰ্বাচনৰ সময়ত দলীয়প্ৰাৰ্থী ফণী তালুকদাৰক গাখীৰ দিয়া গৰুৰ লগত তুলনা কৰিছিল৷ মাজুলীৰ উপনিৰ্বাচনত দলীয় প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীৰ মুখত শুনা গ’ল একেই কথা৷ উল্লেখ্য, মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্যশক্তিক ভূপতিত কৰাৰ লক্ষ্যৰে শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁট প্ৰচণ্ড শক্তিৰে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত৷ মনোনয়ন-পত্ৰ দাখিলৰ দিন ধৰি দিছপুৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, দলীয় নেতা-পালিনেতা সকলো মাজুলীৰ উপ-নিৰ্বাচনত উবুৰি খাই পৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি হেলিকপ্টাৰেৰে মাৰাথন প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মাজত একপ্ৰকাৰ চমক সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰীয়ে মাজুলী সমষ্টিটোত আজি পুৱা ১০ বজাৰ পৰা মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ একেৰাহে পাঁচখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ ভোটভিক্ষা কৰিছে৷  ‘মাজুলীবাসীয়ে সৰ্বানন্দ সোণোৱালক বা বিজেপিক পাঁচ বছৰৰ কাৰণে মাজুলীৰ দায়িত্ব দিছিল৷ নিৰ্বাচনৰ পাছত দলে মোক মুখ্যমন্ত্ৰী পাতিলে আৰু সৰ্বানন্দ সোণোৱালক দিল্লীত মন্ত্ৰী পাতিলে৷ সোণোৱালে মাজুলীৰ বিধায়ক পদ এৰাত আকৌ নিৰ্বাচন পাতিব লগা হ’ল৷ আচলতে মাজুলীবাসীয়ে লাইচেন্সখন বিজেপিক দিয়ে থৈছে, মাত্ৰ ৰিনুৱেলহে কৰিব লাগে৷ কাৰণ চৰকাৰ এখন, দল এটা চিহ্নও পদুমেই৷ পুনৰ তাতে অহা চাৰিবছৰৰ কাৰণে ভুৱন গামক দিব লাগে৷ এই নিৰ্বাচনৰ ৰিজাল্ট যিয়েই নহওক কিয়, দিছপুৰত বিজেপি চৰকাৰেই থাকিব৷ কাৰণ এই নিৰ্বাচনত চৰকাৰ ভঙা-পতা নহয়৷ গতিকে ভুৱন গামক ভোট দিলে তেওঁ চৰকাৰী পক্ষত থাকিব আৰু বিৰোধীক দিলে তেওঁ আমাৰ লগত নাথাকিব৷ তেওঁ বিৰোধীৰ আসনত বহিব৷ ভুৱন গাম জিকাৰ পাছত যদি ৰাস্তা খোজে, দলং খোজে সি দিব পাৰিব৷ কাৰণ সি হ’ল গাখীৰ দিয়া গৰু৷ কিন্তু ভুলতে যদি বেলেগত ভোট দিওঁ, সি ক’ৰপৰা গাখীৰ দিব৷ কাৰণ সিটো গাখীৰ নিদিয়া গৰু৷ সেইকাৰণে ভুৱন গামক ভোট দিলে দৈনিক ১৬ লিটাৰ গাখীৰ ওলাব৷’ আজি মাজুলীৰ ভকত চাপৰিত ভুৱন গামৰ হৈ ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক উদ্দে্যশ্যি এইদৰে কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– বৰ্তমান কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু দিছপুৰত বিজেপি চৰকাৰ চলি আছে৷ অৰ্থাৎ ডাবল ইঞ্জিনৰ গাড়ী৷ গতিকে মাজুলীতো ভুৱন গামৰ গাড়ী ৬০ নহয় ১২০ স্পীডত চলিব৷ ভুৱন গাম কামৰ মানুহ, দিল্লী, দিছপুৰৰ পৰা সমানে টকা পাব, মাজুলীৰ উন্নয়নৰ গতি খৰতকীয়া হৈ পৰিব৷ সভাত ভকত চাপৰিবাসী ৰাইজৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দি মুখ্যমন্ত্ৰী শৰ্মাই কয়– নিৰ্বাচনৰ পাছতেই ভকত চাপৰিৰ ৰাস্তা পকী হ’ব, ইয়ালৈ প্ৰৱেশৰ দুয়োটা পথতে দুখনকৈ পকী দলং, মাইক্ৰ’ফাইনেন্স বাকী ধাৰ মাৰি দিয়াৰ ব্যৱস্থা, মাটিৰ ম্যাদীপট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সকলো পৰিয়াল অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব৷ ভকত চাপৰিৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় আলিমুৰ বামুণ গাঁৱত স্পাৰ নিৰ্মাণ কৰি সুৰক্ষাৰ ব্যৱস্থা কৰিব৷ উক্ত আঁচনি ব্ৰহ্মপুত্ৰ বৰ্ডে নহয় অসম চৰকাৰে ৰূপায়ণ কৰিব৷ ভুৱন গামৰ দায়িত্ব মোক আৰু সৰ্বানন্দ সোণোৱালক দিয়ক বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত থাকি ভুৱন গামে মাজুলীবাসীৰ হৈ কাম কৰি যাব৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ লগুৱাআটী চৰলা পথাৰত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভা চলায়৷ ভাষণ প্ৰসংগত তেওঁ বৰ্তমান চৰকাৰখনৰ বিভিন্ন উন্নয়নমুখী কাম-কাজৰ খতিয়ান ডাঙি ধৰি কয় যে, বিজেপি হৈছে দুটা ইঞ্জিন থকা এখন গাড়ীৰ দৰে৷ এটা ইঞ্জিনৰ দ্বাৰা যদি গ্ৰাম্যাঞ্চলৰ ৰাষ্টা-ঘাট নিৰ্মাণ কৰাৰ দৰে কামবোৰ হৈছে, তেন্তে আনটো ইঞ্জিনৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হৈছে৷ গতিকে ৰাজ্য আৰু কেন্দ্ৰত চৰকাৰ থকা বিজেপিক ভোট দিলেহে উন্নয়নৰ গতি তুৰাণ্বিত হ’ব৷ প্ৰাৰ্থী ভুৱন গামে ভাষণ দিব নেজানে বুলি বিৰোধীয়ে অনা অভিযোগ সম্পৰ্কত মুখ্যমন্ত্ৰীজনে কয় যে কেৱল ভাষণ দিব জানিলেই নহ’ব৷ কাম হ’ব লাগিব৷ চৰকাৰী পক্ষত থাকি উন্নয়নৰ কাম কৰা, জনসাধাৰণৰ, সমাজৰ কাম কৰিব পৰাজন প্ৰতিনিধিহে প্ৰকৃত প্ৰতিনিধি৷ গতিকে ৰাইজে চৰকাৰী পক্ষত থকাজনক ভোট দিবনে বিৰোধীৰ শিবিৰত থকাজনক ভোট দিব, যি কেৱল ভাষণহে দিব৷ বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ, আৰু চাৰিবছৰ কাৰ্যকাল আছে গতিকে সমস্যাবহুল মাজুলীৰ পৰা শাসকীয়দলৰ প্ৰাৰ্থী জয়ী কৰাই মাজুলীখন সজাই-পৰাই তুলিব লাগিব৷ ইপিনে, সুদূৰ ধেমাজিৰ পৰা আনি বিৰোধীয়ে প্ৰক্ষেপ কৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীজন জয়ী হ’লে ৰাইজে তেওঁক বিচাৰি ধেমাজিলৈ যাব লগাৰ সমস্যা উল্লেখ কৰি ৰাজ্যৰ বিধানসভা, জিলা পৰিষদ, পঞ্চায়ত আদিত উক্ত দলৰ কেইজন প্ৰতিনিধি আছে বুলি প্ৰশ্ন তোলে৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আদৰণি ভাষণ দিয়া সভাখনত মুখ্যমন্ত্ৰীজনে ভৌগোলিকভাৱে বিচ্ছিন্ন আঁহতগুৰি অঞ্চলৰ ৰাইজৰ সমস্যাসমূহ পয্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়ে৷ উল্লেখ্য যে, মাজুলী ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন অঞ্চলটোৰ ভেকেলী চাপৰিক বাদ দি সকলো গাঁও গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কৰাৰ দাবী, বাৰখন গাঁৱৰ পাঁচশ পৰিয়ালৰ মাটিৰ ম্যাদীকৰণ নোহোৱা সমস্যা, বহি ৰৌমৰা গাঁৱৰ দলং নিৰ্মাণৰ দাবী, স্কুল প্ৰাদেশীকৰণৰ দাবী, চিকিৎসা ব্যৱস্থাৰ উন্নয়ন, ধোদাং বাঘেধৰাত শৈলবান্ধ নিৰ্মাণৰ দাবী, নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অনুদান নোপোৱা আদি বিষয়বোৰ চৰকাৰীভাৱে সমাধা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীজনে সদিৰ কৰে৷ ইপিনে, অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱা দৰিদ্ৰ পৰিয়ালসমূহক আঁচনিৰ সুবিধা প্ৰদান কৰাৰ আশ্বাস দি, মাইক্ৰ’ফাইনেঞ্চৰ লোণ ৰেহাই নোপোৱাসকলৰ আৱেদন গ্ৰহণ কৰি সেই সকলোকে সুবিধা প্ৰদান কৰা হ’ব বুলি তেওঁ ব্যক্ত কৰে৷ এটকাও ঘোচ নিদিয়াকৈ একলাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰী মুখ্যমন্ত্ৰীজনে বৰ্তমান চৰকাৰৰ দিনত মিছন বসুন্ধৰাৰ অধীনত আঠলাখ পৰিয়ালক উপকৃত কৰা, কলেজীয়া ছোৱালীক স্কুটী দিয়া আদি কামসমূহ বৰ্ণনা কৰি অহা পাঁচবছৰত ৰাজ্যখনত বিশেষ সমস্যা নাথাকিবগৈ বুলি মন্তব্য কৰে৷ চৰকাৰখনক সহযোগ কৰিলে ঘৰত বহিয়ে সকলো সুবিধা লাভ কৰিব বুলি ব্যক্ত কৰি তেওঁ মাজুলীৰ ৰাইজে এখন দলং বিচাৰোঁতে দুখন দলং উপহাৰ দিয়া চৰকাৰখনক আশীৰ্বাদ দিবলৈ ৰাইজক আহ্বান জনায়৷ ৰাইজৰ পূৰ্ণ শতাংশ ভোটলাভেই তেওঁৰ বাবে আশীৰ্বাদ বুলি তেওঁ উল্লেখ কৰে৷ সভাত ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দে্যশ্যি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দিয়াৰ লগতে অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক তীব্ৰ সমালোচনা কৰে আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলি থাকোঁতে ধেমাজিৰ পৰা অহা বিৰোধী প্ৰাৰ্থীয়ে বিৰোধী আসনত বহি মাজুলীৰ অকনো উন্নয়ন সাধিব নোৱাৰে বুলি ব্যক্ত কৰে৷ সেয়ে অহা উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মাজুলীৰে ভুৱন গামক জয়ী কৰাই মাজুলীৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছতে আঁহতগুৰি গাঁও পঞ্চায়তৰ হুটাৰত, কৰতিপাৰ গাঁও পঞ্চায়তৰ ৩নং মিছামৰা গোপালচুকত একোখনকৈ ভুৱন গামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক বিভিন্ন আশ্বাস, প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ভোটাৰ ৰাইজক অনুৰোধ জনায়৷ শ্ৰীলুইত গাঁও পঞ্চায়তৰ ভকত চাপৰিত দিনটোৰ চতুৰ্থখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৰতিপাৰ গাঁও পঞ্চায়তৰ পেকামনি ৪নং মাজৰ চাপৰিত আজি দিনটোৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ আজি ৪ মাৰ্চত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰঙাচাহী পঞ্চায়তৰ সোণাৰিআটিত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব৷ ইয়াৰ পাছতে ৰতনপুৰ গায়ন পঞ্চায়তৰ উত্তৰ গায়ন গাঁও দ’লনি পথাৰত, লুইতপৰীয়া পঞ্চায়তৰ ফুটচাং চাৰিআলিত, ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ নামনি গেজেৰা আৰু জেংৰাইমুখ পঞ্চায়তৰ জেংৰাইমুখ হাইস্কুল খেলপথাৰত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ মাজুলীত দুটা দিনত মুঠ দহখন নিৰ্বাচনী সভাত ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব৷