Logo
image

নামিছে আলফা, আৰম্ভ অভিযান

আমাৰ অসম, ৪ মাৰ্চঃ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াৰ মাজতে আলফা [স্বাধীন]ৰ একাংশ কেডাৰ এতিয়া পুঁজি সংগ্ৰহৰ লক্ষ্যৰে ম্যানমাৰৰ পাহাৰৰ শিবিৰৰ পৰা অসমলৈ নামি আহিছে৷ অৱশ্যে ধন সংগ্ৰহৰ বাবে অহা আলফাৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী অধীক্ষকে সংবাদমেল যোগে আলফাৰ বিৰুদ্ধে চৰকাৰৰ পৰিকল্পনা অনুসৰি অভিযান চলিব বুলি স্পষ্ট কৰি দিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে জানুৱাৰীত ম্যানমাৰৰ পৰা নামি আহিছিল আলফা [স্বাধীন]ৰ সাতজনীয়া দল৷ ধন সংগ্ৰহৰ উদ্দেশ্যেৰে নামি অহা আলফা[স্বা]ৰ দুজন সদস্য ধোনি অসম, জাগৰণ অসমে ইতিমধ্যে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ বৰ্তমান আত্মগোপন কৰি থকা আন পাঁচ সদস্যৰ সন্ধানতো আৰক্ষীৰ অভিযান অব্যাহত থকা বুলি জানিবলৈ দিছে৷  ইপিনে, আলফাত যোগদানৰ বাবে যোৱা দুই যুৱকক কৰায়ত্ত কৰিছে তিনিচুকীয়া আৰক্ষী আৰু ভাৰতীয় সেনাই৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাৰ ৰূপাইস্থিত ৰেড চিল্ড ডিভিজনৰ এটা দলৰ লগতে তিনিচুকীয়া আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰে যুৱক দুজনক৷ যুৱক দুজনৰ পৰা এটা ম’বাইল ফোনৰ লগতে ফোন নম্বৰ লিখি ৰখা এখন ডায়েৰী উদ্ধাৰ কৰে আৰক্ষীয়ে৷  আনহাতে আলফা [স্বা] এৰি মূলসুঁতিলৈ ঘূৰি অহা জাগৰণ অসম ওৰফে নিলোৎপল তামুলীৰ ঘৰ চৰাইদেউ জিলাৰ বৰহাট পূব নলবৰীয়া অঞ্চলত৷ ২০১৮ চনত আলফাত যোগদান কৰা জাগৰণ অসমে ইতিমধ্যে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ লেঞ্চ ক’ৰপৰেল পৰ্যায়ৰ সদস্য জাগৰণ অসমে ম্যানমাৰস্থিত ৭৭৯ নং শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত৷ আনহাতে আলফাৰ শিবিৰৰ পৰা পলাই অহা জাগৰণ অসমে এটা  ৰাইফল, তিনিটা মেগজিন, ১৪৮ ৰাউণ্ড সজীৱ গুলী, ২৫ কেজি ৭০০ গ্ৰাম আৰডিএক্সসহ অন্যান্য সামগ্ৰী আৰক্ষীক চমজাই দিছে৷ লক্ষণীয়ভাৱে, আলফা [স্বা]লৈ নতুন মুখৰ যুৱক-যুৱতী যোগদান কৰা লগতে এৰি অহা শিবিৰত ৭০ জনৰোধিক কেডাৰ থকা বুলি সংবাদ মাধ্যমৰ আগত জাগৰণ অসমে জানিবলৈ দিছে৷

ভাৰত-ম্যানমাৰ সীমান্তত অস্ত্ৰসহ দুই আলফা আটক

ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ নামপঙৰ ঘন বনাঞ্চলত তিনিচুকীয়া আৰক্ষী, অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছে বিগত কেইবাদিনো ধৰি চলোৱা ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযানৰ অন্তত দুই আলফা [স্বাধীন] সদস্যই আত্মসমৰ্পণ কৰাৰ লগতে অত্যাধুনিক মাৰণাস্ত্ৰ, বৃহৎ পৰিমাণৰ গুলী, বিস্ফোৰক আদি জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দল৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে আজি সন্ধিয়া সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে আলফাৰ ম্যানমাৰস্থিত শিবিৰৰ পৰা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত এটা ৭ জনীয়া দল নামি অহা বুলি গোপন সূত্ৰে তথ্য লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰে তিনিচুকীয়া আৰক্ষী৷ ঘাইকৈ সদস্য ভৰ্তি আৰু ধন সংগ্ৰহৰ উদ্দেশ্যৰে অহা এম কিউ, এইছ কে, এ কে জাতীয় অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বোমাৰে সজ্জিত দলটোৰ বিৰুদ্ধে অভিযান হাতত লোৱা হয়৷ তীব্ৰ অভিযানৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আলফাৰ [স্বাধীন] কেপ্তেইন পৰ্যায়ৰ নেতা তিনিচুকীয়া জিলাৰ অসম-অৰুনাচল সীমান্তৱৰ্তী বৰডুমছাৰ হাতীগঢ়ৰ টিলকাই নেওগ ওৰফে ধনী অসমে এইছ কে ৩৩ ৰাইফল, মেগজিন, গুলী, গ্ৰেনেড আৰু অন্যান্য কেতবোৰ সামগ্ৰীসহ তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত উপ মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত ভাৰত-ম্যানমাৰ সীমান্তত চলা অভিযানত সোণাৰী জিলাৰ বৰহাটৰ ঋতুপৰ্ণ তামুলী ওৰফে জাগৰণ অসম নামৰ আন এজন দুৰ্ধৰ্ষ আলফা সদস্যই অত্যাধুনিক এম কিউ ৰাইফল আৰু বৃহৎ পৰিমাণৰ গুলীসহ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচলৰ চাংলাং জিলাৰ দুই, তিনি স্থানৰ পৰা প্ৰায় ৩০ কেজি বিস্ফোৰকো জব্দ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী৷ দলটোৰ আন পাঁচজন সদস্যৰ সন্ধানত অভিযান অব্যাহত আছে৷ দলটোত দুজন এন এছ চি এনৰ [কে-ৱাই এ] সদস্য আছিল বুলি প্ৰকাশ৷