Logo
image

ছুমীত ছট্‌ফটাইছে অসমৰ ৪০ শিক্ষাৰ্থীয়ে

এইপৰ্যন্ত উভতিল ৫৯ ছাত্ৰ-ছাত্ৰী

আমাৰ অসম, ৪ মাৰ্চঃ যুদ্ধ বিধবস্ত ইউক্ৰেইনত আৱদ্ধ অসমীয়া তথা ভাৰতীয় শিক্ষাৰ্থীৰ উদ্ধাৰ অভিযান অব্যাহত আছে৷ কেন্দ্ৰীয় চৰকাৰৰ ‘অপাৰেশ্বন গংগা’ৰ অধীনত ৰাছিয়ান সৈন্যৰ মিছাইল, গুলী-বাৰুদৰ শব্দৰ লগতে ধবংসস্তুপৰ পৰা নিৰাপদে দেশৰ ভূমিত উপস্থিত হ’বলৈ সক্ষম হৈছে ৫৯জন অসমৰ ছাত্ৰ-ছাত্ৰী৷ যুদ্ধত আৱদ্ধ হৈ জীৱন-মৃত্যুৰ সংশয়ৰ মাজতে বৃহস্পতিবাৰে ৪জন মেডিকেল শিক্ষাৰ্থী ইউক্ৰেইনৰ সীমান্তৱৰ্তী পোলেণ্ড, হাংগেৰী শ্লোভাকিয়াৰ পৰা ভাৰতীয় সেনাবাহিনীৰ বিশেষ বিমানেৰে দেশৰ মাটিত উপস্থিত হয়৷ বৃহস্পতিবাৰে ভাৰতত আহি উপস্থিত হোৱা মেডিকেল শিক্ষাৰ্থীকেইজন হৈছে ক্ৰমে– মুকুল ধূচি, ৱাকিব আমিন মজুমদাৰ, আনচুল ভাৰতীয়, জিণ্টু ফুকন, নিশিকেষ কৌশিক, ৰিয়া শৰ্মা ঠাকুৰ, অমিতেশ নাথ, নিচাৰ আলম, মহম্মদ পাকীজ আহমেদ, হিমজ্যোতি তালুকদাৰ, শ্ৰুতি যোশী, এভেঞ্জিলিনা বসুমতাৰী, মহম্মদ মুদাছিৰ, বিক্ৰমাদিত্য বৰা, চিন্ময় শৰ্মা, আবিদা বেগম চৌধুৰী, পক্ষীৰাজ বৈশ্য, মাধুৰ্য কলিতা, সুস্মিতা ছেত্ৰী, আকুলদ্বীপ শৰ্মা, ৰিয়াজ হুছেইন, অনুভৱ বৰা, দৰ্শন পাঠক আৰু ছেইদ জহৰুল আলম৷ লক্ষণীয়ভাৱে বৰ্তমানো প্ৰায় শতাধিক শিক্ষাৰ্থী ইউক্ৰেইনৰ বিভিন্ন প্ৰদেশত আৱদ্ধ হৈ থকা বুলি অসম চৰকাৰে নিশ্চিত কৰিছে৷ অতি উদ্বেগজনকভাৱে যুদ্ধৰ পূৰ্ণ প্ৰভাৱ পৰা ৰাছিয়ান সেনাই প্ৰায় নিজৰ দখললৈ অনা ইউক্ৰেইনৰ পূব প্ৰান্তৰ ছুমী প্ৰদেশতে আবদ্ধ হৈ আছে অসমৰ প্ৰায় ৪০জন শিক্ষাৰ্থী৷ ৰাছিয়াৰ সীমাৰ পৰা গাতে লাগি থকা ছুমী প্ৰদেশত ৰাছিয়াৰ পৰা মাত্ৰ ২৫-৩০ কিলোমিটাৰ দূৰত্বত অসমৰ এইসকল দুৰ্ভগীয়া ছাত্ৰই লঘোণে-ভোকে বাংকাৰত সোমাই জীৱনৰক্ষা কৰিবলৈ সক্ষম হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছে৷ পশ্চিম দিশৰ পোলেণ্ড বা হাংগেৰী সীমান্তলৈ আহিবলৈ ১২-১৩শ কিলোমিটাৰ দূৰত্ব হোৱাত ছুমীত আবদ্ধ ৪০ অসমীয়াকে ধৰি পাঁচ শতাধিক ভাৰতীয় শিক্ষাৰ্থীৰ বাবে অসম্ভৱ হৈ পৰিছে৷ কিয়নো প্ৰতি মুহূৰ্ততে ৰাছিয়ান সেনাৰ বেলিষ্টিক মিছাইলৰ শব্দ আৰু ট্ৰেংকৰ গুলীৰ শব্দই ছানি ৰখা ছুমীত সাধাৰণ লোকসকল বাংকাৰৰ বাহিৰ হোৱাটোৱেই চিন্তনীয় হৈ পৰিছে৷ কোন সময়ত ৰাছিয়ান সেনাৰ গুলীয়ে শৰীৰ থকা-সৰকা কৰে তাৰো কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে৷ ছুমীত আবদ্ধ হৈ থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৃষিকেশ ডেকা, নিলীমা হুছেইন, নিকিতা শৰ্মা, নীলম কলিতা, ছাহিল আনোৱাৰ, আব্দুল ৰছিদ, ইনজামুল হক চৌধুৰী, ইয়াছিয়া আল মুবাৰক, জাকাৰিয়া হুছেইনে এসপ্তাহ ধৰি বাংকাৰত মাইনাছ ৫ ডিগ্ৰী ছেলছিয়াছত অতি কষ্টৰে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ভাৰত চৰকাৰক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে৷ ছুমী ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত বৰপেটাৰ ছাত্ৰী মাছুমা আহমেদে দুই-এদিনৰ ভিতৰতে ভোক নিবাৰণৰ বাবে কোনো খাদ্য-সামগ্ৰী নোহোৱা হৈ পৰিব বুলিও পৰিয়ালৰ লোকক অৱগত কৰিছে৷

ৰোমানিয়াৰ মেয়ৰক ফুলাম গামোচাৰে সন্মান যাচি কৃতজ্ঞতা প্ৰকাশ অসমীয়া ছাত্ৰ ছাত্ৰীৰ

ইউক্ৰেইনত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নগাঁৱৰ ৰাইডঙীয়াৰ মামু হাজৰীকাৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাই  মাতৃভূমিলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷ মামু হাজৰিকাৰ লগত আছে অসমৰ আন ৯ জন ছাত্ৰ-ছাত্ৰী৷ অসমৰ ছাত্ৰ-ছাত্ৰীৰ দলটো সম্প্ৰতি ৰোমানিয়াত আছে যদিও ভাৰতীয় দূতাবাসৰ পৰা বৰ্তমানলৈকে কোনো সহাঁৰি পোৱা নাই৷ সেয়ে অসমৰ ছাত্ৰ-ছাত্ৰী কেইজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাতৃভূমিলৈ অহাৰ ব্যৱস্থা কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে৷ মামু হাজৰিকাসহ অসমৰ ১০ জন ছাত্ৰ-ছাত্ৰী ২৮ ফেব্ৰুৱাৰীৰ পৰা ৰোমানিয়াৰ বাৰচেনিত এজন মেয়ৰৰ তত্ত্বাৱধানত আছিল৷ কিন্তু বৃহস্পতিবাৰে সন্ধিয়া বাছেৰে যাত্ৰা কৰিছে এয়াৰপৰ্টলৈ৷ কেতিয়া আহিব পাৰিব কোনো নি(য়তা নাই৷ উল্লেখ্য যে, অসমৰ ছাত্ৰ-ছাত্ৰীৰ দলটো তিনিদিন বাংকাৰত অনিদ্ৰা অনাহাৰে পাৰ কৰি ৰেল, বাছেৰে আৰু ১২ কিঃমিঃ খোজ কাঢ়িৰোমানিয়া সীমান্ত পাইছিল৷ বাৰচেনিৰ মেয়ৰৰ সহায় সহযোগিতাত কৃতজ্ঞ হৈ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ফুলাম গামোচাৰে সন্মান যাচে৷

খাদ্যৰ অভাৱত ভুগিছে শুৱালকুছিৰ অনুকম্পা

যুদ্ধজৰ্জৰ ইউক্ৰেইনত আজিও আবদ্ধ বস্ত্ৰনগৰী শুৱালকুছিৰ অনুকম্পা ৰাজমেধি৷ ইউক্ৰেইনৰ পৰম শত্ৰু দেশ ৰাছিয়াৰ সীমান্তৱৰ্তী চুমী অঞ্চলত অনুকম্পা চিকিৎসা বিজ্ঞান বিভাগত অধ্যয়নৰত৷ ইউক্ৰেইনৰ পূব দিশৰ উক্ত ঠাইত যদিও যুদ্ধৰ বিশেষ প্ৰভাৱ পৰা নাই তথাপিও আতংক আৰু ভয়ত ত্ৰস্তমান অনুকম্পা৷ ফ্লেটত আছে যদিও তাত কোনো বজাৰ নথকাত খাদ্যৰ অভাৱে দেখা দিছে৷ মাজে সময়ে জীৱন ৰক্ষাৰ বাবে বাংকাৰটো থাকিবলগীয়া হয় বুলি অনুকম্পাই মাতৃ কল্পনা দাস ৰাজমেধিক ফোনযোগে জনাইছে৷ ভোক-পিয়াহ, ভয়ত বিতত হৈ এতিয়া অনুকম্পাই ফোনো ৰিচিভ নকৰা বুলি জানিবলৈ দিয়ে৷ এনেকি ইণ্টাৰনেটত সেৱা বন্ধ হোৱা বুলিও কয়৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত সঘন যোগাযোগ কৰা হৈছে৷ অপাৰেচন গংগাৰ বিষয়াৰ লগতো যোগাযোগ ৰাখিছে যদিও একো ব্যৱস্থা ল’ব পৰা নাই৷ তেওঁলোকে জনোৱা অনুসৰি, ইউক্ৰেইনৰ লোকসকলে ৰে’লত কোনো লোককে উঠিবলৈ নিদিয়ে৷ এনেক্ষেত্ৰত পিতৃ-মাতৃ একমাত্ৰ কন্যাক উদ্ধাৰৰ বাবে উদগ্ৰীৱ হৈ আছে৷ তেওঁলোকে অনুকম্পাক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে অনুৰোধ জনাইছে৷ 

স্ব-গৃহত উপস্থিত নাজিৰাৰ ফাৰমিন

ইউক্ৰেইনৰ যুদ্ধৰ বিভীষিকাময় পৰিস্থিতি অতিক্ৰম কৰি বুধবাৰে নিশা নাজিৰা মেজেঙাৰ  স্ব-গৃহত উপস্থিত হয়হি ফাৰমিন নাচৰিন চুলতানা৷  নাজিৰা মেজেংগাৰ মেধাৱী ছাত্ৰী নাচৰিনে ৫ বছৰ পূৰ্বে চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ উৰা মাৰিছিল৷ ইউক্ৰেইনৰ অজৱৰ্ড নেচনেল ইউনিভাৰ্চিটীৰ দ্বাদশ ছেমিষ্টাৰৰ ছাত্ৰীগৰাকীয়ে ভাৰতীয় দূতাবাসৰ সহযোগত হাংগেৰী সীমান্তইদি প্ৰায় ২০ কিলোমিটাৰ বাট খোজকাঢ়ি জীৱনৰ আশংকা ভোকাতুৰ অৱস্থাৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে৷ ভাৰত চৰকাৰৰ বিশেষ বিমানেৰে নতুন দিল্লী আৰু তাৰপৰা গুৱাহাটী হৈ বৃহস্পতিবাৰে পুৱতি নিশা ২ বজাত স্বগৃহত উপস্থিত হয়হি৷ বোমা-বাৰুদৰ বিকট শব্দৰ মাজত এটা সপ্তাহ অতিবাহিত কৰি এক শ্বাসৰূদ্ধকাৰী পৰিস্থিতিৰ মাজেৰে স্বগৃহত উপস্থিত হোৱাৰ অভিজ্ঞতা ব্যক্ত কৰিবলৈ শাৰীৰিক-মানসিকভাৱে ভাগৰি পৰি বৰ্তমান অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীৰ পিতৃয়ে বৰ্ণনা কৰি কয়, ইউক্ৰেইনৰ দক্ষিণ প্ৰান্তৰ বিভিন্ন বাংকাৰত এতিয়াও আবদ্ধ হৈ থকা অসমৰ ৫ শতাধিকৰ লগতে ভাৰতৰ ৭ হাজাৰোধিক ছাত্ৰ-ছাত্ৰী এতিয়া যুদ্ধৰ বিভীষিকাৰ লগতে খাদ্য আৰু খোৱাপানীৰ অভাৱত পৰি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈ জীৱন-শংকাত ভোগ কৰিছে৷ এই সকলো ছাত্ৰ-ছাত্ৰীকে সু-শৰীৰে পিতৃ-মাতৃ-পৰিয়ালৰ হাতত গতাই দিয়াৰ তাৎক্ষণিকভাৱে বাস্তাৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে অসম আৰু ভাৰত চৰকাৰক কাতৰে আহ্বান জনাইছে৷

ঘৰ পালেহি অলিভিয়া

সুকলমে ঘৰ পালেহি অলিভিয়া ৰাজমেধি৷ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত টীয়কৰ লাহদৈগড়ৰ চিকিৎসক লংকেশ্বৰ ৰাজমেধিৰ কন্যা অলিভিয়াই ধন্যবাদ জনালে ভাৰত চৰকাৰক৷ যুদ্ধৰ ভয়াৱহতাৰ মাজত উদ্বিগ্নতাৰে কটোৱা ৰাজমেধিয়ে বিবৰি ক’লে অভিজ্ঞতা৷ নিজৰ একমাত্ৰ সন্তানক ঘৰত পাই এতিয়া উৎফুল্ল হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ৷

ইউক্ৰেইনত আবদ্ধ বৰপেটাৰ ছজন

যুদ্ধবিধবস্ত ইউক্ৰেইনত আবদ্ধ হৈ আছে অসমৰ অন্যান্য ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপেটা জিলাৰ ছগৰাকী চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী৷ ইউক্ৰেইনৰ চিকিৎসা বিজ্ঞানত অধ্যয়নৰত জিলাখনৰ ছজন ছাত্ৰ-ছাত্ৰী এতিয়াও যুদ্ধৰ দুৰ্বিষহ সময়তে আবদ্ধ হৈ থকা বাবে পৰিয়ালৰ লোকসকল উদিগ্ন হৈ পৰিছে৷ জানিব পৰা মতে, বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষী থানা এলেকাৰ উত্তৰ বৰপেটাৰোডৰ ২ নং ৱাৰ্ডৰ সূৰ্য নগৰৰ আকবৰ আলী আৰু তাৰা ভানুৰ কন্যা আনিমা আহমেদ [ ২৬], বৰপেটা জিলাৰ বৰপেটা সদৰ আৰক্ষী থানা এলেকাৰ মৰিছা গাঁৱৰ মাছুমা আকতাৰ [ ২১], সৰ্থেবাৰী আৰক্ষী থানা এলেকাৰ চতলা গাঁৱৰ আব্দুল কালাম আজাদ [ ২৪]৷ , বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানা এলেকাৰ খোলাবান্ধা পাঠিমাৰীৰ হাচানুল ইছলাম[ ২৯], কলগাছিয়া থানা এলেকাৰ লাবিব চামিম [ ২৩], আৰু বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা এলেকাৰ হৰিপুৰৰ চাহিল আনোৱাৰ [ ২৫]৷ যথেষ্ট শংকা আৰু ভয়ত থকা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে ৷  চিকিৎসা বিজ্ঞানৰ এই ছজনৰ লগতে সমূহ ভাৰতীয় নাগৰিককে ইউক্ৰেইনৰ পৰা সুকলমে ওভতাই আনিবলৈ পৰিয়ালকেইটাই আহ্বান জনাইছে৷

তেজপুৰ পালেহি প্ৰতীক্ষা

যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা বুধবাৰৰ নিশা তেজপুৰৰ নিজা বাসগৃহ পালেহি প্ৰতীক্ষা গগৈ৷ উল্লেখ্য যে, উজহৰ্দ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ পঞ্চম সন্মাষিকৰ ছাত্ৰী প্ৰতীক্ষাই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, ১৮কিলোমিটাৰ বাছেৰে আহি হাংগেৰী সীমান্তত উপস্থিত হয়হি তেওঁলোক৷ ইয়াৰ পাছতে  ভাৰতীয় দূতাবাসে তেওঁলোকৰ দায়িত্ব লৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰে৷ ইয়াৰ পাছত দিল্লীত উপস্থিত হোৱা অসমৰ লোকসকলক অসম চৰকাৰৰ উদ্যোগত অসম ভৱনত থকাৰ ব্যৱস্থা কৰা হয়৷ কালি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত নিশা তেজপুৰ এল বি ৰোডৰ বাসগৃহত উপস্থিত হয়হি প্ৰতীক্ষা৷ তেজপুৰত উপস্থিত হৈ প্ৰতীক্ষাই সাংবাদিকৰ আগত যুদ্ধৰ কৱলত থকা ইউক্ৰেইনৰ অৱস্থা সদৰি কৰি কয় যে ইউক্ৰেইনত বৰ্তমানেও বহুসংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে আৰু ইয়াৰে ভিতৰত বহুকেইজন অসমৰ ছাত্ৰ-ছাত্ৰীও আছে৷ ৰাছিয়াৰ আক্ৰমণত আতংকিত হৈ থকা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকক শীঘ্ৰেই ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱা বুলিও মন্তব্য কৰে৷ তেওঁ ইউক্ৰেইনৰ পৰা তেজপুৰলৈ সুৰক্ষিতভাৱে অহাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ সম্পূৰ্ণ সহায়-সহযোগৰ লগতে ছাত্ৰ-ছাত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ প্ৰতীক্ষাই কয় যে, ইউক্ৰেইনৰ পশ্চিম অঞ্চলত যুদ্ধৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও দেশখনৰ বাকী সকলো অংশতে যুদ্ধৰ ব্যাপক প্ৰভাৱ পৰিছে৷

ৰোমানিয়াত উপস্থিত ৰহাৰ ভাৰ্গৱী

যুদ্ধবিধস্ত ইউক্ৰেইনৰ ভিনিৎচা মেডিকেল ইউনিভাৰচিটীত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি থকা নগাঁও জিলাৰ ৰহাৰ ভাৰ্গৱী গগৈ নামৰ শিক্ষাৰ্থীগৰাকী যোৱা কেইদিনমানৰ পৰা ভয়-উৎকণ্ঠাৰ মাজত দিন অতিবাহিত কৰাৰ পাছত মঙলবাৰে ভিনিৎচাৰ পৰা ৰোমানিয়াৰ সীমান্তলৈ বাছেৰে আহি ৰোমানিয়াত সুকলমে উপস্থিত হৈছে৷ ইউক্ৰেইনৰ ভিনিৎসা নেশ্বনেল পিৰ’গভ মেডিকেল ইউনিভাৰচিটীৰ ছাত্ৰী ভাৰ্গৱীয়ে আন সহপাঠীৰ সৈতে বাছেৰে আহি চুচিয়াবা নদীৰ পাৰত থকা ৰোমানিয়া সীমান্তৰ পৰা ভিতৰৰ এখন সৰু চহৰৰ মিলিচাউটি স্প’ষ্ট ষ্টেডিয়ামত উপস্থিত হোৱা বুলি জানিবলৈ দিছে৷ বহু কষ্টৰ মূৰত ৰোমানিয়াত উপস্থিত হোৱা ভাৰ্গৱীহতে এই ক্ষেত্ৰত ইউক্ৰেইন আৰু ৰোমানিয়াৰ জনতাই যথেষ্ট সহায় কৰা বুলি মন্তব্য কৰি তেওঁলোকক কাপোৰ-কানিৰ লগতে থকা-খোৱাৰো ৰোমানিয়াৰ এন জি অ’ৰ সদস্যই ব্যৱস্থা কৰি দিয়া বুলি জানিবলৈ দিয়ে৷ ইয়াৰ বিপৰীতে ভাৰতীয় দূতাবাসৰ পৰা কোনো সঁহাৰি নোপোৱা বুলি অভিযোগ কৰে ভাৰ্গৱীয়ে৷ ইপিনে ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় আবদ্ধ হৈ আছে বুলি উল্লেখ কৰি ভাৰ্গৱীয়ে সময় থাকোঁতেই আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰি অনাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে৷ ৰোমানিয়াৰ পৰা দুই-এদিনতে ভাৰ্গৱীহতে ভাৰতত উপস্থিত হোৱাৰ আশা কৰিছে৷