চাইকেলক লৈ উৎসাহ
আমাৰ অসম, ৫ মাৰ্চঃ কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চাইকেল সন্দৰ্ভত তেওঁৰ মনত পুহি ৰখা এটা সপোন ৰাজহুৱা কৰিছিল৷ অসমৰ প্ৰতিখন চহৰতে চাইকেল ট্ৰেক নিৰ্মাণৰ আশা মনত পুহি ৰখা কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ পৌৰ নিৰ্বাচন শেষ হোৱাৰ পাছত ৰাজ্যত নতুনকৈ গঠন হ’বলগীয়া পৌৰসভা সমূহক এই ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এনে অভিলাষী সপোনৰ পাছতে গুৱাহাটীত সক্ৰিয় হৈ পৰিছে একাংশ চাইক্লিষ্ট৷ ইতিমধ্যে গুৱাহাটীত গঠন হৈছে বহুকেইটা এমেচাৰ চাইক্লিং গোষ্ঠী৷ শেহতীয়াকৈ চাইক্লিঙে মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ লগতে উৎসাহো বৃদ্ধি পাইছে৷ গুৱাহাটী মহানগৰীত চাইকেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে সুদূৰ নেডাৰলেণ্ডৰ পৰা আহি উপস্থিত হৈছে ৰিগ্ নোবেল৷ চাইক্লিঙৰ বাবে বিশ্ববিখ্যাত দেশখনৰ পেচাদাৰী চাইক্লিষ্ট তথা নতুন দিল্লীস্থ নেডাৰলেণ্ড আৱাসত কূটনীতিবিদ হিচাপে কৰ্মৰত ৰিগ্ নোবেলে গুৱাহাটীৰ ছিফটিং গীয়াৰ্ছ নামৰ আধুনিক চাইকেলৰ প্ৰতিষ্ঠানখনত বৃহস্পতিবাৰে গুৱাহাটীৰ উদ্যমী চাইক্লিষ্টসকলৰ সৈতে মত বিনিময় কৰে৷ প্ৰায় ১.৭০ কোটি জনসংখ্যা থকা নেডাৰলেণ্ডত ২ কোটিতকৈও অধিক চাইকেল থকাৰ কথা তেওঁ উল্লেখ কৰে৷ চাইকেল চলোৱাৰ সুফল, চাইকেল চলোৱাৰ অভ্যাসে সু-স্বাস্থ্যৰ অধিকাৰী হোৱাত কেনেদৰে সহায় কৰে তথা প্ৰদূষণ নিয়ন্ত্ৰণ কৰে সেই কথাও নোবেলে অনুষ্ঠানত উল্লেখ কৰে৷ তেওঁ অসমৰ আগশাৰীৰ চাইক্লিষ্ট ৰিপুঞ্জয় গগৈৰ সৈতেও মত বিনিময় কৰে৷ অনুষ্ঠানত ভাৰতবৰ্ষত নেডাৰলেণ্ড চৰকাৰৰ আগশাৰীৰ বিষয়া হিচাপে কৰ্মৰত অম্লান বৰাই কয়– ‘অসমত অনাগত দিনতো চাইক্লিঙৰ অভ্যাস বৃদ্ধি কৰাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম৷’ ৰিগ্ নোবেলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তকো সাক্ষাৎ কৰি এই বিষয়ত মত বিনিময় কৰে৷ সাম্প্ৰতিক সময়ত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ নাগৰিকে পৰিৱেশৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তথা স্বাস্থ্য ৰক্ষাৰ প্ৰতি গুৰুত্ব দি নিতৌ চাইকেল চলোৱা অভ্যাস গঢ়ি তুলিছে৷ উল্লেখ্য, গুৱাহাটীৰ সাউকুছিত ইতিমধ্যে এটা চাইকেল ট্ৰেক নিৰ্মাণ হোৱাৰ লগতে জয়ানগৰত নিৰ্মীয়মান অৱস্থাত আছে আন এটা চাইকেল ট্ৰেক৷






