Logo
image

‘ছাদত বোমা পৰিছে, বাহিৰ ঢাকি ধৰিছে বৰফে, বাংকাৰত গোট মাৰিছোঁ আমি অসমৰ ৩৮জন’

আমাৰ অসম, ৫ মাৰ্চঃ চিকিৎসক হোৱা অযুত সপোন বুকুত বান্ধি ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণ কৰি থকা ৩৮ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে এতিয়া যেন জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে৷ যুদ্ধ বিধবস্ত ইউক্ৰেইনৰ মৃত্যু উপত্যকাত উদ্ধাৰ তথা প্ৰাণৰক্ষাৰ চেষ্টাৰে দিন-ৰাতি একাকাৰ কৰিছে আবদ্ধ অসমীয়া শিক্ষাৰ্থীসকলে৷ ৰাছিয়ান সৈন্যৰ ধাৰাবাহিক মিছাইল আক্ৰমণ, বোমা নিক্ষেপ আৰু গুলী-বাৰুদৰ প্ৰচণ্ড শব্দৰ মাজত ইউক্ৰেইনৰ ৰাছিয়া সীমান্তৰ ছুমী প্ৰদেশত দুঃচিন্তাত ছটফটাইছে অসমৰ ৩৮জন শিক্ষাৰ্থীকে ধৰি ভাৰতৰ প্ৰায় সাত শতাধিক ছাত্ৰ-ছাত্ৰী৷ ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসম তথা ভাৰতীয় সকলো শিক্ষাৰ্থীয়ে বৰ্তমান হোষ্টেলত আশ্ৰয় লৈছে যদিও বৃহস্পতিবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ ছাদত ৰাছিয়ান সেনাই বোমা বিস্ফোৰণ ঘটোৱাত অধিক উদ্বিগ্ন হৈ পৰিছে দুৰ্ভগীয়া শিক্ষাৰ্থীসকল৷ এই বিস্ফোৰণৰ পাছৰে পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ লগতে সমগ্ৰ এলেকাটো বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাত বহুতৰে মোবাইল-লেপটপৰ বেটাৰীৰ চাৰ্জ নোহোৱা হোৱাত পৰিয়ালৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ইউক্ৰেইনৰ পূব দিশত অৱস্থিত ৰাছিয়া সীমান্তৰ পৰা ২৫-৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছুমী প্ৰদেশখন সম্প্ৰতি বৰফেৰে আৱৰি ধৰিছে৷ নিশাৰ ভাগত তাপমাত্ৰা মাইনাছ ৫-৬ ডিগ্ৰী চেলছিয়াছলৈ নামি অহাত ৰাছিয়ান সেনাৰ আক্ৰমণৰ ছাইৰেন বাজিলেই আৱদ্ধ শিক্ষাৰ্থীসকলে বাংকাৰত আশ্ৰয় ল’লেও বাংকাৰৰ ভিতৰতো শীতে ছানি ধৰাত স্বাস্থ্যৰ অৱনতি ঘটিছে বহু শিক্ষাৰ্থীৰ ৷ প্ৰচণ্ড শীতৰ মাজত বাংকাৰত কটোৱা কেইবাজনো অসমীয়া শিক্ষাৰ্থী জ্বৰ-চৰ্দিত ভুগিছে যদিও চিকিৎসাৰ কোনো উপায় নোহোৱা হৈ পৰিছে৷ লক্ষণীয় বিষয়টো হৈছে ইউক্ৰেইনৰ ছুমী প্ৰদেশত ভাৰতৰ সাত শতাধিক শিক্ষাৰ্থী আবদ্ধ হৈ আছে যদিও কোনো এজন ভাৰতীয় ছাত্ৰকে ‘অপাৰেশ্বন গংগা’ৰ উদ্ধাৰ অভিযানে বৰ্তমানো ঢুকি পোৱা নাই৷ বৰ্তমান ভাৰত চৰকাৰে ইউক্ৰেইনৰ পশ্চিম সীমান্তৰ পোলেণ্ড, হাংগেৰী, ৰোমানীয়া, শ্লোভাকিয়াত উপস্থিত হ’বলৈ সক্ষম হোৱা ভাৰতীয়সকলক বিশেষ বিমানেৰে দেশলৈ প্ৰেৰণ কৰিছে যদিও ইউক্ৰেইনৰ সীমাৰ ভিতৰত আৱদ্ধ ভাৰতীয়ক সহায় কৰাত ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ৷ ছুমী প্ৰদেশত আৱদ্ধ অসম তথা ভাৰতীয় কোনো এজন শিক্ষাৰ্থীৰ কাষত এইপৰ্যন্ত উপস্থিত হোৱা নাই ভাৰতীয় দূতাবাসৰ বিষয়া-কৰ্মচাৰী৷ কেৱল হোৱাটছআপ, ই-মেইল যোগে যোগাযোগ ৰাখি নিৰ্দেশ দি আছে দূতাবাসৰ ফালৰ পৰা৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ভাৰত চৰকাৰৰ হেঁচাত ছুমী, খাৰকিভ প্ৰদেশত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে ৰাছিয়াই ১৩০খন বাছ প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছিল যদিও শুকুৰবাৰৰ দিনটোত ৰাছিয়াৰ পৰা কোনো বাছ নাহিল শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে৷ ইপিনে, ভাৰত চৰকাৰে বৰ্তমান ইউক্ৰেইনৰ পশ্চিম দিশৰ আবদ্ধসকলক উদ্ধাৰ কৰাত পূব দিশৰ ছুমীৰ পৰা পশ্চিম প্ৰান্তলৈ ১৩-১৪শ কিলোমিটাৰ দূৰত্বৰ বাট অতিক্ৰম কৰি অহাটো ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে অসম্ভৱ হৈ পৰিছে৷ কিয়নো ছুমীৰ পৰা পশ্চিম দিশৰ পোলেণ্ড বা হাংগেৰীলৈ আহিবলৈ ৰাছিয়ান সেনাই প্ৰায় দখললৈ অনা খাৰকিভ চহৰ অতিক্ৰম কৰি অহাই নহয়, সমগ্ৰ পথটোৰ ঠায়ে ঠায়ে গাঁত খান্দি, ৰাজপথৰ বহু দলং বোমাৰে উৰুৱাই দি ৰাছিয়ান সেনাক বাধা দিয়াৰ চেষ্টা চলাইছিল ইউক্ৰেইন সেনাই৷ ফলত নিৰাপদে পশ্চিম প্ৰান্তত উপস্থিত হোৱাটো আৱদ্ধ ভাৰতীয়ৰ বাবে অসাধ্য হৈ  পৰিছে৷ তদুপৰি পোলেণ্ড-হাংগেৰী সীমান্তলৈ যাবলৈ ৰে’ল-বাছ সকলো বন্ধ হৈ পৰাত ভাৰত চৰকাৰে প্ৰত্যক্ষ হস্তক্ষেপত আৱদ্ধসকলক উদ্ধাৰ নকৰিলে কোনো বিকল্প নাই৷ ফলত শেহতীয়াকৈ ৰাছিয়ান সেনাৰ আক্ৰমণ ছুমী প্ৰদেশত বৃদ্ধি পাবলৈ ধৰাত জীয়াই থকাৰ শেষ আশাও যেন নোহোৱা হৈ পৰিছে অসমীয়া শিক্ষাৰ্থীসকলৰ৷ ছুমীৰ পৰিস্থিতি বৰ্ণনা কৰি হোষ্টেলত আৱদ্ধ দেৰগাঁৱৰ নীলম কলিতা নামৰ চিকিৎসা বিজ্ঞানৰ পঞ্চম বৰ্ষৰ ছাত্ৰজনে ‘আমাৰ অসম’ৰ আগত কয়– ‘ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলত আমি ৩৮জন অসমীয়া শিক্ষাৰ্থী আছো৷ পূৰ্বতে আমি নিজৰ ভাৰা ৰূমত আছিলো যদিও ভাৰতীয় দূতাবাসৰ ফালৰ পৰা সকলো ভাৰতীয় শিক্ষাৰ্থীক হোষ্টেলত একেলগ হ’বলৈ নিৰ্দেশ দিয়াত আমি ৫জন অসমীয়া ছাত্ৰ হোষ্টেললৈ গুচি আহো৷ কিন্তু বৃহস্পতিবাৰে সন্ধিয়া ৭.৫০ মান বজাত আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত ৰাছিয়ান সেনাই বোমা বিস্ফোৰণ ঘটায়৷ হোষ্টেলৰ কাষতে বোমা বিস্ফোৰণ হ’লে কি পৰিস্থিতি হ’ব পাৰে, সেয়া কেনেদৰে বৰ্ণনা কৰিম ভাবি পোৱা নাই৷ এই বিস্ফোৰণৰ পাছৰে পৰা চাৰিওফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷ হোষ্টেলৰ বাহিৰত বৰফেৰে আৱৰি ধৰিছে৷ নিশা তাপমাত্ৰা মাইনাছ ৫-৬ ডিগ্ৰী চেলছিয়াছলৈ নামিছে৷ বিস্ফোৰণৰ পাছতেই বাংকাৰত আশ্ৰয় লৈছিলো যদিও ঠাণ্ডা পোৱাত এতিয়া মোৰ জ্বৰ উঠিছে৷ জ্বৰ উঠাত হোষ্টেলৰ ৰূমলৈ গুচি আহিছো৷ এটা ৰূমত আমাক চাৰিজনক থাকিবলৈ দিছে৷ মোৰ সৈতে নগৰবেৰাৰ চাহিল আনোৱাৰ, জাকাৰিয়া হুছেইন আৰু জোনাইৰ আব্দুল ৰছিদ আছে৷ নিজা খাদ্যসামগ্ৰী বুলিবলৈ আমাৰ একো নাই৷ কালিয়েই হোষ্টেলৰ ফালৰ পৰা দিয়া দুটা ব্ৰেড খাই চাৰিওজন আছো৷ দূতাবাসৰ সৈতে যোগাযোগ কৰিলেও কোনো সঁহাৰি নাই৷ নিউজত ৰাছিয়াই বাছ প্ৰেৰণ কৰিব বুলি শুনিছিলো যদিও কোনো বাছ অহা নাই৷ ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ পাম একো নাজানো৷’ ইপিনে, ছুমীত বৃহস্পতিবাৰে সন্ধিয়া বিস্ফোৰণৰ পাছৰ পৰাই পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে অসমৰ কেৰাইকুছিৰ নিকিতা শৰ্মা নামৰ ছাত্ৰীগৰাকী৷ চতুৰ্থবৰ্ষৰ মেডিকেল শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ লোকে বৃহস্পতিবাৰে হোষ্টেলত বিদ্যুৎ বিচ্ছিন্ন হৈ থকাত মোবাইল ফোনৰ চাৰ্জ শেষ হোৱা বুলি সন্দেহ কৰিছে৷ মাজনিশা ১২ বজাৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই নিকিতা শৰ্মাই৷ নিকিতা শৰ্মাৰ লগতে গুৱাহাটীৰ বৰাগাঁৱৰ অৰ্ণৱ অৰিয়ন বৰ্মন নামৰ ছাত্ৰজনো হোষ্টেলতে আশ্ৰয় লৈ আছে৷ গুলীয়াগুলী আৰু বোমাবৰ্ষণৰ ছাইৰেন বাজিলেই হোষ্টেলৰ তলতে থকা বাংকাৰত সোমাই বুলিও শিক্ষাৰ্থী দুগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছে৷ তদুপৰি ছুমীৰ হোষ্টেলত মৰিগাঁৱৰ মানসপ্ৰতীম নাথ, নগাঁৱৰ কাশ্যপ পিনাকী ৰঞ্জন,  আব্দুল ৰচিদ আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷ ইপিনে শুকুৰবাৰে ইউক্ৰেইনৰ পৰা দেশৰ মাটিত উপস্থিত হয় অসমৰ আন ১৪ জন শিক্ষাৰ্থী৷ বৰ্তমানলৈ ইউক্ৰেইনৰ পৰা সুকলমে উভতি আহিবলৈ সক্ষম হৈছে অসমৰ ৮৫ জন মেডিকেল শিক্ষাৰ্থী৷

নাই খাদ্য-পানী-বিদু্যৎ. বাঙ্কাৰত সোমাই আত্মৰক্ষাৰ চেষ্টা

যুদ্ধৰ বিভীষিকাৰ মাজত আবদ্ধ অসমৰ ছাত্ৰী৷ বজালী জিলাৰ পাটাছাৰকুছি নিৱাসী বৈকুণ্ঠ শৰ্মাৰ জীয়ৰী নিকিতা শৰ্মাৰ লগতে ছুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰায় ৭০০ ভাৰতীয় আবদ্ধ হৈ আছে৷ ভয়ংকৰ যুদ্ধৰ কেইবাদিনো অতিক্ৰম কৰাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই এইসকল ছাত্ৰ-ছাত্ৰীক৷ প্ৰচণ্ড বোমা-গুলীবৰ্ষণৰ বিভীষিকাৰ মাজত আবদ্ধ হৈ বিনিদ্ৰ ৰজনী কটাইছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে৷ যোৱা কালি পাটাছাৰকুছি নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা বৈকুণ্ঠ শৰ্মাৰ জীয়ৰী নিকিতা শৰ্মাই এটি ভিভিঅ’ বাৰ্তাযোগে যুদ্ধৰ বিভীষিকাৰ কথা পিতৃ-মাতৃৰ আগত বৰ্ণনা কৰি তেওঁলোকক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাই আহিছে৷ ইতিমধ্যে বিদু্যত সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে মোবাইলৰ বেটাৰীৰ চাৰ্জৰ বাবে অসুবিধাৰ কথা ব্যক্ত কৰি এয়া শেষ কল বুলিও ব্যক্ত কৰে এই ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলে৷

এটা কণী, এটা আপেল খায়েই বাংকাৰত পাৰ কৰিছে সময়

যুদ্ধবিধবস্ত ইউক্ৰেইনত আবদ্ধ হৈ অদ্যপী আতংকত দিন অতিবাহিত কৰিছে নলবাৰী জিলাৰ ১৪জনকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই৷ ইয়াৰ ভিতৰত আছে জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ দুজন মেধাৱী ছাত্ৰ৷ আবদ্ধ হৈ থকা এই শিক্ষাৰ্থীকেইজনৰ ঘৰত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে৷ সম্প্ৰতি বাংকাৰত থকা ছাত্ৰকেইজনে কেৱল চৌপাশে গুলী-বাৰুদৰ মাজত থাকি আতংকতাৰে দিন পাৰ কৰিবলগাৰ কথা জানিবলৈ দিয়ে পৰিয়ালক৷ ইপিনে, বৃহস্পতিবাৰৰ নিশা বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মনে সমষ্টিটোৰ বৰক্ষেত্ৰীৰ দমদমা পথাৰৰ নুৰ আলম চৌধুৰী নামৰ শিক্ষাৰ্থীজনৰ বাসগৃহত উপস্থিত হৈ মেধাৱী শিক্ষাৰ্থীজনৰ পৰিয়ালটোক সান্তনা দিয়াৰ লগতে ছাত্ৰজনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে৷ ছাত্ৰজনে জানিবলৈ দিয়া মতে, তেওঁলোকে চৰম খাদ্য সংকটত ভুগিছে৷ এছ এছ বিশ্ববিদ্যালয়ৰ তিনি নং ছাত্ৰাবাসৰ ছাত্ৰ হৈছে নুৰ আলম চৌধুৰী৷ ইউক্ৰেইনৰ ছামী চহৰৰ জামোষ্টাইনকাৰ সাত নং পথৰ আৱাসী ছাত্ৰজনে বিধায়কজনক জানিবলৈ দিয়া মতে, তেওঁৰ হোষ্টেলত ৪২জন শিক্ষাৰ্থী আছে৷ ইউক্ৰেইনত অসমৰ ১৫০জন শিক্ষাৰ্থী আছে৷ ইয়াৰে নলবাৰী জিলাৰ আছে ১৪জন শিক্ষাৰ্থী৷ তাৰ ভিতৰত বৰক্ষেত্ৰীৰ দুজন ছাত্ৰ আছে৷ ইপিনে, মেধাৱী ছাত্ৰ নুৰ আলমকলৈ গভীৰ চিন্তাত মগ্ন হৈ পৰিছে ছাত্ৰজনৰ পিতৃ-মাতৃৰ লগতে আত্মীয়-কুতুম্ব তথা অঞ্চলবাসী৷ ছাত্ৰজনৰ পিতৃ বাহাজ উদ্দিন আহমেদ, মাতৃ মিছ জাহানুৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বিগত ছেপ্টেম্বৰত ঘৰৰ পৰা গৈছিল ইউক্ৰেইনলৈ৷ আজি মাত্ৰ এটা কণী, এটা আপেল খায়েই দিনটো পাৰ কৰিছে৷ বাহিৰলৈ ওলাব পৰা নাই৷ সকলো দোকান-পোহাৰ বন্ধ৷ গতিকে এনে পৰিস্থিতিত বিধায়ক দিগন্ত বৰ্মনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ দুৰ্ভগীয়া পিতৃ-মাতৃহালৰ কাতৰ আহ৩ান জনাই তেওঁলোকৰ পুত্ৰক সোঁ-শৰীৰে ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ৷ বিধায়কজনেও চৰকাৰৰ সহযোগত পুত্ৰক ওভতাই অনাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে৷ জিলা প্ৰশাসনৰ মুৰব্বী জিলা উপায়ুক্তজনো বুধবাৰে উক্ত পৰিয়ালটোৰ গৃহত উপস্থিত হৈ সান্তনা প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷ 

সুকলমে উভতি আহিল ধৃতিমান

ধাৰাবাহিক বোমা-গুলীবৰ্ষণৰ মাজতে আকাশীপথেৰে ১৫ ঘণ্টা আৰু স্থলপথেৰে ৩০ ঘণ্টা যাত্ৰা কৰি অৱশেষত বৃহস্পতিবাৰৰ নিশা ২বজাত ইউক্ৰেইনৰ স্ক’ৰ নেচনেল ইউনিভাৰ্ছিটীত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত কোক্‌ৰাঝাৰৰ ছাত্ৰ ধৃতিমান ভিক্টৰ ভূঞা আহি ঘৰত উপস্থিত হয়৷ ধৃতিমান ঘৰত আহি উপস্থিত হোৱাত ইমানদিনে অস্থিৰ হৈ থকা ঘৰখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে৷ বিশেষকৈ ধৃতিমানৰ মাতৃয়ে পুত্ৰ ধৃতিমানক লৈ ইমানদিনে চিন্তিত আছিল যদিও তেওঁ নিশ্চিত আছিল যে তেওঁৰ সাহসী পুত্ৰই যেনেকৈ নহওঁক সুকলমে ঘৰ আহি পাবহি৷ আৰু মাতৃৰ বিশ্বাসক সত্য বুলি প্ৰমাণিত কৰি ধৃতিমান যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা সুস্থ শৰীৰেৰে ঘৰলৈ আহে৷ আজি নিজৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে স্বস্তিৰ নিশ্বাস লৈ সংবাদ মাধ্যমৰ আগত ৰাছিয়াৰ আক্ৰমণৰ পাছত ভাৰতীয়, বিশেষকৈ ছাত্ৰসকলে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ শিঁহৰণকাৰী বৰ্ণনা দাঙি ধৰে৷  ইফালে সুকলমে চিকিৎসা বিজ্ঞানৰ ষষ্ঠ বৰ্ষৰ ছাত্ৰ ধৃতিমান উভতি অহাত তেওঁৰ পিতৃ-মাতৃয়ে ভাৰতীয় এম্বেচিয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷