Logo
image

বাজেটৰ পূৰ্বেই অসমলৈ নিৰ্মলা

আমাৰ অসম, ৫ মাৰ্চঃ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন৷ অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ ৰূপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমন আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক৷ বিত্তমন্ত্ৰী অজন্তা নেওগেও ভাগ ল’ব  উক্ত বৈঠকত৷  দিছপুৰৰ এটা সূত্ৰমতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৯ মাৰ্চত অসমলৈ আহিব৷ সিদিনাই মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰে বৈঠকত ভাগ ল’ব৷ ১০ মাৰ্চত তেওঁ উভতিব দিল্লীলৈ৷ মাজুলীৰ উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সামৰি শুকুৰবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীলৈ উভতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ইতিমধ্যে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ব্যস্ত হৈ আছে বাজেট প্ৰস্তুতিক লৈ৷ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ঘনে ঘনে মিলিত হৈছে বৈঠকত৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰাম আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ বৈঠকতে চূড়ান্ত ৰূপ পাব অসম বিধানসভাৰ ২০২২-২৩ বৰ্ষৰ বাজেটে৷ ইতিমধ্যে বাজেট সন্দৰ্ভত ৰাজ্যবাসীৰ পৰা পৰামৰ্শ আহ্বান কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে৷