Logo
image

অসমৰ মাজেৰে সৰবৰাহ কেংগাৰু

অবিশ্বাস্য! ড্ৰাগ্‌, চোৰাং সোণ, বাৰ্মিজ চুপাৰি আদিৰ উপৰি

আমাৰ অসম, ১৪ মাৰ্চঃ বাৰ্মিজ চুপাৰি, ড্ৰাগ্‌ছ, চোৰাং সোণ, গাঞ্জাৰ ট্ৰেনজিট পইণ্টত পৰিণত হৈছে অসম৷ ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য হৈ অসমৰ মাজেৰে ছেগা-চোৰোকাকৈ বিৰল প্ৰজাতিৰ কেঁকো সাপ, বনৰৌ, হাতীদাঁত, কাছ, বাঘৰ ছাল, দুষ্প্ৰাপ্য পক্ষী আদিৰ চোৰাং সৰবৰাহ নতুন কথা নহয়৷ ম্যানমাৰৰ পৰা মিজোৰাম সীমান্ত হৈ এনে চোৰাং সামগ্ৰী তথা সম্পদসমূহ অসম তথা গুৱাহাটীৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় মাফিয়া চক্ৰই৷ কিন্তু কোনে ভাবিব পাৰে যে অষ্ট্ৰেলিয়ান কেংগাৰু অসম হৈ বহিঃৰাজ্যলৈ সৰবৰাহ হয়৷ ম্যানমাৰৰ পৰা মিজোৰাম হৈ অসম আৰক্ষী, বন বিভাগ আৰু ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ’ৰ চকুত ধূলি দি হায়দৰাবাদলৈ নি থকা অৱস্থাত অসম-বংগ সীমান্তত পশ্চিমবংগ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটা দুষ্প্ৰাপ্য অষ্ট্ৰেলিয়ান কেংগাৰু৷ শনিবাৰে বিয়লি ভাগত অসম-বংগ সীমান্তৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আলিপুৰ দুৱাৰ জিলাৰ কুমাৰগ্ৰাম খণ্ডৰ বাৰোবিশা থানাৰ আৰক্ষীয়ে পাঘৰিগুড়িত নিয়মীয়া তালাচীত এখন ট্ৰাকৰ পৰা পিঞ্জৰাৰ ভিতৰত উদ্ধাৰ কৰে অষ্ট্ৰেলিয়ান কেংগাৰুটো¸৷ আৰক্ষীয়ে অন্ধপ্ৰদেশ পঞ্জীয়নভুক্ত এ পি ২৮-টিভি ৭৩৮০ নম্বৰ ট্ৰাকখনত সন্দেহবশতঃ তালাচী চলোৱাত এখন তিৰপালৰ ভিতৰত পিঞ্জৰাত লুকুৱাই অনা কেংগাৰুটো উদ্ধাৰ কৰি পশ্চিমবংগৰ বন বিভাগক চমজাই দিয়ে৷ এই ঘটনাত ট্ৰাকখনৰ চালকদ্বয় হায়দৰাবাদৰ ইমৰান শ্বেখ আৰু জায়েদ শ্বেখকো গ্ৰেপ্তাৰ কৰিছে৷ ধৃত সৰবৰাহকাৰী দুটাই ম্যানমাৰৰ পৰা গুৱাহাটী হৈ কেংগাৰুটো হায়দৰাবাদলৈ সৰবৰাহৰ পৰিকল্পনা আছিল বুলি স্বীকাৰ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে ২০২০ চনতো শিলচৰত আন্তৰ্জাতিক চক্ৰৰ পৰাও এটা কেংগাৰু উদ্ধাৰ কৰিছিল আৰক্ষীয়ে৷ সেই সময়তো কেংগাৰটো ম্যানমাৰৰ পৰা সৰবৰাহ কৰিছিল৷ অৰ্থাৎ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ ট্ৰেনজিৎ পইণ্টত পৰিণত হৈছে অসম৷ স্বাভাৱিকতেই আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰটোত অসম আৰক্ষী আৰু বন বিভাগৰ গোপন নেক্সাছ থকাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ লক্ষণীয়ভাৱে এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে শিলিগুৰিত চিতাবাঘৰ ছাল আৰু নখসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল বংগ আৰক্ষীয়ে৷ এই লোককেইজনেও অসমৰ পৰা বন্যপ্ৰাণী ছাল, নখ সৰবৰাহৰ কথা স্বীকাৰ কৰিছে৷ ইপিনে সৰবৰাহকাৰীৰ পৰা কেংগাৰু উদ্ধাৰ হোৱা ঘটনা বিৰল আৰু অভূতপূৰ্ব বুলি অভিহিত কৰিছে উত্তৰ বংগৰ অতিৰিক্ত প্ৰধান বন সংৰক্ষক উজ্জ্বল ঘোষে৷ এই ঘটনাৰ উচ্ছ পৰ্যায়ৰ তদন্তৰো পোষকতা কৰিছে শীৰ্ষ বন বিষয়াজনে৷ আশ্চৰ্যজনক বিষয়টো হৈছে মিজোৰামৰ পৰা এখন ট্ৰাকত পিঞ্জৰাৰ ভিতৰত গুৱাহাটীৰ মাজেৰে পশ্চিমবংগলৈ এটা দুষ্প্ৰাপ্য কেংগাৰু সৰবৰাহ কৰিবলৈ সক্ষম হোৱা ঘটনাই অসম আৰক্ষীৰ ব্যৰ্থতাৰ ছবিখনেকে উন্মোচন কৰিছে৷ কিয়নো সুদীৰ্ঘ দূৰত্বৰ পথটোত অসম আৰক্ষীৰ তালাচীত কেংগাৰুটো ধৰা নপৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ’ অৰ্থাৎ কেন্দ্ৰীয় বন্যপ্ৰাণী চোৰাংচোৱা সংস্থাটোৱে গুৱাহাটীত কাৰ্যালয় পাতি থকাৰ পাছতো নাকৰ তলেৰে দুষ্প্ৰাপ্য কেংগাৰু সৰবৰাহৰ কাৰ্যই সংস্থাটোৰ ফোপোলা স্বৰূপটোক পোহৰলৈ আনিলে৷ অৰ্থাৎ ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ’ আৰু অসম আৰক্ষীয়ে এতিয়া কেঁকো সাপ, বনৰৌৰ বাকলি, বাঘৰ ছাল-হাড় জব্দ কৰিয়েই দৰমহা ভোগ কৰি অহাৰ অভিযোগ উঠিছে৷ ইয়াৰ পূৰ্বে ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰ’ৰ অভিযানকাৰী দলে বিগত বৰ্ষৰ ১৮ জুলাইত বোকাজানত দুটা কেঁকো সাপসহ-বনৰৌৰ বাকলি জব্দ কৰিছিল৷ আনহাতে চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীত বান্দৰদোৱাত বাঘৰ হাড়-ছাল জব্দ কৰিছিল বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাটোৱে৷