Logo
image

আৰক্ষীৰ ছুটী-চাকৰি হ’ব অনলাইন

আমাৰ অসম, ১৪ মাৰ্চঃ দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি হয় অসম আৰক্ষীৰ এক বিশেষ পৰ্টেল৷ এই নতুন পৰ্টেলটোৰ নাম ৰখা হৈছে PIMS৷ অৰ্থাৎ ‘পাৰ্চনেল ইনফৰমেচন মেনেজমেণ্ট চিষ্টেম৷’ অসম আৰক্ষীৰ লোকে এতিয়াৰ পৰা নিজৰ ছুটী বা চাকৰিৰ তথ্যপাতিৰ বাবে কাগজ-পত্ৰ লৈ অফিচে অফিচে ঘূৰিব নালাগে৷ এই পৰ্টেলতেই লাভ কৰিব পৰা হ’ব সকলো তথ্য৷ গুগল প্লে ষ্টোৰত উপলব্ধ হ’ব এই পৰ্টেল৷ বৰ্তমান আৰক্ষী বেটেলিয়নৰ জোৱানসকলৰ বাবে আৰম্ভ কৰা হৈছে এই পৰ্টেল৷ ভাৰতবৰ্ষৰ ভিতৰত সৰ্বপ্ৰথম অসম আৰক্ষীতেই আৰম্ভ হৈছে এই পৰ্টেল৷ এই পৰ্টেলৰ যোগেদি  পৰ্যায়ক্ৰমে সকলো আৰক্ষী জোৱান উপকৃত হ’ব৷ এই ভাষ্য অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ৷ উল্লেখ্য, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় ৪৫সংখ্যক প্ৰশিক্ষাৰ্থী উপ-আৰক্ষী অধীক্ষকৰ দীক্ষান্ত সমাৰোহ৷ এই সমাৰোহত অংশ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই৷ আৰক্ষীৰ জোৱানসকলে প্ৰদৰ্শন কৰা কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই৷ এই দীক্ষান্ত সমাৰোহত ২০২০ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ৫২ সপ্তাহ প্ৰশিক্ষণ লোৱা ৮ গৰাকী প্ৰশিক্ষাৰ্থী উপ- আৰক্ষী অধীক্ষকক সন্মানিত কৰা হয়৷ দীক্ষান্ত সমাৰোহৰ পাছতেই সঞ্চালকপ্ৰধানজনে পৰ্টেলটো উন্মোচন কৰে৷