Logo
image

বান্দৰে পিঠা ভগোৱাৰ সাধু! পৌৰ নিগমতো স্থান নাই অগপৰ

আমাৰ অসম, ১৪ মাৰ্চঃ অগপ-বিজেপিৰ মিত্ৰতা বৰ্তমানে কি পৰ্যায়ত আছে? দুয়োটা দলে পৰস্পৰে পৰস্পৰক মিত্ৰ দল বুলি দাবী কৰে যদিও সদ্য সমাপ্ত পৌৰ নিৰ্বাচনত দল দুটা সমুখ সমৰত অৱতীৰ্ণ হৈছিল৷ একে ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ গৈ আছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ক্ষেত্ৰত৷ এই নিৰ্বাচনত অগপ দলক বিজেপিয়ে কেইখন আসন এৰি দিব তাৰ কোনো নিশ্চয়তা নাই৷ বান্দৰ পিঠা ভগোৱাৰ দৰে পৌৰ নিগমৰ নিৰ্বাচনতো হয়তো অগপলৈ থাকিব অতি কম সংখ্যক আসন৷ এই কথা স্পষ্ট হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভাষ্যত৷ দেওবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘পৌৰ নিমগৰ নিৰ্বাচনৰ পৰা অগপৰ সৈতে মিত্ৰতা থাকিব বিজেপিৰ৷ ৬০ ৱাৰ্ডতে দুয়োটা দলে মিলি প্ৰাৰ্থিত্ব আগবঢ়াব৷  গুৱাহাটী পৌৰ নিগম এলেকাত ৩টা বিধানসভা সমষ্টি বিজেপিৰ দখলত৷ মাথো এটা সমষ্টি মিত্ৰ দল অগপৰ দখলত আছে৷ চাৰিটা সমষ্টিৰ ভিতৰত এজন বিধায়ক থকাৰ পৰিপ্ৰেক্ষিততে সেই মতে কেইটামান ৱাৰ্ড অগপক এৰি দিয়া হ’ব৷ তেওঁলোকে দিছপুৰ, পুৱ গুৱাহাটী বা জালুকবাৰীত আসন দাবী কৰিব নোৱাৰিব৷ পশ্চিম গুৱাহাটীত কিবা এটা কৰিম৷ প্ৰদেশ বিজেপিৰ সভাপতিজনৰ ব্যক্তব্যত এই কথা স্পষ্ট হৈছে যে পৌৰ নিগমৰ নিৰ্বাচনতো অগপলৈ থাকিব কেইটামান ৱাৰ্ড৷ উল্লেখ্য, পৌৰসভাৰ নিৰ্বাচনতো আসন বুজাবুজিৰ সময়ত বিজেপিৰ সন্মুখত উপেক্ষিত হৈছিল অগপ৷ বঙাইগাঁও, টিয়ক, পাঠশালা, বোকাখাট যদি ১৪খন পৌৰসভাত অগপ বিজেপিৰ মিত্ৰতা অতি তিক্ততাপূৰ্ণ আছিল৷ বিজেপিৰ দ্বাৰা উপেক্ষিত হৈ অগপৰ বিজেপিৰ মিত্ৰতাৰ অন্যতম সূত্ৰধাৰ অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ বঙাইগাঁও সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও পৌৰ সভাৰ ২৫টা ৱাৰ্ডৰ ২৪টাতে আৰু অভয়াপুৰ পৌৰ সভাৰ ১১টা ৱাৰ্ডতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল৷ যাৰ ফলত ৩৭টা বছৰে অগপৰ দখলত থকা বঙাইগাঁও পৌৰ সভাসভা যায় বিজেপিৰ দখললৈ৷ উল্লেখ্য, সমাগত পৌৰ নিগমৰ নিৰ্বাচনক লৈ দেওবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপায়ী ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷