Logo
image

গোহাঁই বনাম গোসাঁই

ৰাজেন গোহাঁইক প্ৰধানমন্ত্ৰিত্ব লাগে নেকি? জিতু

আমাৰ অসম১৫মাৰ্চঃ পোৱা-নোপোৱাৰ বেদনাত বিজেপিৰ অভ্যন্তৰত যেন উমি উমি জ্বলি আছে ক্ষোভৰ জুই৷ বিশেষকৈ দলৰ একাংশ প্ৰবীণ আৰু জ্যেষ্ঠ নেতাই যেন আজি দলৰ মজিয়াত নিজকে এলাগী অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷ অথচ এইসকল নেতা-কৰ্মীৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলতে আজি ফুলে-ফলে ৰাজ্যত জাতিষ্কাৰ হৈ পৰিছে বিজেপি দল৷ শেহতীয়াভাৱে নিজৰ দলৰে চৰকাৰ ৰাজ্যত দ্বিতীয়বাৰৰ বাবে গঠন হোৱাৰ পাছতো যেন দল আৰু চৰকাৰৰ দ্বাৰা বঞ্চিত হ’বলগীয়া হৈছে ৰাজেন গোহাঁইৰ দৰে একাংশ নেতা৷ প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী  ৰাজেন গোহাঁই আজি দল আৰু চৰকাৰৰ ওচৰত যেন নিজকে অকলশৰীয়া অনুভৱ কৰিছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি ৰাজেন গোহাঁয়ে কয়– আমাৰ দৰে বহু কৰ্মীৰ ত্যাগৰ কাৰণে হিমন্তবিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ আসনখন পাইছে৷ সেয়ে তেওঁলোকৰ অহংকাৰ আমি চাব বিচৰা নাই৷ আজি আমাৰ দললৈ আহি বহুতে ডাঙৰ ডাঙৰ নেতা হৈছে৷ কিন্তু নিজৰ  কাৰণে তেওঁলোকে ডাঙৰ নেতা হোৱা বুলি যদি ভাবিছে, তেন্তে ভুল কৰিছে৷ চৰকাৰ গঠনৰ পাছত আমি অতীতটো পাহৰি যাব নালাগিছিল৷ নতুনক সম্পূৰ্ণ অগ্ৰাধিকাৰ, ক্ষমতা আৰু চালিকাশক্তি দিয়াটো উচিত হোৱা নাই৷ ত্যাগৰ মূল্য নিদিলে দলৰ আয়ুসৰেখা চুটি হৈ পৰিব৷ আমি বিজেপি আৰম্ভ কৰাৰ সময়ত আমাৰ মাজত জটিল ৰাজনীতি নাছিল৷ এজনে এজনৰ বিৰুদ্ধে আমি ষড়যন্ত্ৰ কৰা নাছিলোঁ৷ ইজনে-সিজনক লৈ আগবাঢ়ি গৈছিলোঁ৷ কিন্তু যেতিয়া বিভিন্ন ৰাজনৈতিক দলৰ লোক বিজেপিলৈ আহিল, তেতিয়া লাহে লাহে জটিলতা বাঢ়ি গ’ল, ষড়যন্ত্ৰ বাঢ়ি গ’ল৷ কোনো কাৰণ নোহোৱাকৈ মোক বঞ্চিত কৰা হ’ল টিকটৰ পৰা৷ আজিও মই যথেষ্ট অৱহেলিত৷ মোৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা হৈছে৷ যেন মই গুৰুত্বহীন লোক৷ কিন্তু মই গুৰুত্বহীন লোক হয় নে নহয় সেইটো মই জানো৷ নেতৃত্বই যদি মোক ৰাজনৈতিকভাৱে হত্যা কৰিম বুলি ভাবিছে, তেন্তে ২০২৪ চনৰ নিৰ্বাচনতো মোক টিকট কিয় দিব? নেতৃত্বত একেখিনি লোকেই আছে৷ মই কাৰো ক্ষতি কৰা নাই৷ আজি মোৰ বয়স ৭২ বছৰ৷ আৰু কেইটা দিন ৰাজনীতিত থাকিম/ এনেকুৱা বয়সতো ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি মোক হত্যা কৰাৰ কাৰণ কি? সেয়ে দুখ লাগে৷ ২০২৪ত মই কিদৰে টিকট আশা কৰিম? সন্মান-মৰম দিব বিচাৰিলে দিব, নিদিলে নাই৷ আনহাতে, ৰাজেন গোহাঁইৰ দৰে দলৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতাক উভতি ধৰি ন-বিজেপি তথা বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে কয়– ৰাজেন গোহাঁই দলৰ জ্যেষ্ঠ নেতা৷ তেখেতে দলৰ পৰা কি পাইছে কি নাই পোৱা সেয়া ৰাজহুৱাভাৱে কৈছে৷ দলে তেওঁক কি দিয়া নাই? নগাঁৱৰ পৰা ৪বাৰকৈ সাংসদ বনাইছে৷ কেন্দ্ৰীয় মন্ত্ৰিত্ব দিছে৷ আজি কেবিনেট মৰ্যাদাৰে তেওঁক অধ্যক্ষ পদ দিছে৷ তাৰ পাছতো যদি তেওঁ সুখী নহয়, তেওঁ কি বিচাৰিছে? তেখেতক কি মুখ্যমন্ত্ৰী বনাব লাগে নেকি? নে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বনাব লাগে? আৰু কি লাগে তেওঁক? মানুহে দলৰ পৰা সন্মান পাব লাগে৷ যদি কিবা বিচাৰিছে তেন্তে মুখ্যমন্ত্ৰীক বিচাৰক, দলৰ সভাপতিক বিচাৰক৷ ৰাজহুৱাভাৱে কৈ কি লাভ আছে? আনহাতে, মন্ত্ৰী পীয়ূষ হাজৰিকাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– ৰাজেন গোহাঁইক আমাৰ চৰকাৰে যথেষ্ট সন্মান দিছে৷ কেবিনেট মৰ্যাদাৰে তেওঁক সংস্থাপিত কৰা হৈছে৷ মই তেওঁৰ বিৰুদ্ধে একো নকওঁ৷