Logo
image

কাগজ কলৰ সম্পত্তি কিনিব ৰাজ্য চৰকাৰে

আমাৰ অসম১৪ মাৰ্চঃ ৰাজ্যৰ দুটাকৈ ৰাজহুৱাখণ্ডৰ উদ্যোগ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ হ’ব নে? এই প্ৰশ্ন কেৱল কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰীয়েই নহয়, অসমৰ সাধাৰণ জনতাৰ মনতো উত্থাপিত হৈ আহিছে এই প্ৰশ্ন৷ কিয়নো ধনৰ অভাৱত উপযুক্ত চিকিৎসা লাভ নকৰাকৈ কৰুণ মৃত্যুক আকোঁৱালি লোৱা কাগজ কল কৰ্মচাৰীৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে৷ দেওবাৰে বজলুল হেকিম লস্কৰ নামৰ আন এজন কৰ্মচাৰীও বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ অৰ্থাৎ ৬২ মাহে দা-দৰমহা লাভ নকৰা কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যাই দেওবাৰে ১০১জনত ভৰি থলে৷ লক্ষণীয়ভাৱে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত ৰাজ্যৰ কাগজ কল দুটা কাৰ্যতঃ পুনৰুজ্জীৱিত নহয় বুলি ঘোষণা কৰি কাগজ কলৰ ভূমি অসম চৰকাৰে ক্ৰয় কৰিব বুলিহে ৰাজহুৱা ঘোষণা কৰিছে৷ সদনত কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ‘নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ যে– দুয়োটা কাগজ কলৰ মাটি অসম চৰকাৰলৈ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৩১ মাৰ্চৰ ভিতৰত কাগজ কলৰ সমস্ত ভূমি ৰাজ্য চৰকাৰৰ হাতলৈ হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ ৰাজ্যৰ চৰকাৰে অতি নিয়াৰিকৈ এই কাম আগবঢ়াই নিছে৷’ উল্লেখ্য, শেহতীয়াকৈ লিকুইডেটৰ কুলদীপ বাৰ্মাই কাগজ কলৰ ভূমিৰ সম্পত্তিৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰি বিক্ৰীৰ নিবিদা প্ৰকাশ কৰিছিল৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কাগজ কল কৰ্মচাৰীৰ সৈতে চুক্তিত স্বাক্ষৰ কৰি তিনিমাহৰ ভিতৰত কৰ্মচাৰীৰ প্ৰাপ্য বকেয়া ৫৭০ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল যদিও বিগত প্ত মাহে কোনো ধন আদায় নিদিলে কৰ্মচাৰীসকলক৷