Logo
image

বিজেপিত যোগদানৰ প্ৰস্তাৱ নাকচ ৭ নিৰ্দলীয়ৰ

আমাৰ অসম ১৫মাৰ্চঃ সদ্য সমাপ্ত মৰিয়নি পৌৰসভাৰ নিৰ্বাচনত বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৰ্প চূৰ্ণ কৰি তেওঁৰ দ্বাৰা প্ৰক্ষেপিত দহ জন বিজেপিৰ প্ৰাৰ্থীৰ আঠজনেই পৰাজয় বৰণ কৰে৷ ইয়াৰ পাছত চতুৰ ৰূপজ্যোতিয়ে তেওঁৰ আৰু দলৰ  ভুল হৈ যোৱা বুলি কৈ জয়লাভ কৰা আঠজন নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰে ঘৰে গৈ তেওঁলোকক দললৈ ঘূৰি আহিবৰ বাবে অনুনয়-বিনয়ো কৰে৷ কিন্তু এবাৰ বিশ্বাসঘাতকতা কৰা ৰূপজ্যোতিক পুনৰ বিশ্বাসত নলৈ নিৰ্দলীয় ভাৱে নিৰ্বাচিত আঠজনৰ ভিতৰত সাতজনেই ৰূপজ্যোতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে বুলি জানিব পৰা গৈছে৷ বৰঞ্চ নিৰ্দলীয়সকলে লগ লাগি পৌৰসভা গঠনৰ বাবে বৰ্তমান পূৰ্ণ প্ৰস্তুতি চলোৱা বুলিহে জানিব পৰা গৈছে৷ জানিব পৰা মতে এই ক্ষেত্ৰত নেতৃত্ব দিছে পূৰ্বৰ মৰিয়নি টাউন কমিটিৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট ক্ৰীড়া সংগঠক পিকলু ৰয় আৰু প্ৰাক্তন উপ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াই৷ উল্লেখ্য, পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিত ৰূপজ্যোতি কুৰ্মীয়ে সম্পূৰ্ণ পক্ষপাতিত্বৰে পূৰ্বৰ বিজেপিৰ সক্ৰিয় নেতা কৰ্মীসকলক বঞ্চিত কৰি তেওঁৰ লগত কংগ্ৰেছৰ পৰা যোৱা নতুন বিজেপি সদস্য সকলক প্ৰাৰ্থিত্ব প্ৰদান কৰে৷ যাৰ বাবে পুৰণি বিজেপি কৰ্মীসকলে বিদ্ৰোহী প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু দহটা ৱাৰ্ডৰ ভিতৰত আঠটাই দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, এই সকলৰ ভিতৰত প্ৰায় সংখ্যকেই প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ অনুগামী৷ এই সকলৰ ভিতৰত ৰ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰা প্ৰদীপ দাস, ২ নং ৱাৰ্ডৰ শংকৰ চক্ৰৱৰ্তী, ৩ নং ৱাৰ্ডৰ কাজল ভট্টাচাৰ্য, ৪ নং ৱাৰ্ডৰ পিকলু ৰয়, ৫নং ৱাৰ্ডৰ ৰঞ্জুশ্ৰী দাস,৯ নং ৱাৰ্ডৰ বিশ্বপ্ৰভা শইকীয়াই নিৰ্দলীয় ভাৱে পৌৰসভা গঠনৰ বাবে সাজু হৈ উঠিছে৷ অৱশ্যে, নিৰ্দলীয়ভাৱে জয়লাভ কৰা ৪ নং ৱাৰ্ডৰ গায়ত্ৰী চক্ৰৱৰ্তীয়ে ৰূপজ্যোতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ যোগদানৰ বাবে সাজু হৈ আছে যদিও অকলে বিজেপিত যোগদান কৰিলে কোনো লাভ নোহোৱাৰ আশা দেখি থমকি ৰৈছে বুলি জানিব পৰা গৈছে৷ গায়ত্ৰী চক্ৰৱৰ্তীক নিৰ্বাচনত ৰূপজ্যোতিয়ে ভিতৰুৱাকৈ সহায় কৰিছিল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, বিজেপিৰ প্ৰাৰ্থী হিচাপে কেৱল ৬ নম্বৰ ৱাৰ্ডৰ কস্তুৰী আগৰৱালা গগৈ আৰু জ্জ নং ৱাৰ্ডৰ চুমকি মজুমদাৰ দত্তইহে জয়লাভ কৰিবলৈ সক্ষম হয়৷ এতিয়া নিৰ্দলীয় সদস্যসকলে নিজাববীয়াকৈ পৌৰসভা গঠনৰ বাবে দৃঢ় স্থিতি গ্ৰহণ কৰাত ৰূপজ্যোতিৰ মুখৰ মাত হেৰাইছে বুলি জানিব পৰা গৈছে৷

ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছতো শিৱসাগৰ পৌৰসভাৰ পৌৰপতি-উপপৌৰপতি নিৰ্বাচন কৰিব পৰা নাই বিজেপি মিত্ৰদলে

শিৱসাগৰ পৌৰসভাৰ ফলাফলত ১৪টা ৱাৰ্ডৰে গঠিত পৌৰসভাৰ ১২ টাকৈ ৱাৰ্ড দখল কৰা বিজেপি মিত্ৰদলে ফলাফল ঘোষণাৰ পাঁচটা দিনৰ পাছতো পৌৰপতি, উপ-পৌৰপতি নিৰ্বাচন কৰিব নোৱৰাকলৈ শিৱসাগৰত সাধাৰণ ৰাইজৰ মাজত উৎকণ্ঠা আৰু চৰ্চা আৰম্ভ হৈছে৷ উল্লেখ্য যে, শেহতীয়াকৈ ঘোষিত শিৱসাগৰ পৌৰসভাৰ ১৪খন আসনৰ ভিতৰত কেৱল দুখন আসনতে জয়লাভ কৰিবলৈ সক্ষম হোৱা ৰাইজৰ দলৰ বিপৰীতে পৌৰসভাখনৰ ১৪টা ৱাৰ্ডৰ ভিতৰত পোনপটীয়াকৈ বিজেপিয়ে ১০খন আসন লাভ কৰাৰ লগতে সহযোগী দল অগপই দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ তথাপিও কিন্তু সুদীৰ্ঘ পাঁচটা দিন অতিক্ৰম কৰাৰ পাছতো কিয় ৰাজনৈতিক দল দুটাই পৌৰপতি, উপ-পৌৰপতি নিৰ্বাচিত কৰিব পৰা নাই তাক লৈয়েই অব্যাহত আছে এই চৰ্চা৷ একে সময়তেই ৰাইজৰ মনত উদয় হৈছে শিৱসাগৰ পৌৰসভাৰ নতুন পৌৰপতি অগপৰ নে বিজেপিৰ পৰা হ’ব৷ ইয়াৰ সমান্তৰালভাৱে উত্থাপন হোৱা আনটো প্ৰশ্ন হৈছে যে পৌৰপতিজন পুৰুষ হ’ব নে মহিলা হ’ব? এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ বৰ্তমানেও বিজেপি অথবা অগপৰ নেতৃত্বই মুখ খোলা নাই যদিও দুয়োটা দলেই পৌৰসভাৰ পৌৰপতিৰ আসনত নিজৰ দলৰ প্ৰাৰ্থীক বহুৱাবলৈ তলে তলে প্ৰচেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে৷ তথাপিও শিৱসাগৰ পৌৰসভাৰ পৌৰপতিৰ আসনখন যে বিজেপিয়ে নিজৰ লগত ৰাখিব সেয়া প্ৰায় স্পষ্টহৈ পৰিছে৷ ইফালে আন এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, উপ-পৌৰপতিৰ আসনখন সম্ভৱতঃ মিত্ৰদল অগপক এৰি দিব পাৰে বিজেপিয়ে৷ সেয়া কাৰ্যতঃ কিমান দূৰ সম্ভৱ হ’ব সেয়াও এক লক্ষণীয় বিষয় হৈ পঢ়িব৷ কিন্তু সবাতোকৈ চৰ্চিত বিষয়টো হৈছে যে পৌৰসভাখনৰ পৌৰপতি হ’ব কোন? উল্লেখ কৰাৰ প্ৰয়োজন যে শিৱসাগৰ পৌৰসভাৰ ১৪টা ৱাৰ্ডৰ ভিতৰত ৰ নং আৰু ২ নং ৱাৰ্ডৰ পৰা ৰাইজৰ দলৰ হৈ ক্ৰমে আচিফা জামান আৰু জিয়াফাৰুল ইছলাম বড়া জয়ী হোৱাৰ বিপৰীতে ৱাৰ্ড নং ৩ ৰ পৰা অগপৰ প্ৰাৰ্থী দিপু হাজৰিকা, ৱাৰ্ড নং ৯ ৰ পৰা অগপৰ সঞ্জীৱ বৰাৰ লগতে ৱাৰ্ড নং ৪ ৰ পৰা সুৰভী শইকীয়া, ৱাৰ্ড নং ৫ ৰ পৰা নৱাল কিশোৰ খান্দেলীয়া, ৱাৰ্ড নং ৬ ৰ পৰা সমীৰ দত্ত, ৱাৰ্ড নং ৭ পৰা বন্তী হাজৰিকা, ৱাৰ্ড নং ৮ৰ পৰা স্মৃতি ৰেখা দত্ত, , ৱাৰ্ড নং ১০ ৰ পৰা উপমা বৰা, ৱাৰ্ড নং ১১ ৰ পৰা মিনালী কোঁৱৰ, ৱাৰ্ড নং ১২ ৰ পৰা জ্যোতি দত্ত, ৱাৰ্ড নং ১৩ ৰ পৰা ফৌজিয়া নাজনিন খান আৰু ৱাৰ্ড নং ১৪ জুলি পাটৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল৷ বিজেপিৰ যি ১০ জন প্ৰাৰ্থী পৌৰসভাখনলৈ জয়ী হৈ আহিছে ইয়াৰে মৃণালী কোঁৱৰে দ্বিতীয়বাৰৰ বাবে জয়ী হোৱাৰ বিপৰীতে বাকী আটাইকেইজন প্ৰাৰ্থীয়েই হ’ল প্ৰথমবাৰৰ বাবে জয়ী হোৱা প্ৰাৰ্থী৷ এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে বিগত পাঁচ বছৰে শিৱসাগৰ পৌৰসভাখন বিজেপিৰ দখলত আছিল৷ বিভিন্ন দুৰ্নীতি-অনিয়মৰ অভিযোগেৰে কাৰ্যকাল অন্ত পলোৱা পৌৰসভাখনৰ একাংশ ৱাৰ্ড কমিছনাৰৰ কৰ্মকাণ্ডত একপ্ৰকাৰে অতিষ্ঠ হৈ পৰিছিল গৰিষ্ঠসংখ্যক পৌৰ নাগৰিক৷ যাৰ বাবে এইবাৰৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে পূৰ্বৰ পৌৰপতি, উপ -পৌৰপতিসহিতে মুঠ ১৩জনক দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সাহস কৰা নাছিল৷  বৰ্তমান মিত্ৰদলসহিতে ১৪টা ৱাৰ্ডৰ ভিতৰত ১২টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে শিৱসাগৰ পৌৰসভাখনৰ পৌৰপতি আৰু উপ-পৌৰপতি হিচাপে কাক নিৰ্বাচন কৰিব ইয়াক লৈ বিপাঙত পৰিছে৷ যিহেতু পৌৰপতি অথবা উপ-পৌৰপতি হিচাপে  বিজেপিয়ে সহযোগী দল অগপক কোনোবা এখন আসন এৰিব লাগিব৷ তেনেস্থলত সময়েহে ক’ব কাৰ কান্ধত ন্যস্ত থাকিব ঐতিহাসিক শিৱসাগৰৰ জ্বলন্ত সমস¸্যাসমূহ সমাধানৰ গুৰুদায়িত্ব৷