Logo
image

আত্মবিশ্বাস-আত্মবিনাশ, আশা হতাশাৰ মাজত জীৱনৰ প্ৰথম পৰীক্ষা

আৰম্ভ হ’ল মেট্ৰিক, উচ্ছতৰ মাধ্যমিক

আমাৰ অসম ১৬মাৰ্চঃ এটা সময়ত মেট্ৰিক মানে দেওনা আছিল আৰু জীৱনৰ প্ৰথমটো বৃহত্তম পৰীক্ষাক লৈ পৰীক্ষাৰ্থী আৰু অভিভাৱক সকলোৰে মনত চৰম উদ্বিগ্নতাৰ লগতে তীব্ৰ প্ৰত্যাশাৰো জন্ম হৈছিল৷ কিন্তু কালক্ৰমত মেট্ৰিকৰ সেই ‘মিথ’ ভাগি গ’ল আৰু পৰীক্ষাৰ্থীয়ে ‘জাষ্ট আনাডাৰ এক্সাম’বুলি উৎকণ্ঠা অবিহনে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা হ’ল৷ কিন্তু যোৱা দুবছৰকাল ধৰি ক’ভিড নামৰ অতিমাৰীয়ে দেশৰ লগতো অসমৰ শিক্ষাক্ষেত্ৰত যি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিলে, তাৰ ফলত পুনৰ মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰীক্ষাৰ্থীৰ বাবে আত্মবিনাশ, আত্মবিশ্বাস, আশা আৰু হতাশালৈ পৰিৱৰ্তিত হ’ল৷ বিগত দুবছৰত ক’ভিড পৰিস্থিতিত বন্ধ হৈ পৰা স্কুল-কলেজৰ অনলাইন শিক্ষা পদ্ধতিয়ে বহু শিক্ষাৰ্থীৰ মনলৈ আত্মবিনাশৰ ভাব কঢ়িয়াই আনিলে৷ আত্মবিনাশৰ সেই ৰূপ প্ৰতিফলিত হ’ল ৰাজ্যৰ দুখনকৈ স্থানত, য’ত দুগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে জীৱনৰ প্ৰথম বা দ্বিতীয়টো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই আত্মহত্যা কৰিলে৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত ভৈৰৱী দেৱালয়ৰ চৌহদত কৰ্মচাৰীৰ বাবে থকা ঘৰত নীলোৎপল কলিতা নামৰ দৰং মহাবিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনাই পৰীক্ষাক লৈ সৃষ্টি হোৱা অনিশ্বয়তাৰ বাবে আত্মবিনাশৰ পথেৰে আগবাঢ়ি যোৱাটোকে প্ৰতিফলিত কৰিছে৷ অথচ দুবছৰৰ পূৰ্বে নীলোৎপলে মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈ উজ্জ্বল ভৱিষ্যতৰ ইংগিত দিছিল৷ সম্ভৱতঃ যোৱা দুবছৰত ক’ভিড অতিমাৰীৰ ফলত স্কুল-কলেজ বন্ধ হৈ পৰাত, নিয়মীয়া শিক্ষাদানৰ পৰা বঞ্চিত হৈ মেধাৱী ছাত্ৰজনে আত্মবিশ্বাস হেৰুৱাই আত্মবিনাশৰ পথকে বাছি ল’লে৷ একেদৰে অভয়াপুৰীৰ সমীপৰ আমতোলাত সোমবাৰে নিশা আত্মহত্যা কৰিলে মঙলবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থী পবন ৰায়ে৷ পবনে আত্মহত্যা কৰাৰ আগলৈকে ভ্ৰাতৃৰ সৈতে মনোযোগ দিয়েই পঢ়া-শুনা কৰি আছিল৷ পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ এই দুই ঘটনাই বিগত দুবছৰত ক’ভিডৰ বাবে সৃষ্টি হোৱা শিক্ষাক্ষেত্ৰৰ অনিশ্চিত ছবিখনকে পৰিস্ফূট কৰিছে৷ যোৱা দুবছৰত উন্নত আৰু ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানত নিয়মিতভাৱে অনলাইন পাঠদান চলি আছিল৷ অনলাইন পাঠদানৰ পৰা বঞ্চিত হৈছিল চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ অনলাইন পাঠদান আৰু সামগ্ৰিকভাৱে শিক্ষাদানৰ পৰা বঞ্চিত তেনে ছাত্ৰ-ছাত্ৰীয়ে আত্মবিশ্বাস হেৰুৱাই পেলোৱাতো তেনেই স্বাভাৱিক ঘটনা৷ এটা কম্পিউটাৰ, লেপটপ বা স্মাৰ্টফোনৰ অভাৱত অনলাইন শিক্ষাৰ পৰা যোৱা দুবছৰত ৰাজ্যত লাখ লাখ শিক্ষাৰ্থী বঞ্চিত হৈছে৷ অনলাইন পাঠদানৰ সুযোগ পোৱাসকলৰ তুলনাত নোপোৱাসকল সম্পূৰ্ণভাৱে শিক্ষাদানৰ পৰাই বঞ্চিত হৈছে৷ আনহাতে, যোৱা দুবছৰ ধৰি অনলাইনত পৰীক্ষা দি থকাসকলো এতিয়া পৰীক্ষাগৃহত গৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত ভীতিবিহ৩ল হৈ পৰিছে৷ এটা পৰীক্ষা ‘ফ’বিয়া’ই সকলোকে কোচখুৱাই দিছে আৰু হীনমান্যতাত ভুগিছে৷ বিগত দুবছৰত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে, শাৰীৰিকভাৱে, আৰ্থিকভাৱে আৰু সামাজিকভাৱে ভাগি পৰিছে৷ ইয়াৰ ফলাফল হৈছে আত্মবিশ্বাসৰ প্ৰৱণতা আৰু পৰীক্ষা আৰম্ভ হোৱাৰ দিনটোতে তেনে দুটা কৰুণ ঘটনাই ৰাজ্যখনক জোকাৰি গৈছে৷ এনে এক নেতিবাচক আৰম্ভণিৰ মাজতো একাংশ পৰীক্ষাৰ্থীক লৈ সৃষ্টি হৈছে আশা, উজ্বল হৈ পৰিছে আত্মবিশ্বাসৰ দ্যুতি৷ চিৰাজুলি পৰীক্ষাকেন্দ্ৰত ভৰিৰে লিখি পৰীক্ষাত অৱতীৰ্ণ হোৱা সুদীপ্তা ভৌমিক নামৰ ছাত্ৰীগৰাকীয়ে কেৱল আ(ৰ্যৰ সৃষ্টি কৰিয়েই ক্ষান্ত থকা নাই, আত্মবিশ্বাসৰ প্ৰৱলতম উদাহৰণ দাঙি ধৰিছে৷ জন্মৰ পৰাই দুয়োখন হাত অচল আৰু ডিঙি ভালদৰে লৰচৰ কৰিব নোৱাৰা সুদীপ্তাই ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাতো চৰম হতাশা আৰু আত্মবিশ্বাসহীনতাৰ মাজত ৰাজ্যৰ শিক্ষাক্ষেত্ৰত সীমাহীন প্ৰত্যাশা আৰু প্ৰৱল আত্মবিশ্বাসৰ বিষয়৷ আনহাতে, তিনিটাকৈ সন্তানৰ মাতৃ, এগৰাকী ৪৫ বছৰীয়া অংগনৱাড়ী কৰ্মী, মহিলায়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰত্যাশাক জীয়াই ৰাখিছে৷ দুৰ্ঘটনাগ্ৰস্ত ছাত্ৰই ভৰিত প্লাষ্টাৰ বান্ধি পৰীক্ষা দিয়াটোও আশাৰে বতৰা৷ অৱশ্যে তাৰ মাজতে ৰাজ্যৰ বিভিন্ন পৰীক্ষাকেন্দ্ৰত অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীক নিলম্বিত কৰাটো চিৰাচৰিত ঘটনা যেন হৈ পৰিছে৷

বিজনীত মেট্ৰিক পৰীক্ষাৰ্থীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ 

চিৰাং জিলাৰ বিজনীত এক গণধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে৷ গাড়ীগাঁৱৰ গণ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে গণধৰ্ষণ ঘটনা৷ এইবাৰ তিনি পাষণ্ডই অমানৱীয়ভাৱে ধৰ্ষণ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰীক৷ এই ঘটনা চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত এলেকাত৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পাণবাৰী থানাৰ আৰক্ষীয়ে ছাইফুল ইছলাম [২৩] নামৰ এজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে যদিও আন দুটা ধৰ্ষণকাৰী জিয়াদুৰ ৰহমান [২১] আৰু মফিজ আলী [২০] বৰ্তমান পলাতক অৱস্থাত আছে৷ তিনিওৰে ঘৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং গৰাইমাৰীত৷  উল্লেখ্য ১০ মাৰ্চৰ সন্ধিয়া তিনি পাষণ্ডই ছাত্ৰী গৰাকীক অপহৰণ কৰি নি বগৰীগুৰীৰ এখন পথাৰত দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ যায়৷ পাছত ছাত্ৰীগৰাকীয়ে নিশা দুই মান বজাত স্থানীয় মানুহ এঘৰত সহায় বিচাৰি সোমোৱাত ধৰ্ষণকাণ্ডৰ কথা পোহৰলৈ আহে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীক গণধৰ্ষণ কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ এইক্ষেত্ৰত ধৰ্ষণকাৰী কেইটাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে দল-সংগঠনৰ লগতে পৰিয়ালৰ লোকে৷ আৰক্ষীয়ে ধৰ্ষণকাণ্ডৰ চাৰিদিন উকলি যোৱাৰ পিছতো দুই পাষণ্ডক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত এবিএমছুৱে আৰক্ষীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সংগঠনটোৰ নেতৃত্বই হুংকাৰ দিছে৷ আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি আমছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদে ধৰ্ষণকাণ্ডৰ গৰিহণা দিয়াৰ লগতে চাৰি দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে দুটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যত সন্দেহ প্ৰকাশ কৰি অসম আৰক্ষীক স্মাৰ্ট কৰি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়৷

তেজপুৰৰ ভৈৰৱী দেৱালয়ৰ চৌহদত ছাত্ৰৰ আত্মহত্যা

তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কলিবাৰীৰ ঐতিহ্যমণ্ডিত ভৈৰৱী দেৱালয় চৌহদত দেৱালয়ৰ কৰ্মচাৰীৰ বাবে থকা এটা গৃহত নিলোৎপল কলিতা নামৰ দৰং মহাবিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰই আত্মহত্যা কৰা ঘটনাই আজি তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, দৰং জিলাৰ মঙলদৈৰ পৰা আহি তেজপুৰৰ ভৈৰৱী দেৱালয়ত দেউৰীৰ দায়িত্ব পালন কৰা চণ্ডী কলিতাৰ পুত্ৰ নিলোৎপল উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আছিল৷ ঘটনা সন্দৰ্ভত নিলোৎপলৰ শোকত ভাঙিপৰা পিতৃয়ে প্ৰকাশ কৰে যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হোৱা নিলোৎপলৰ উজ্জ্বল শৈক্ষিক ভৱিষ্যতৰ বাবেই পিতৃয়ে তেজপুৰৰ দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল৷ পিতৃৰ সৈতে দেৱালয়খনৰ চৌহদতে থকা মন্দিৰৰ কৰ্মচাৰীৰ গৃহত বাস কৰিছিল৷ মেধাৱী ছাত্ৰজনে এটা পৃথক কোঠাত নিশা দুপৰলৈকে নিয়মীয়াকৈ পঢ়িছিল বুলি প্ৰকাশ কৰি পিতৃয়ে কয় যে, আজিৰে পৰা আৰম্ভ হোৱা উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী নিলোৎপলে পৰীক্ষাৰ আগদিনা ভৈৰৱী দেৱালয়ত নিজেই শৰাই আগবঢ়োৱাৰ উপৰি ঢোল আাদিও বজাইছিল৷ দিনত সুবিধা পালেই দেৱালয়ৰ কামতো সহায় কৰা ছাত্ৰজনৰ পিতৃ তিনিদিনৰ বাবে মঙলদৈৰ ঘৰলৈ গৈ  আগদিনাখন উভতি আহিছিল৷ নিশাৰ আহাৰ গ্ৰহণ কৰি আন এটা কোঠাত পূৰ্বৰ দৰেই পঢ়িবলৈ যোৱা পুত্ৰক শুই পৰা পিতৃয়ে নিশা প্ৰায় এক বজাত এবাৰ ফোন কৰিছিল যদিও কোনো উত্তৰ লাভ নকৰাত পুনৰ পুৱা চাৰি বজাত ফোন কৰে৷ সেইবাৰো তেওঁ নিলোৎপলৰ সঁহাৰি নোপোৱাত পুত্ৰই দেৰিলৈকে পঢ়ি শুইপৰা বুলি ভাবে যদিও পুৱা ১০বজালৈকে নিলোৎপল উঠি নহাত পিতৃয়ে গৈ এখন খিড়িকীৰ জলঙাৰে নিৰ্দিষ্ট কোঠাটোৰ ভিতৰলৈ জুমি চোৱাত নিলোৎপলক চিলিং ফেনত চিপলোৱা অৱস্থাত দেখা পাই হুৱাদুৱা লগায়৷ কাষৰে আন কেইবাজনো যুৱকৰ সহায়ত ভিতৰৰ পৰা বন্ধ দুৱাৰখনৰ চিটকানি ছিঙি নিলোৎপলৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি বহুসংখ্যক লোক দেৱালয় চৌহদত উপস্থিত হোৱাৰ উপৰি তেজপুৰ সদৰ থানাৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ নিলোৎপলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ আনহাতে, এই শোকাৱহ ঘটনাটোৰ আঁৰৰ কোনো কাৰণ এইপৰ্যন্ত নিশ্চিত হোৱা নাই৷ উল্লেখ্য যে, কালি দিনত কোনোধৰণৰ অস্বাভাৱিক আচৰণ নিলোৎপলে কৰা নাছিল বুলি প্ৰকাশ কৰিছে দেৱালয়ৰ একাধিক ব্যক্তিয়ে৷ এজন মেধাৱী যুৱকৰ এনে অস্বাভাৱিক মৃত্যুত ৰাইজে শোক প্ৰকাশ কৰিছে৷ 

অভয়াপুৰীত মেট্ৰিকৰ আগনিশা চিপ ল’লে ছাত্ৰই

অভয়াপুৰীৰ নিকটৱৰ্তী আমতোলাত সোমবাৰে নিশা  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এজন পৰীক্ষাৰ্থীয়ে চিপলৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ ঘটনাৰ প্ৰাপ্ত বাতৰি মতে, আমতোলা গাঁৱৰ শনিলাল ৰায়ৰ পুত্ৰ পৱন ৰায়ে [১৭] নিশা কাণসমনীয়া ভাতৃৰ সৈতে নিজগৃহত পঢ়া-শুনা কৰি আছিল৷ এটা সময়ত পৱনে শৌচালয়লৈ যাঁও বুলি কৈ পঢ়া টেবুল এৰি ওলাই আহে৷ বহু সময়ৰ পাছতো পৱন উভতি নহাত পৰিয়ালৰ লোকে শৌচালয়ৰ কাষলৈ গৈ পৱনক বিচাৰে যদিও সন্ধান নোপোৱাত হুৱা-দুৱা লাগে৷ পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানতে পৱনক বিচৰাৰ পাছতো সন্ধান নোপোৱাত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ ইয়াৰ মাজতেই কোনো লোকে নিশা ১১মান বজাত ঘৰৰ কাষতে থকা আমগছ এজোপাত চিপলৈ থকা অৱস্থাত পৱনক প্ৰত্যক্ষ কৰে৷ লগে লগে এই সম্পৰ্কত উত্তৰ শালমাৰা আৰক্ষীক খবৰ দিয়া হয়৷ আৰক্ষীৰ লোক মৃত ছাত্ৰজনৰ ঘৰত উপস্থিত হৈ মৃতদেহটো নমাই অনাৰ লগতে আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, মৃত পৱন উত্তৰ শালমাৰা ডি পি এম হাইস্কুলৰ ছাত্ৰ হোৱাৰ লগতে আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল৷ নিজ স্কুলৰ কেন্দ্ৰতে পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনে কালি একেলগে অধ্যয়ন কৰা ভাতৃৰ সৈতে গৈ নিজৰ আসনৰ অৱস্থিতি উমান লৈ আহিছিল৷ ইয়াৰ পাছতো ছাত্ৰজনে কিয় আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে সেয়া জানিব পৰা হোৱা নাই যদিও পাঠ্যক্ৰমৰ বোজা সহিব নোৱাৰিয়েই এনে অবাঞ্চিত পথ বাছি লোৱা বুলি বহুতেই সন্দেহ প্ৰকাশ কৰিছে৷

মূল উত্তৰ-বহীৰ পৰিৱৰ্তে দিলে অতিৰিক্ত পৃষ্ঠা 

 হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও চৰকাৰী উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এটা কোঠাত নিয়োজিত এজন নিৰীক্ষকৰ দায়িত্বজ্ঞানহীনতাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক চিন্তিত কৰি তোলাৰ লগতে পৰীক্ষাৰ্থীসকলে অনিশ্বয়তাত ভুগিছে৷ প্ৰাপ্ত অভিযোগ মতে, নগাঁও চৰকাৰী উচ্ছতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ৫নং কোঠাত আজি ইংৰাজী বিষয়ৰ পৰীক্ষাত নিয়োজিত নিৰীক্ষকজনে পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত মূল উত্তৰ-বহীৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত উত্তৰ-বহীৰ পৃষ্ঠা প্ৰদান কৰে৷ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে উক্ত অতিৰিক্ত পৃষ্ঠাত প্ৰশ্নৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰে৷ পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় আধাঘণ্টামানৰ পাছত কোঠাটোলৈ অহা আন এজন নিৰীক্ষকৰ বিষয়টো চকুত পৰাত তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ মূল উত্তৰ-বহী প্ৰদান কৰে৷ ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত পৃষ্ঠা চাৰিটাত উত্তৰ লিখি প্ৰায় সম্পূৰ্ণ কৰে৷ আনহাতে, পৰৱৰ্তী সময়ত বাকী প্ৰশ্নৰ উত্তৰ মূলবহীত লিখি সম্পূৰ্ণ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে মূল উত্তৰ-বহীৰ তিনি-চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ অৱশিষ্টভাৱে থাকি যায়৷ তেনে অৱস্থাত আৰম্ভণিতে লিখি আদায় কৰা অতিৰিক্ত উত্তৰ-বহীৰ পৃষ্ঠা চাৰিটা মূলবহীৰ লগত সংলগ্ন কৰি দিয়া হয়৷ ফলত মূল উত্তৰবহীৰ পাছৰ ফাললৈ তিনি-চাৰিটাকৈ পৃষ্ঠা একো নিলিখাকৈ খালি হৈ থকাৰ পাছত অতিৰিক্ত চাৰিটা পৃষ্ঠাৰ উত্তৰসমূহ সংলগ্ন হৈ পৰে৷ এজন নিৰীক্ষকৰ ভুলৰ বাবে মূল উত্তৰ-বহীৰ তিনি-চাৰিটাকৈ পৃষ্ঠাত একো নিলিখাকৈ খালী হৈ থকাৰ পাছত অতিৰিক্ত পৃষ্ঠাত উত্তৰ লিখিবলগীয়া হোৱা বিষয়টোৱে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক চিন্তিত কৰি তুলিছে৷ ইপিনে এই বিষয়টোক লৈ চিন্তিত একাংশ অভিভাৱকে সমগ্ৰ বিষয়টো নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক অৱগত কৰে৷ 

মৈৰাবাৰীত পৰীক্ষাৰ্থী নিলম্বিত

অতি শান্তিময় আৰু নিৰাপত্তা পৰিৱেশত অনুষ্ঠিত মৈৰাবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত  প্ৰথম দিনাই এগৰাকী ছাত্ৰীক পৰীক্ষাৰ পৰা নিলম্বন কৰে৷ ছাত্ৰীগৰাকীয়ে পৰীক্ষাত নকলৰ নিচিনা অসৎ পন্থা অৱলম্বন কৰিছিল৷ ছাত্ৰীগৰাকীৰ নাম হ’ল ছাবিকুন নাহাৰ৷ উল্লেখ্য যে, মৈৰাবাৰী অঞ্চলতে থকা ৯ খন বিদ্যালয়ৰ মুঠ ১০৯৪জন শিক্ষাৰ্থীয়ে মৈৰাবাৰী হাইস্কুলত অনুষ্ঠিত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে দলৈগাঁৱৰ পৰীক্ষা কেন্দ্ৰত মুঠ ৬৮৪জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ আজি নিলম্বিত ছাত্ৰীগৰাকী হ’ল মৈৰাবাৰী জাতীয় বিদ্যালয়ৰ পৰীক্ষাৰ্থী৷

গোৱালপাৰাত দুগৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ

মঙলবাৰৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হৈছে৷ শিক্ষা জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এই পৰীক্ষাৰ বাবে আজি পুৱাৰে পৰা পৰীক্ষাৰ কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলে ভিৰ কৰা পৰিলক্ষিত হয়৷ গোৱালপাৰা জিলাত অনুষ্ঠিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা দুগৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰাৰ বাহিৰে সুকলমে অনুষ্ঠিত হৈ যায়৷ জিলা স্কুলসমূহৰ পৰিদৰ্শক ছাদুল্লা খানে জনোৱা মতে, এইবাৰ গোৱালপাৰা জিলাৰ ৩০টা কেন্দ্ৰত মুঠ ১৪, ৯১৩জন পৰীক্ষাৰ্থীৰ ভিতৰত ১৪, ১১৪জন পৰীক্ষাৰ্থীয়ে আজি অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ৭৯৯জনে অনুপস্থিত থাকে৷ জিলাখনৰ ৩০টা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা সুকলমে পৰিচালনা কৰিবলৈ ৪১জন এছ অ’ নিয়োগ কৰাৰ লগতে কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ তিনিটা ফ্লায়িং স্কোৱাড নিয়োগ কৰা হয়৷ আজি আগবেলা অনুষ্ঠিত হোৱা ইংৰাজী বিভাগৰ পৰীক্ষাত জিলাখনৰ শিমুলবাৰী আৰু ফেটেঙাপাৰা পৰীক্ষা কেন্দ্ৰত অসৎ উপায় অৱলম্বন কৰা এজন পৰীক্ষাৰ্থীক বহিষ্কাৰ খৰা হয়৷ ইপিনে আজি পিছবেলাৰ পৰা অনুষ্ঠিত হোৱা উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জিলাখনৰ ২১টা কেন্দ্ৰত মুঠ ৬,০৭১জন পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়৷ 

চিৰাজুলিত ভৰিৰে লিখি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ সুদিপ্তা

বিশেষভাৱে সক্ষম সুদিপ্তা ভৌমিক নামৰ এগৰাকী ছাত্ৰী এইবাৰ অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ বিশেষভাৱে সক্ষম সুদিপ্তাৰ মুখত পৰীক্ষাক লৈ যিমানেই উৎকণ্ঠা সিমানেই আনন্দ, হাঁহি৷ পুৱাই চিৰাজুলি উচ্ছ ইংৰাজী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত দেউতাকৰ সৈতে উপস্থিত হয়হি সুদিপ্তা৷ সুদিপ্তাক লৈ সকলোৰে আশা৷ সুদিপ্তাৰ আছে বিশেষ প্ৰতিভা৷ চিত্ৰ অংকন আৰু নৃত্যত পাৰ্গত সুদিপ্তা ভৌমিক নামৰ ছাত্ৰীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি অৱতীৰ্ণ হৈছে পৰীক্ষাত৷ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত এনেদৰেই ভৰিৰে লিখি পৰীক্ষা দিলে সুদিপ্তাই৷ চিৰাজুলি উচ্ছ ইংৰাজী বিদ্যালয় কতৃৰ্পক্ষই ছাত্ৰীগৰাকীৰ বাবে কৰি দিছে বিশেষ ব্যৱস্থা৷ বিদ্যালয়ৰ পুথিভঁৰালত আঁচুতীয়া কোঠাত সুদিপ্তাই ভৰিৰে লিখিছে৷ জন্মৰ পৰাই দুয়োখন হাত অচল আৰু ডিঙিটো ভালদৰে লৰচৰ কৰিব নোৱৰা সুদিপ্তাৰ পৰা ভাল ফলাফল আশা কৰিছে চিৰাজুলি উচ্ছ ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে৷ সকলোৰে মুখত এটাই কথা ভগৱানে হাত দুখন আৰু ডিঙিটো অচল কৰিলে, কিন্তু ভৰিৰে লিখি পৰীক্ষা দি সুদিপ্তাই তাক প্ৰত্যাহ্বান জনাইছে৷ সুদিপ্তা সকলোৰে বাবে প্ৰেৰণাৰ উৎস হওক৷

ৰঙিয়াত পৰীক্ষাৰ পৰা বঞ্চিত দুই ছাত্ৰ-ছাত্ৰী

ৰঙিয়াত পৰীক্ষা দিবলৈ আহি বিফল মনোৰথেৰে উভতিব লগা হ’ল দুই ছাত্ৰ-ছাত্ৰী৷ এনে কৰুণ ঘটনা সংঘটিত হ’ল ৰঙিয়াত৷ বিদ্যালয় কতৃৰ্পক্ষৰ ভুলৰ বাবেই উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰা বঞ্চিত হ’ল দুই ছাত্ৰ-ছাত্ৰী৷ ছাত্ৰ-ছাত্ৰী দুজন হৈছে ৰঙিয়াৰ অক্সফোৰ্ড একাডেমীৰ৷ ছাত্ৰ-ছাত্ৰী দুজনে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি এডমিট দিম বুলি কৈ পৰীক্ষাৰ দিনাও এডমিট নিদিলে৷ পৰীক্ষাৰ দিনাও বিদ্যালয় কতৃৰ্পক্ষই এডমিট নিদিয়াত বিদ্যালয়খনৰ জিণ্টু শৰ্মা আৰু ৰেখা বড়ো পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ব লগা হয়৷ পৰীক্ষা আৰম্ভ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰী দুজনে অসহায়ভাৱে গেটৰ সন্মুখত ৰৈ থকাৰ দৃশ্যই বহুতক দুখ দিয়ে৷ ইফালে অক্সফোৰ্ড একাডেমীয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই৷

নগাঁৱত ৮ পৰীক্ষাৰ্থীক বহিষ্কাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী পৰীক্ষাত ৮ জন পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত নিৰীক্ষকে বহিষ্কাৰ কৰে৷ ধিং বেচামাৰী এম আই উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ৪জন, জুৰীয়া ফকৰউদ্দিন আলী আহমেদ হাইস্কুলৰ ৩জন আৰু লাওগাঁও হাইস্কুল পৰীক্ষা কেন্দ্ৰত এজন ছাত্ৰক বহিষ্কাৰ কৰা হয়৷ উল্লেখ্য, ইয়াৰে লাওগাঁও হাইস্কুলত এইবাৰ প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে৷ আজি অনুষ্ঠিত পৰীক্ষাত দুজনকৈ নিৰীক্ষকক নিলম্বন কৰিছে বিদ্যালয় সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে৷ এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দি তেওঁ কয় যে আজিৰ দিনটোত তেওঁ পাঁচটাৰো অধিক পৰীক্ষা কেন্দ্ৰ নিজে পৰিদৰ্শন কৰিছে৷ ইফালে, এইবাৰ নগাঁও জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৬,৬৩৬ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ অসম হাই মাদ্ৰাছা পৰীক্ষাত জিলাখনত ৬১৮২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ২২,৮১৮ জন পৰীক্ষাৰ্থীয়ে ৪৫টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে সম্ভৱপৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ 

‘পুৰণি প্ৰশ্নকাকতেৰে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক’

‘চৰকাৰৰ আওকণীয়া মনোভাৱ আৰু দুৰ্বল আন্তঃগাঁথনিৰ বাবে এবছৰ পূৰ্বেই ছপা কৰা পুৰণি প্ৰশ্নকাকতেৰে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হ’ল৷ অতি দুভাগ্যজনক কথা যে নতুন প্ৰশ্নকাকত প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ ধন পুনৰ অযথা খৰচ নকৰিলে৷ মঙলবাৰে দিছ্‌পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেল দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এইদৰে কয়৷ তেওঁ লগতে কয়- ৰাজ্যৰ খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰীৰ এই মূল্যৱান পৰীক্ষা কেইটাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰ অলপো চিন্তাশীল নহয় নেকি? একবছৰ পুৰণি প্ৰশ্নকাকত অসমৰ দৰে ৰাজ্যত একাংশ লুভীয়া আৰু দালাল কৰ্মচাৰীৰ হাতত কেনেকৈ সুৰক্ষিত হৈ থাকিব? মনত সন্দিহান ভাব লৈ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাতকৈ নতুন প্ৰশ্নকাকত প্ৰস্তুত কৰাটো আছিল অতি জৰুৰী৷ কিন্তু অসমৰ থলুৱা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে টকা নাই/ তেওঁ অসমৰ জনতাৰ ধন অযথা ব্যয়ৰ পক্ষপাতী নহয়৷ তেনেহ’লে- মুখ্যমন্ত্ৰীয়ে কওক চোন ওদালগুৰিৰ বড়ো নেতা মনেশ্বৰৰ বিয়া খাবলৈ হেলিকপ্তাৰে কিয় গৈছিল? পৌৰসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰ ধন কৰ পৰা ব্যয় কৰা হৈছিল? চৰকাৰী ইভেণ্ট মেনেজমেণ্টৰ নামত যিমান কোটি-কোটি ৰাজহুৱা ধনৰ শৰাধ কৰা হৈছে- তেনে এটা ইভেণ্টৰ খৰচতকৈয়ো ক’ম খৰচত নতুনকৈ প্ৰশ্নকাকত পিণ্ট কৰিব পৰা গ’লহেতেন৷ এয়া কেৱল মাত্ৰ অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ সদিচ্ছাৰ অভাৱ৷