Logo
image

চৰকাৰী ফাইলে খেলে সাপ লুডু!

অভিযোগ স্বয়ং বিধায়কৰ

আমাৰ অসম ১৬ মাৰ্চঃ অসম চৰকাৰৰ ফাইলে খেলে সাপ লুডু৷ ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰ্যালয়ত ফাইলৰ পাহাৰ হৈছে৷ এবছৰত ৯ বাৰ গৈয়ো এজন যোগ্য লোকে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ প্ৰমাণ-পত্ৰ উলিয়াব পৰা নাই৷– এই ভাষ্য কোনো বিৰোধী দলৰ বিধায়কৰ নহয়৷ খোদ বিজেপি বিধায়কে বিধানসভাৰ মজিয়াত দাঙি ধৰিছে এই  বক্তব্য৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙাফিটাৰ মেৰপেচ নাইকিয়া কৰা বুলি দাবী কৰাৰ সময়তে এই কথাক নস্যাৎ কৰি মঙলবাৰে এনে মন্তব্য কৰে বিজেপি বিধায়ক মৃণাল শইকীয়াই৷ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত শূন্যকালীন ঘণ্টাত বিধায়ক শইকীয়াই আৰু কয়– অসম চৰকাৰৰ কাৰ্যালয়সমূহত কৰ্মসংস্কৃতিৰ অভাৱ হৈছে৷ যোৱা পাঁচ বছৰত কেৱল দৰমহাৰ বাবদ ব্যয় হৈছে ২৯,২৫৫ কোটি টকা, পেন্সনৰ বাবদ এবছৰত খৰচ হৈছে ৯২৯৩ কোটি টকা৷ তাৰ পাছতো এবছৰত ৯ বাৰ গৈয়ো কোনো লোকে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰখনকে উলিয়াব নোৱৰাৰ অৰ্থ কি? কোনো লোক অনুসূচিত জাতিৰ হয়নে নহয় তাৰ বাবে মাটিৰ খাজনা দিয়া ৰছিদ কিয় লাগে? অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰৰ সৈতে মাটিৰ খাজনাৰ সম্পৰ্ক কি? আনকি বিধায়ক শইকীয়াৰ এনে বক্তব্য অকপটে স্বীকাৰ কৰিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ তেওঁ কয়– সম্প্ৰতি ৫০ লাখ টকাৰ বাবে এটা ফাইল ১২০খন টেবুল ঘূৰিব লাগে৷ তাৰপাছত ঠিকাদাৰে কাম কৰিবলৈ কিয় ইচ্ছা কৰিব? চৰকাৰৰ কামকাজ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ কৰ্ম-সংস্কৃতি লাগিবই৷ তাৰ লগতে লাগিব প্ৰশাসনিক সংস্কাৰ৷ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰৰ বাবে মাটিৰ খাজনাৰ ৰছিদৰ প্ৰয়োজন নাই৷ প্ৰশাসনিক সংস্কাৰৰ জৰিয়তেহে এই পৰম্পৰা সলনি কৰিব পৰা যাব৷ মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক মৃণাল শইকীয়াৰ ভাষ্যই প্ৰমাণ কৰে যে ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্যালয়সমূহত আজিও বিৰাজমান ৰঙাফিটাৰ মেৰপেচ৷ এনে ৰঙাফিটাৰ মেৰপেচ এতিয়াও কটকটীয়া হৈ আছে অসম চৰকাৰৰ কাৰ্যালয়, বিটিআৰ প্ৰশাসনৰ কাৰ্যালয় বা অন্যান্য ষষ্ঠ অনুসূচী এলেকাৰ কাৰ্যালয়তো৷ উদাহৰণস্বৰূপে বিটিআৰ এলেকাত অসমৰ যিকোনো অঞ্চলৰ লোকে মাটি ক্ৰয় কৰিব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত এই কথা মুঠেও সত্য নহয়৷ আজিও বিটিআৰ এলেকাত এলেকাৰ বাহিৰৰ লোকে বিটিআৰত মাটি ক্ৰয় কৰিব নোৱাৰে৷ আনকি বিটিআৰ এলেকাৰ বাহিৰৰ বড়ো লোকেও বিটিআৰত নিজৰ নামলৈ মাটি পঞ্জীয়ন কৰাব নোৱাৰে৷ ইয়াৰ পূৰ্বে শূন্যকালীন ঘণ্টাত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে বৈঠাপোতা ঘাটৰ সত্ৰৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে বৈঠাপোতা সত্ৰলৈ সদনৰ যৌথ ভ্ৰমণৰ কাৰ্যসূচী হাতত ল’বলৈ আহ্বান জনায়৷ বিভাগীয় মন্ত্ৰী বিমল বড়াই বৈঠাপোতা সত্ৰলৈ শীঘ্ৰেই যৌথ ভ্ৰমণৰ কাৰ্যসূচী লোৱা হ’ব বুলি সদনত সদৰী কৰে৷